Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

এজনীয়া শিক্ষকে পাঠদান কৰিব লগা হৈছে এখন মাজুলীৰ মধ্য ইংৰাজী বিদ্যালয়

গণ বাৰ্তা, ফুলনি, ২৩ ডিচেম্বৰ: মূখ্যমন্ত্ৰী সমষ্টি দ্বীপ জিলা   এখন বিদ্যালয়ৰ । বিদ্যালয় খনৰ নাম বামুনপুখুৰী মধ্য ইংৰাজী বিদ্যালয়। এজনীয়া শি...


গণ বাৰ্তা, ফুলনি, ২৩ ডিচেম্বৰ: মূখ্যমন্ত্ৰী সমষ্টি দ্বীপ জিলা   এখন বিদ্যালয়ৰ । বিদ্যালয় খনৰ নাম বামুনপুখুৰী মধ্য ইংৰাজী বিদ্যালয়। এজনীয়া শিক্ষয়িত্ৰীয়ে  চলিছে মাজুলী এই মধ্য ইংৰাজী বিদ্যালয় | সেইখন বিদ্যালয় অৱস্থিত উজনি মাজুলীৰ কথমিয়া অঞ্চলত। বিদ্যালয় খনৰ নাম বামুনপুখুৰী মধ্য ইংৰাজী বিদ্যালয়। কেবাজনো শিক্ষকে কম দিনৰ ভিতৰতে অৱসৰ গ্ৰহণ কৰাৰ কাৰণে প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ বিদ্যালয় পৰিচালনাৰ ক্ষেত্ৰত বহুতো সমস্যাৰ সন্মুখীন হৈছে | ১৯৮১ চনতে স্থাপন হোৱা এই বিদ্যালয়খনত মাত্ৰ এজন শিক্ষকেৰে পাঠদান কৰিব লগীয়া হৈছে তিনিটাকৈ শ্ৰেণী | গণিত, বিজ্ঞান, ইংৰাজী, অসমীয়া, সমাজবিজ্ঞান আটাইবোৰ বিষয়ৰ পাঠদান কৰিব লাগে এজন শিক্ষকেৰেই | তদুপৰি মধ্যাহ্ন ভোজনকে ধৰি অন্যান্য বিভাগীয় কাম-কাজ আছেই | সহকাৰী শিক্ষক নথকাত শিক্ষকজনে অত্যন্ত প্ৰয়োজন হ'লেও উপভোগ কৰিব নোৱাৰে চৰকাৰী ছুটী | এগৰাকী দক্ষ শিক্ষামন্ত্ৰী থকা সময়তো স্বয়ং মুখ্যমন্ত্ৰীৰ সমষ্টিৰ প্ৰাথমিক শিক্ষাৰ অৱস্থা যদি এনেকুৱা হয়, তেনেহ'লে অসমৰ প্ৰাথমিক শিক্ষা কি পৰ্যায়ত আছে সেয়া সহজে অনুমেয় সচেতন মহলে উদ্বেগ প্ৰকাশ কৰিছে আৰু অতিশীঘ্ৰে বিদ্যালয়খনত প্ৰয়োজনীয় শিক্ষক নিযুক্তি দিবলৈ অভিভাৱক আৰু সচেতন মহলে চৰকাৰক দাবী জনাইছে |

No comments