Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বিটিচিত উদ্ধাৰ হোৱা সকলো অস্ত্ৰই হিমন্ত বিশ্ব শৰ্মাৰঃ গোঁসাইগাঁওত বিপিএফৰ নিৰ্বাচনী সভাত হাগ্ৰামা মহিলাৰীৰ বিস্ফোৰণ

গণ বাৰ্তা, তামাৰহাট ঃ বিটিচি পৰিষদীয়  নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই মন্ত্ৰী—  নেতাৰ প্ৰচাৰ তীব্ৰতৰ হৈ পৰিছে  । চৰম পৰ্যায়ত উপ...

গণ বাৰ্তা, তামাৰহাট ঃ বিটিচি পৰিষদীয়  নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই মন্ত্ৰী—  নেতাৰ প্ৰচাৰ তীব্ৰতৰ হৈ পৰিছে  । চৰম পৰ্যায়ত উপনীত হৈছে মন্ত্ৰী-নেতাৰ  কথাৰ আক্ৰমণ-প্ৰতিআক্ৰমণ । আজি গোসাইগাঁও চহৰৰ নাট মন্দিৰ খেলপথাৰত  অনুষ্ঠিত বি পি এফ দলৰ নিৰ্বাচনী প্ৰচাৰ সভাত  অংশ গ্ৰহণ কৰি  বি পি এফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বিস্ফোৰক মন্তব্য কৰে যে  ‘বিটিচিত উদ্ধাৰ হোৱা সকলো অস্ত্ৰই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মা আলফাত থকাৰ সময়ৰ অস্ত্ৰ এইবিলাক । মানুহ লগাই হিমন্তই বিটিচিত ৰাখিছে এইবিলাক অস্ত্ৰ । হিমন্ত বিশ্ব শৰ্মা খেদা খোৱা মন্ত্ৰী, আলফা, আছু, কংগ্ৰেছ আদিৰ পৰা খেদা খাই আহিছে, তেওঁৰ  কোনো কাম নাই’। ভাষণৰ লগতে হাগ্ৰামা মহিলাৰীয়ে কয় যে, ‘এইবাৰ বিটিচিত আমিয়েই চৰকাৰ গঠন কৰিম আৰু তাৰ উপৰি এইবাৰ আমাৰ কথা মতে দিছপুৰত চৰকাৰ গঠন হ’ব ।

 হিমন্তই কৈছে বিটিচিৰ নিৰ্বাচন ছেমি ফাইনেল, কিন্তু মই কওঁ এয়াই ফাইনেল ।  এইবাৰ বিটিচিত পৰাজয় হোৱাৰ পিছত হিমন্তই মন্ত্ৰিত্ব এৰি দিব লাগিব’। আনহাতে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ সন্দৰ্ভত মহীলাৰীয়ে  কয়- ‘বাক্সা আৰু ওদালগুৰিত ২১ টা সমষ্টিৰ  ভিতৰত ১৬ টাই দখল কৰিবলৈ সক্ষম হ’ব বিপিএল দলে। ফলাফলৰ পিছত ১৫ তাৰিখে বিজয় উৎসৱৰ বাবে মঞ্চ তৈয়াৰ কৰিবলৈ দিছে বুলি হাগ্ৰামাই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি কয় যে বিৰোধীয়ে নিৰ্বাচনৰ আগতে নাচি আছে, ফলাফলৰ পিছত আমি আনন্দ কৰিম।  উল্লেখ্য যে হাগ্ৰামাই ভাষণ প্ৰসংগত কয়- আমি চৰকাৰ গঠন কৰিলে প্ৰথমেই মাটিৰ পট্টা দিম, কিন্তু যিসকলে আমাৰ বিৰোধিতা কৰি আছে তেওঁলোকক বাদ দি আমি বি পি এফ দল কৰাসকলকহে আমি পট্টা দিম । ভাষণত হিমন্তক তীব্ৰ সমালোচনা কৰাৰ লগতে হাগ্ৰামাই কয়- বিভিন্ন দল-সংগঠনক মাতি নি দম দি আছে হিমন্তই, কিন্তু দম দি লাভ নাই। আৰু হাগ্ৰামাই কয়- হিমন্ত যদি ডকাইত তেন্তে মই ডাবল ডকাইত, হিমন্তই যদি এটা ভোট ৰিগিং কৰে তেন্তে মই এশটা ভোট ৰিগিং কৰিম বুলি মন্তব্য কৰে হাগ্ৰামাই । 

আনহাতে এন আৰ চি আৰু ডি-ভোটাৰ সমস্যা সমাধান কৰাৰ লগতে কোচ ৰাজবংশী আৰু আদিবাসীসকলৰ জনজাতিকৰণৰ ফাইলটো মই হিমন্তৰ দ্বাৰাইহে খুলি কাম আৰম্ভ কৰিম, কাৰণ দিছপুৰত হিমন্তক মন্ত্ৰী ৰখা-নৰখাৰ সিদ্ধান্ত আমাৰ হাতত বুলি হাগ্ৰামাই কয় । বিটিচিত বিপিএফ দলে চৰকাৰ গঠন কৰিলে বিটিআৰ চুক্তি কাৰ্যকৰী কৰা নহ’ব বুলি মন্তব্য কৰি মহিলাৰীয়ে কয়- অকল বিএলটিসকলৰ চাৰিটা গোটৰ যিবিলাক সমস্যা আছে সেই সমস্যাৰ ওপৰতহে গুৰুত্ব আৰোপ কৰিব চৰকাৰে । মুঠৰ ওপৰত বিটিচি পৰিষদীয়  নিৰ্বাচনক কেন্দ্ৰ কৰি নেতা-মন্ত্ৰীৰ বাক্যবাণ তুংগত উটিছে । শৰাইবিল পৰিষদীয় সমষ্টিৰ বি পি এফ দলৰ মনোনীত প্ৰাৰ্থী মৃত্যুঞ্জয় নাৰ্জাৰীক  নাঙলৰ ছবিত ভোট দি বিপুল ভোটত জয়ী কৰিবলৈ ৰাইজক আহ্বান জনায় । উক্ত সভাত গোসাইগাঁও সমষ্টিৰ বিধায়ককে ধৰি বি পি এফ দলৰ নেতাসকল উপস্থিত থাকে। বিটিচিত বিভিন্ন দল-প্ৰাৰ্থীয়ে নিৰ্বাচনী প্ৰচাৰ তুংগত তুলিছে যদিও নিৰ্বাচনৰ পিছত শেষ হাঁহি কোনে মাৰিম সেয়া সময়েহে ক’ব । মন কৰিবলগীয়া যে আজিৰ উক্ত নিৰ্বাচনী সভাখনত প্ৰায় চাৰি সহস্ৰাধিক লোক উপস্থিত আছিল।

No comments