গণবাৰ্তা কৃষ্ণাই,11 ডিচেম্বৰ: অসম মেঘালয় সীমান্তৰ গোৱালপাৰা জিলাৰ কৃষ্ণাইত বনৰীয়া হাতীৰ তাণ্ডব ক্ৰমান্নয়ে বৃদ্বি পোৱা পৰিলক্ষিত হৈছে। কালি...
গণবাৰ্তা কৃষ্ণাই,11 ডিচেম্বৰ: অসম মেঘালয় সীমান্তৰ গোৱালপাৰা জিলাৰ কৃষ্ণাইত বনৰীয়া হাতীৰ তাণ্ডব ক্ৰমান্নয়ে বৃদ্বি পোৱা পৰিলক্ষিত হৈছে। কালি সন্ধিয়া খাদ্যৰ সন্ধানত এটা বনৰীয়া হাতীয়ে জিৰাৰ আগালদামত প্ৰবেশ কৰি এক তাণ্ডবৰ সৃষ্টি কৰে । এক হুলুস্হৃল পৰিৱেশত দুজন লোকক আঘাত কৰে। আঘাতপ্ৰাপ্ত দুজন 1) পলিন্দ্ৰ সাংমা(63) আৰু 2) পেট্ৰিক সাংমা(49)। ইয়াৰে প্ৰথমজন বেছি আঘাতপ্ৰাপ্ত হোৱাত গোৱালপাৰাত চিকিৎসাধীন হৈ আছে।
জিলা বন সংমণ্ডল প্ৰাধিকাৰী বিষয়াৰ কাৰ্য্যালয়ৰ ডি এফ অ খনীন্দ্ৰ নাথ দাস আৰু এ চি এফ নয়ন জ্যোতি ৰাজবংসীয়ে শীঘ্ৰে বনৰীয়া হাতী খেদি পঠিওবাৰ বাবে যি যন্ত পাতিৰ প্ৰযোজন কৃষ্ণাই আঞ্চলিক মধ্যবনাঞ্চল কাৰ্য্যালয়ৰ বন বিষয়া শিৱানী পেগুলৈ প্ৰেৰন কৰাৰ বাবে কৃষ্ণাইবাসী ৰাইজ ও দল সংগটনে দাবী তুলিছে।
No comments