Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

নীলা লুঙী কেৱল মুছলমানৰ পোচাক নহয়, মোৰ দেউতায়ো লুঙী পিন্ধিছিল: শিখা শৰ্মা

গণ বাৰ্তা , নেপালী বজাৰ , ১৪  ডিচেম্বৰ :  দৰঙৰ দলগাওঁ সমষ্টিৰ অন্তৰ্গত জঙ্গলপাৰাত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে  ১২ আৰু ১৩ তাৰিখে অনুষ্ঠিত হ...


গণ বাৰ্তা , নেপালী বজাৰ , ১৪  ডিচেম্বৰ : দৰঙৰ দলগাওঁ সমষ্টিৰ অন্তৰ্গত জঙ্গলপাৰাত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে  ১২ আৰু ১৩ তাৰিখে অনুষ্ঠিত হয় অসম সংখালঘু সংগ্ৰাম পৰিষদৰ দৰং জিলা সমিতিৰ চতুৰ্থ দ্বি বাৰ্ষিক অধিবেশন। উক্ত অধিৱেশনত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি শিখা শৰ্মাই বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনাৰে থকা সৰকা কৰাৰ লগতে নীলা লুঙী সন্দৰ্ভত  তেওঁ কয়- লুঙী অকল মুছলমান সকলৰ পোচাক নহয় । মোৰ দেউতায়ো নীলা লুঙী পিন্ধিছিল। আমাক লুঙী লাগিবই ।  সততে সভ্যতাৰ যুজঁৰ কথা কোৱা হিমন্ত আৰু সৰ্বাই খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত কৰাৰ প্ৰতিশ্ৰুতি দি কেনেকৈ লাচিতৰ দেশত মোগল আনিবলৈ পালে সেই প্ৰশ্নৰ উত্তৰ দিব লাগিব। মূল্যবৃদ্ধি আৰু ধৰ্মীয় মেৰুবিভাজনেৰে ৰাজ্যত লুণ্ঠনৰাজৰ পাতনি মেলা বিজেপিৰ নেতা মন্ত্ৰী সকলে  লুটিপুটি খোৱাৰ বাদে একোকে কৰিব পৰা নাই বুলিও বিশিষ্ট লিখিকা গৰাকীয়ে ভাষণ প্ৰদান কৰে । মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ আজমল ফাউণ্ডেচন সম্পৰ্কে ন ন ভিত্তিহীন অভিযোগ কৰিছে। তেওঁ কয়- কথা আছিল বিদেশী খেদাৰ । কিন্তু অতি হিন্দুত্ববাদী চৰকাৰ খনে অসমত 'কা' আইনৰ জড়িয়তে বিদেশীক বৰপীৰা পাৰি দিবলৈ উঠি পৰি লাগিছে বুলি ভাষণ প্ৰদান কৰে । উল্লেখ যে, মাধ্যম আন্দোলনত প্ৰাণ আহুতি দিয়া মোজাম্মিল হক আৰু অনিল বড়াক শ্বহীদ ঘোষণা কৰা হৈছে যদিও জঙ্গলপাৰাৰ শ্বহীদ ওমৰ আলী আৰু জহৰ আলীক চৰকাৰে শ্বহীদৰ মৰ্যদা দিয়া নাই । গীঘ্ৰ ব্যেক্তি দুজনক শ্বহীদ ঘোষণা কৰাৰ  দাবী জনায় বিশিষ্ট লেখিকাগৰাকীয়ে । উক্ত অনুষ্ঠানত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সভাপতি মোহাম্মদ আলী খলিফাকে ধৰি কেন্দ্ৰীয় সমিতিৰ বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মী‌ আৰু জিলা সমিতিৰ বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মীৰ লগতে অন্যান্য দল সংগঠনৰ নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰে ।

No comments