বৰপেটা, ১৫ ডিচেম্বৰ: বৰপেটা জিলাত চৰকাৰী আঁচনি সমূহৰ সফল ৰূপায়নত ইয়াত থকা বেঙ্ক সমূহৰ পৰা সহযোগিতা বিচাৰিছে জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্...
বৰপেটা, ১৫ ডিচেম্বৰ: বৰপেটা জিলাত চৰকাৰী আঁচনি সমূহৰ সফল ৰূপায়নত ইয়াত থকা বেঙ্ক সমূহৰ পৰা সহযোগিতা বিচাৰিছে জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই। আজি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত বেঙ্ক সমন্বয় সমিতিৰ জিলা পৰ্যায়ৰ এখন পৰ্যালোচনা সভাত সভাপতিত্ব কৰি দিয়া ভাষণত তেওঁ কয় যে অৰ্থনৈতিক দিশত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বেঙ্ক সমূহৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। কিন্তু চৰকাৰী আঁচনি ৰূপায়নৰ ক্ষেত্ৰত তথা জমা-ঋণৰ হাৰৰ ক্ষেত্ৰত বৰপেটা জিলাৰ গৰিষ্ঠ সংখ্যক বেঙ্কৰ প্ৰদৰ্শন সন্তোষজনক নহয় বুলি তেওঁ ক্ষোভ প্ৰকাশ কৰে। সভাত জিলা উন্নয়ন আয়ুক্ত দিগন্ত দাস, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা, নাবাৰ্ডৰ মাণ্ডলিক প্ৰৱন্ধক শ্যামল কুমাৰ দে, নৱ নিযুক্ত লীড বেঙ্ক মেনেজাৰ প্ৰমোদ কুমাৰ, জিলা কৃষি বিষয়া অৰুণ হাজৰিকা আদি বিষয়া সকলৰ লগতে প্ৰায়বোৰ বেঙ্কৰ বিষয়া উপস্থিত থাকে। তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা সদৰি কৰি জনাইছে যে জিলাখনত বৰ্তমান বিভিন্ন বেঙ্কৰ ১০১ টা শাখাই সক্ৰিয়ভাৱে কাম কৰি আছে। ইয়াৰে ৪৪ টা গ্ৰাম্যাঞ্চলত আৰু ৫৭ টা নগৰ অঞ্চলত আছে।
No comments