গণ বাৰ্তা খাৰুপেটীয়া ১৭ ডিচেম্বৰ: ৰাজ্যখনত বহুচৰ্চিত হোজাইৰ আজমল ফাউণ্ডেচনৰ দ্বাৰা পৰিচালিত দৰঙৰ খাৰুপেটীয়া আজমল কলেজত কালি ছাত্ৰ-ছাত্ৰ...
গণ বাৰ্তা খাৰুপেটীয়া ১৭ ডিচেম্বৰ: ৰাজ্যখনত বহুচৰ্চিত হোজাইৰ আজমল ফাউণ্ডেচনৰ দ্বাৰা পৰিচালিত দৰঙৰ খাৰুপেটীয়া আজমল কলেজত কালি ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক সকলৰ এখন সন্মিলন অনুষ্ঠিত হৈ যায়। কলেজখনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সন্মিলনৰ সভাখনত প্ৰায় শতাধিক অভিভাৱক ,অভিভাৱিকাই যোগদান কৰে। উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা চমু চাপি অহাৰ প্ৰতি লক্ষ্য ৰাখি পৰীক্ষাত ভাল ফলাফল লাভৰ উদ্দেশ্য তথা প্ৰস্ততিৰ বাবে এই অভিভাৱক সন্মিলনখন অনুষ্ঠিত কৰা হয়। পৰীক্ষাত ভাল ফলাফল লাভ কৰিবলৈ হ'লে ছাত্ৰ-ছাত্ৰী সকলে ঘৰত অধ্যয়ন কৰাৰ ক্ষেত্ৰত অভিভাৱক তথা পিতৃ-মাতৃ সকলে কেনেকৈ নজৰ ৰাখিব লাগিব এই সম্পৰ্কে বিস্তৃত আলোচনা কৰে অধ্যক্ষ দিলোৱাৰ হুছেইনে। প্ৰজেক্টৰৰ জৰিয়তে পাৱাৰ পইণ্টৰ সহায়ত শৈক্ষিক দিশৰ বিভিন্ন নিদৰ্শন দাঙি ধৰি অভিভাৱক সকলৰ দায়িত্ব আৰু কৰ্তব্যৰ কথা উনুকিয়াই দিয়ে। অধ্যক্ষ গৰাকীয়ে আৰু কয় যে- ছাত্ৰ-ছাত্ৰী সকলক কলেজলৈ পঠিয়াই দিয়েই দায়িত্ব সম্পন্ন হোৱা বুলি ভৱাটো উচিত নহয়। ঘৰত যথা সময়ত অধ্যয়নত হৈছে নে নাই অধ্যয়নত কিমান সময় ব্যয় কৰিছে তাৰ প্ৰতিও সমান নজৰ ৰখাটো অতি প্ৰয়োজন।
বৰ্তমান ম'বাইল প্ৰীতিয়ে সৰ্বসাধাৰণ যুৱকক বিপথে পৰিচালিত কৰি তোলাৰ সময়তে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলেও ম'বাইল প্ৰীতিৰ কৰাল গ্ৰাসত পৰিব ধৰা বুলি অধ্যক্ষ গৰাকীয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰি তেওঁ ছাত্ৰ-ছাত্ৰী সকল বিশেষকৈ পৰীক্ষাৰ্থী সকলক ম'বাইল ফোন ব্যৱহাৰৰ পৰা আঁতৰত ৰাখিবলৈ অভিভাৱক সকললৈ আহ্বান জনায়। অনুষ্ঠানটিত মৰিয়ম আজমল উইমেন কলেজৰ অধ্যক্ষা ৰেচমা ইয়াচমিনেও গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায় । অভিভাৱক তথা পিতৃ মাতৃ সকলে অনুষ্ঠানটোত উপস্হিত থাকি নিজৰ সন্তানৰ প্ৰতি লবলগীয়া দায়িত্ব ও কৰ্তব্য সন্দৰ্ভত বহুকথাই জানিবলৈ পাই সন্তুষ্টি প্ৰকাশ কৰে ।
No comments