Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বৰপেটাত কাৰাটে স্কুলৰ নৱনিৰ্মিত ভৱন উদ্ধোধন সাংসদ আব্দুল খালেকৰ

পুলেন্দ্ৰ দাস, বৰপেটা,  ২৬ ডিচেম্বৰ  :  দুটা কাৰ্যসূচীলৈ আজি বৰপেটা চহৰত উপস্থিত হয় বৰপেটাৰ সাংসদ আব্দুল খালেক ৷ বৰপেটাৰ সাংসদ গৰাকীয়ে আজি উ...


পুলেন্দ্ৰ দাস, বৰপেটা, ২৬ ডিচেম্বৰ  : দুটা কাৰ্যসূচীলৈ আজি বৰপেটা চহৰত উপস্থিত হয় বৰপেটাৰ সাংসদ আব্দুল খালেক ৷ বৰপেটাৰ সাংসদ গৰাকীয়ে আজি উত্তৰ বৰপেটাৰ চাউলখোৱা নৈৰ পাৰত নতুনকৈ নিৰ্মাণ কৰা "চৰিন ৰিউ চিবুকান কাৰাটে ড' স্কুল অফ আছাম" নামৰ কাৰাটে স্কুলখনৰ নৱনিৰ্মিত গৃহটো আনুষ্ঠানিক ভাবে উদ্বোধন কৰে ৷ উল্লেখ্য যে, জিলাখনৰ কাৰাটে ড' সন্থাৰ খেলুৱৈ সকলক বিজ্ঞানসন্মত তথা উন্নত প্ৰশিক্ষণ দিয়াৰ উদ্দেশ্যে বৰপেটা জিলা কাৰাটে ড' সন্থাৰ সভাপতি তথা সাংসদ আব্দুল খালেক আৰু সাধাৰণ সম্পাদক হাচমত আলীৰ বিশেষ তৎপৰতাত এই গৃহটো নিৰ্মাণ কৰা হয় ৷ সাংসদ উন্নয়ন পুঁজিৰো ধন ব্যয় কৰা গৃহটো আজি উদ্বোধন কৰাৰ লগে লগে কাৰাটে খেলুৱৈ সকল যথেষ্ট পৰিমাণে উপকৃত হব ৷ আজিৰ উদ্বোধনী অনুষ্ঠানত বৰপেটাৰ অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠক, জিলা ক্ৰীড়া বিষয়া মানস প্ৰতিম দাস "উকা"ৰ সাধাৰণ সম্পাদক তথা কাৰাটে ইণ্ডিয়া অৰ্গেনাইজেছনৰ যুটীয়া সম্পাদক নগেন বংজাংৰ লগতে কেইবা গৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ "উকা"ৰ যুটীয়া সম্পাদক তথা "চৰিন ৰিউ চিবুকান কাৰাটে ড' স্কুল অফ আছাম"ৰ মুখ্য প্ৰশিক্ষক হাচমত আলীয়ে আঁত ধৰা এই অনুষ্ঠানতে কাৰাটে প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰশিক্ষাৰ্থী সকলে কাৰাটে প্ৰদৰ্শন কৰি উপস্থিত সকলোক আপ্লুত কৰে । সাংবাদিকৰ আগত সাংসদ গৰাকীয়ে কয় যে, কাৰাটেৰ এই স্কুলখন আমাৰ সকলোৰে সম্পদ ৷ এই স্কুলৰ খেলুৱৈ সকলে ৰাষ্ট্ৰীয় আৰু আন্ত: ৰাষ্ট্ৰীয় স্তৰত ভাল খেল প্ৰদৰ্শন কৰি বৰপেটা জিলালৈ গৌৰৱ কঢ়িয়াই আনিব বুলিও আশা ব্যক্ত কৰে সাংসদ গৰাকীয়ে ৷ একেদৰে সাংসদ গৰাকীয়ে আক্ষেপেৰে কয় যে, মহামাৰী "কৰোণা"ৰ বাবে  কেন্দ্ৰীয় চৰকাৰে সাংসদ সকলৰ পুঁজি দুবছৰৰ বাবে বন্ধ কৰি দিয়াটো দুৰ্ভাগ্যজনক ৷ চৰকাৰৰ এনে সিদ্ধান্তৰ বাবে সাংসদ সকলে দিয়া প্ৰতিশ্ৰুতিবোৰ পূৰণ কৰিব পৰা নাই ৷ চৰকাৰৰ এনে সিদ্ধান্তৰ ফলত সাংসদ পুঁজিৰে ৰাইজৰ যি সেৱা আগবঢ়োৱা হৈছিল সেয়া বাধাগ্ৰস্থ হোৱা বুলিও তেওঁ কয় ৷ ইয়াৰ পূৰ্বে সাংসদ গৰাকীয়ে বৰপেটা মুছলিমপট্টিত এটি জানাজা গৃহ উদ্বোধন কৰে ৷ বৰপেটা খাদেমূল ইছলাম সমাজৰ অন্তৰ্গত এই জানাজা গৃহটো সাংসদ পুঁজিৰ তিনি লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰা হয় ৷ উদ্বোধনী অনুষ্ঠানত বৰপেটা খাদেমূল ইছলাম সমাজৰ বিষয়ববীয়া আৰু স্থানীয় একাংশ ৰাইজ উপস্থিত থাকে ৷


No comments