সঞ্জয় সৰকাৰ, কাজলগাঁও, ৮ ডিচেম্বৰ ঃ দ্বিতীয় পৰ্যায়ৰ বি টি চি পৰিষদীয় নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ অন্তিম দিনা বিজেপি আৰু বি পি এফ দলৰ বিৰুদ্ধে ...
সঞ্জয় সৰকাৰ, কাজলগাঁও, ৮ ডিচেম্বৰ ঃ দ্বিতীয় পৰ্যায়ৰ বি টি চি পৰিষদীয় নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ অন্তিম দিনা বিজেপি আৰু বি পি এফ দলৰ বিৰুদ্ধে সৰৱ হৈ পৰে কংগ্ৰেছৰ বঙাইগাঁও জিলা সভাপতি শংকৰ প্ৰসাদ ৰায়। চিৰাং জিলাৰ কাজলগাঁও প্ৰেছ ক্লাবত আয়োজন কৰা এক সংবাদমেলত ৰায়ে হাগ্ৰামা মহিলাৰী আৰু হিমন্ত বিশ্ব শৰ্মাই ইজনে-সিজনক তুচ্ছ-তাচ্ছিল্য কৰি গালি-গালাজ কৰি আছে যদিও মিত্ৰতা ছেদ কৰা নাই। আচলতে দুয়োৱে ভিতৰি ভিতৰি বুজাবুজি কৰি ৰাইজক দেখুৱাই নাটক কৰি আছে। বিজেপি আৰু বি পি এফৰ সন্মিলিত চৰকাৰৰ দিনত বি টি চিত একো উন্নয়ন হোৱা নাই বুলি মন্তব্য কৰি ৰায়ে বি টি চিত যি উন্নয়ন হৈছে সেয়া কংগ্ৰেছৰ দিনতে হৈছে বুলি দাবী কৰে ।
বি টি চিবাসীৰ ভূমি সম্পৰ্কীয় জ্বলন্ত সমস্যা সম্পৰ্কে ৰায়ে কয় যে বি পি এফে অন্য জনগোষ্ঠীৰ লোকসকলক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰাৰ দৰে বি টি আৰ চুক্তিৰ জৰিয়তেও এই অধিকাৰৰ পৰা বঞ্চিত কৰিবলৈ ওলাইছে। কিন্তু কংগ্ৰেছে সকলো জাতি-জনগোষ্ঠীৰ সমউন্নয়ন, সমবিকাশ, সমমৰ্যাদা বিচাৰে। বি টি আৰ চুক্তিক আদৰণি জনাই ৰায়ে বড়ো ভাষাৰ লগতে অসমীয়া ভাষাটোকো মৰ্যাদা প্ৰদান কৰিব লাগে বুলি মন্তব্য কৰে। বি টি চিত কংগ্ৰেছ-এ আই ইউ ডি এফৰ চৰকাৰ হ’লে কংগ্ৰেছ এটা ধৰ্মনিৰপেক্ষ দল হিচাপে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলো জাতি-জনগোষ্ঠীৰ উন্নয়ন সাধন কৰিব বুলি কোৱাৰ লগতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰে। ভি চি ডি চিৰ নিৰ্বাচন নাপাতি বি পি এফে গণতন্ত্ৰক ভেঙুচালি কৰা বুলি মন্তব্য কৰে শংকৰ প্ৰসাদ ৰায়ে। আনহাতে ১৫ নং কাজলগাঁও (জনজাতি) সমষ্টিৰ কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী বিনোদ ব্ৰহ্মই ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক, সকলোৰে সম উন্নয়ন বিচৰা দল হিচাপে কংগ্ৰেছক ভোট দিবলৈ ৰাইজক সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনায়।
No comments