গণবাৰ্তা বিশেষ, গণ বার্তা, যোৰহাট, ৯ ডিচেম্বৰ : প্ৰাক্তন প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অস্থি আজি সন্ধিয়া নিমাতি ঘাটস্থিত বৰলুইতত বিসৰ্জন দিয়...
গণবাৰ্তা বিশেষ, গণ বার্তা, যোৰহাট, ৯ ডিচেম্বৰ : প্ৰাক্তন প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অস্থি আজি সন্ধিয়া নিমাতি ঘাটস্থিত বৰলুইতত বিসৰ্জন দিয়া হয় । তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈ, পত্নী দলী গগৈ , ভাতৃ দ্বীপ গগৈ, প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীৰ লগতে পৰিয়াল বৰ্গই নিমাতি যোৰহাটৰ কাছাৰী ময়দানৰ পৰা বহু গুণমুগ্ধ আৰু দলৰ নেতা সদস্যসকলে যোৰহাট নগৰৰ মাজেৰে শোভাযাত্ৰা কৰি নিমাতি ঘাটত উপস্থিত হৈ ঘাটৰ পৰা এখন ফেৰীৰে ব্ৰহ্মপুত্ৰৰ মাজত জননেতা জনৰ অস্থি বিসৰ্জন দিয়ে । উল্লেখ্য যে গুৱাহাটীৰ পৰা আৰম্ভ হোৱা শান্তি সদ্ভাৱনা যাত্ৰা মঙ্গলবাৰে নিশা যোৰহাট পোৱাৰ পাছত কাছাৰী ময়দানত স্থাপন কৰা বেদীত ধৰ্মীয় পৰম্পৰাৰে ৰাখে ।আৰু আজি কাছাৰী ময়দানত অনুষ্ঠিত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত জাতি ,ধৰ্ম ,ভাষা নিৰ্বিশেষে ৰাজনৈতিক ,অৰাজনৈতিক ,বিভিন্ন দল সংগঠন, অনুষ্ঠান - প্ৰতিষ্ঠানৰ প্ৰতিনিধিসকলে তেখেতৰ অস্থিৰ সন্মুখত ফুলৰ ,মালা আৰু ফুলেৰে পুষ্পজলি দি শ্ৰদ্ধাঞ্জলি কৰা দেখা যায় । উল্লেখ্য যে প্ৰাক্তন মুখ্যমন্ত্ৰী জনৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত উজনি অসমৰ তিনিচুকীয়া , ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, আৰু তিতাবৰৰ বাবে চিতাভষ্ম প্ৰতিনিধি সকলৰ হাতত অৰ্পণ কৰা পাছতে টাই প্ৰাৰ্থনাৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আৰম্ভ কৰা হয়। যোৰহাটৰ প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীয়ে আঁত ধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত গায়ন বায়ন, গীতা পাঠ, কোৰান পাঠ, টিপিতক পাঠ, বাইবেল , ভাগৱত পাঠ কৰাৰ সমান্তৰালভাবে পৰিৱেশন কৰা হয় বিভিন্ন ধৰ্মীয় ভক্তিমূলক গীত । মুনিন ভূঞাৰ দিহা নাম, নেকিব আহমেদৰ জিকিৰকে আদি কৰি বিভিন্ন ধৰ্মীয় ভক্তিমূলক গীত পৰিৱেশন কৰা দেখা যায় । অনুষ্ঠানত অংশগ্ৰহণ কৰে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী জনৰ সহধৰ্মিনী দলী গগৈ, সাংসদ পুত্ৰ গৌৰৱ গগৈ, ভাতৃ তথা প্ৰাক্তন সাংসদ দ্বীপ গগৈ, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, উপ দলপতি ৰকিবুল হুছেইন , বিধায়ক ৰেকিবুদ্দিন আহমেদ , অসমৰ কংগ্ৰেছ দলৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং, সাংসদ প্ৰদ্যুত বৰদলৈ, আব্দুল খালেককে ধৰি কংগ্ৰেছৰ বহু নেতা কৰ্মীয়ে। তদুপৰি যোৰহাটৰ বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়, অনুষ্ঠান প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। যোৰহাট জিলা বি জে পি ৰ হৈ শান্তনু পূজাৰী সহ প্ৰতিনিধি দল, আছুৰ জুল খাউণ্ড , বিজয় শংকৰ বৰদলৈ আদিয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
No comments