Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

গোৱালপাৰাৰ গাইবান্ধা বজাৰত বোমা বিস্ফোৰণ; স্বামী স্ত্ৰী আহত

গণবার্তা জলেশ্বৰ ১৬ গোৱালপাৰাৰ লক্ষীপুৰ আৰক্ষী থানৰ অধীনস্থ গাইবান্ধা বজাৰত থকা সৰ্বেশ আলী নামৰ ব্যৱসায়ী এজনৰ ঘৰত নিশা প্ৰায় ২ দুই বজাত এক ...


গণবার্তা জলেশ্বৰ ১৬ গোৱালপাৰাৰ লক্ষীপুৰ আৰক্ষী থানৰ অধীনস্থ গাইবান্ধা বজাৰত থকা সৰ্বেশ আলী নামৰ ব্যৱসায়ী এজনৰ ঘৰত নিশা প্ৰায় ২ দুই বজাত এক বোমা বিস্ফোৰণ সংঘটিত হয় । ব্যৱসায়ী সৰ্বেশ আলীয়ে নিজৰ ব্যৱসায়ীক প্ৰতিষ্ঠান বন্ধ কৰি শুই থকা অৱস্থাত বাৰুদৰ গোন্ধ পোৱাত পত্নী আৰু তেওঁ বাহিৰলৈ ওলাই অহাৰ লগে লগে প্রচণ্ড শব্দৰে বোমাটো বিস্ফোৰিত হয় ।  নিশা প্ৰায় দুই বজাত বোমাটো বিস্ফোৰিত হোৱাত  ঘৰৰ খৰিকি আৰু গ্ৰীল ভাঙি  সৰ্বেশ আলী আৰু তেওঁৰ পত্নী অঞ্জু মনোৱাৰা খাতুন গুৰুতৰ ভাৱে আহত হয় । আহত পতি পত্নী বৰ্তমান গোৱালপাৰা অসামৰিক চিকিৎসালয়ত  চিকিৎসা লয়ত চিকিৎসাধীন হৈ আছে । অৱশ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এতিয়ালৈকে কোনো মন্তব্য প্ৰকাশ কৰা নাই যদিও তদন্ত অব্যাহত ৰাখিছে ।


No comments