গণ বাৰ্তা,মুক্তাপুৰ২০ডিচেম্বৰ: সমগ্ৰ বিশ্বতে এতিয়াও কৰোনাৰ আতংক মাৰ যোৱা নাই ।বিশ্বৰ কেবাখনো দেশত এতিয়াও চলি আছে লক ডাউন । তেনে সময়তে কামৰূপ...
গণ বাৰ্তা,মুক্তাপুৰ২০ডিচেম্বৰ: সমগ্ৰ বিশ্বতে এতিয়াও কৰোনাৰ আতংক মাৰ যোৱা নাই ।বিশ্বৰ কেবাখনো দেশত এতিয়াও চলি আছে লক ডাউন । তেনে সময়তে কামৰূপ জিলাৰ বিহদিয়া জাঁজীকোনা উন্নয়ন খণ্ডৰ অন্তৰ্গত মুক্তাপুৰ পঞ্চায়তৰ বিষয় ববীয়াই কৰোনা সজাগতাৰ বাবে গ্ৰহণ কৰিলে এক আদৰণীয় পদক্ষেপ । উল্লেখ্য যে শনিবাৰে বিহদিয়া জাজিকোনা উন্নয়ন খণ্ডৰ জৰিয়তে লাভ কৰা চৰকাৰৰ চতুৰ্দশ বিত্তীয় আয়োগৰ২০১৯-২০ বৰ্ষৰ আৱন্টিত ধনেৰে পঞ্চায়ত সভাপতি দিলীপ ডেকা আৰু সচিব দণ্ডেশ্বৰ ডেকাৰ তৎপৰতাত মুক্তাপুৰ পঞ্চায়তৰ কেবাখনো স্কুলকে ধৰি বিভিন্ন ৰাজহুৱা অনুষ্ঠান,প্ৰতিস্থানত চেনিটাইজকৰণ কৰা হয় । উক্ত কাৰ্য্যসূচীৰ আৰম্ভণিতে মুক্তাপুৰ পঞ্চায়তৰ লগতে মিলনজ্যোতি মধ্য ইংৰাজী বিদ্যালয়ত চেনিটাইজকৰণ কৰাৰ পিছত পঞ্চায়তটোৰ এলেকাধীন কেইবাখনো গাঁৱৰ লগতে বিভিন্ন ৰাজহুৱা অনুষ্ঠান প্ৰতিস্থানত চেনিটাইজকৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। মুক্তাপুৰ পঞ্চায়তৰ এনে পদক্ষেপক ভূয়সী প্ৰশংসা কৰিছে স্থানীয় ৰাইজে।
No comments