Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

কণ কণ শিশুক বাঁহীৰ প্ৰশিক্ষণ দিয়াত ব্যস্ত চতিয়াৰ বাঁহীবাদক দীপজ্যোতি বৰা

গন বাৰ্তা জামুগুৰিহাটঃ ৯ ডিচেম্বৰঃ বাঁহীৰ সুৰত জগত জিনিব খোজা এগৰাকী প্ৰচাৰমিমুখ যুৱশিল্পী৷চতিয়াৰ ন-পমুৱা গাঁৱৰ প্ৰয়াত ইন্দ্ৰেশ্বৰ বৰা আৰু দ...



গন বাৰ্তা জামুগুৰিহাটঃ ৯ ডিচেম্বৰঃ বাঁহীৰ সুৰত জগত জিনিব খোজা এগৰাকী প্ৰচাৰমিমুখ যুৱশিল্পী৷চতিয়াৰ ন-পমুৱা গাঁৱৰ প্ৰয়াত ইন্দ্ৰেশ্বৰ বৰা আৰু দুলু বৰাৰ পুত্ৰ এইগৰাকী যুৱশিল্পীৰ নাম দীপজ্যোতি বৰা৷বাঁহীবাদক দীপক শৰ্মা আৰু কিশোৰ কুমাৰ ভঁৰালীৰ ওচৰত ৫ বছৰ পূৰ্ৱেই গুৱাহাটীত বাঁহীৰ প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ গৈ এইগৰাকী যুৱশিল্পীয়ে ঘৰুৱাহি অসুবিধাৰ বাবেই আধাতে ত্যাগ কৰিব লগা হৈছিল বাঁহীৰ প্ৰশিক্ষণ৷যাৰবাবে সেইসময়চোৱাত ভাগি পৰিছিল যুৱশিল্পীগৰাকীৰ মন আৰু হেপাহ৷কিন্তু লাহে লাহে মনৰ অদম্য হেপাহ আৰু ইচ্ছাশক্তিৰ বাবেই যেন বাঁহীটোকেই নিজৰ সংগী কৰি লৈছিল বাঁহীৰ প্ৰতি অত্যন্ত দূৰ্বলতা থকা এইগৰাকী শিল্পীয়ে৷যাৰবাবে বাঁহীবাদনৰ প্ৰতি আকৃষ্ট আন আন কণ কণ আগ্ৰহী শিশুকো বাঁহীৰ ৭টা চিদ্ৰৰপৰা সৃষ্ট সুৰ শিকোৱাত ব্যস্ত হৈ পৰিল এইগৰাকী প্ৰচাৰবিমুখ যুৱ শিল্পী৷যিগৰাকী শিল্পীৰ বাঁহীৰ সুৰ তথা বাঁহীৰ প্ৰতিটো চিদ্ৰত বুলোৱা আঙুলীৰ চাপৰপৰা সৃষ্ট সুৰে সকলোৰে মন প্ৰাণ মুগ্ধ কৰিবলৈ সক্ষম হৈছে৷কেৱল প্ৰশিক্ষণেই নহয় অঞ্চলটোৰ লগতে বিশ্বনাথ চাৰিআলি,জামুগুৰিহাট,বালিপাৰা,তেজপুৰ আদি স্থানতো অনুষ্ঠিত ভাঁওনা,ৰাস,সাংস্কৃতিক অনুষ্ঠান আদিতো এইগৰাকী যুৱ শিল্পীয়ে বাঁহীৰ সুৰেৰে মোহিত কৰে শ-শ জনতাক৷কিন্তু ক’ভিডৰ বাবেই চলিত বৰ্ষত সাংস্কৃতিক অনুষ্ঠান তথা ভাঁওনা আদি অনুষ্ঠিত কৰাৰ পৰা জনতা বিৰত থকাত তেনে অনুষ্ঠানসমুহত বাঁহী বজাই উপাৰ্জন কৰাৰ দিশটোত যথেষ্ট ক্ষতিৰ সন্মুখীন হ’ল বুলিও উল্লেখ কৰাৰ বিপৰীতে বৰ্তমান ক’ভিডৰ আতংক কিছু কম হোৱাত চৰকাৰী নীতি নিয়ম পালন কৰি ৰাস উৎসৱ আয়োজন কৰা বহু ঠাইলৈ বাঁহী বজাবলৈ আমন্ত্ৰণ লাভ কৰাত পুণৰ নতুন উদ্যমেৰে দৰ্শকক বাঁহীৰ সুৰত মন প্ৰাণ মুগ্ধ কৰিবলৈ প্ৰস্তুত হৈ পৰিছে যুৱশিল্পী দীপজ্যোতি বৰা৷নিজে বাঁহীৰ ওপৰত আয়ত্ব কৰা প্ৰতিটো তাল-লয়ৰ জ্ঞান বিলাই ভালপোৱা শিল্পী দীপজ্যোতিৰ বাঁহীৰ সুৰেৰে জগত জিনাৰ হেপাহে বাস্তৱ ৰূপ লাভ কৰক৷

No comments