Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

পশ্চিম গুৱাহাটীত বিভিন্ন গীৰ্জাঘৰত বৰদিন পালনৰ প্ৰস্তুতি

গণবাৰ্তা, আজাৰা, ২২ ডিচেম্বৰ : বিশ্বৰ খ্ৰীষ্টানধৰ্মালম্বী লোকসকলৰ  পবিত্ৰ বৰদিনলৈ মাজতে মাত্ৰ দুটা দিন বাকী থকা অৱস্থাত ৰাজ্যৰ আন প্ৰান্তৰ ল...


গণবাৰ্তা, আজাৰা, ২২ ডিচেম্বৰ : বিশ্বৰ খ্ৰীষ্টানধৰ্মালম্বী লোকসকলৰ  পবিত্ৰ বৰদিনলৈ মাজতে মাত্ৰ দুটা দিন বাকী থকা অৱস্থাত ৰাজ্যৰ আন প্ৰান্তৰ লগতে পশ্চিম গুৱাহাটীৰ গীৰ্জাঘৰ সমূহতো উৎসৱ মুখৰ পৰিবেশৰ সৃষ্টি হোৱা দেখা গৈছে । বিশেষকৈ মালিগাঁও গোশালাৰ কাষৰীয়া আদেংগিৰী গাৰোবস্তি , ৰাণীৰ অসম মেঘালয় সীমান্তৰ উমশ্ৰু ,  গনপতিকে ধৰি খ্ৰীষ্টানধর্মালম্বী লোক বাস কৰা বসতি প্ৰধান অঞ্চল , আৰু বৃহত্তৰ আজাৰা অঞ্চলত  খ্ৰীষ্টান মিছনেৰীৰ দ্বাৰা পৰিচালিত  চেণ্ট ক্লাৰেট স্কুল , চেণ্ট ক্লাৰেট কনভেণ্ট স্কুল , চেণ্ট যোচেফ স্কুলকে  ধৰি কেবাখনো শিক্ষা প্ৰতিষ্ঠান চৌহদত থকা গীৰ্জাঘৰ সমূহ সুন্দৰকৈ সজাই পৰাই তোলা পৰিলক্ষিত হৈছে । ইফালে ৰাণী গনপতিৰ দুয়োটা গীৰ্জাঘৰৰ উদ্যোগত কভিড কেন্দ্ৰীক পৰিস্থিতিৰ বাবে প্ৰথম বাৰৰ বাবে সীমিত পৰিসৰত বৰদিনৰ কাৰ্যসূচী পালন কৰা হব । ৰাণী গনপতি ফেলোশ্বিপ গীৰ্জাঘৰ পৰিচালনা কমিটিৰ সভাপতি অতুল মাৰাক আৰু সম্পাদক সুনীল মাৰাক , গনপতি বেপ্টিষ্ট মণ্ডলী গীৰ্জাঘৰ পৰিচালনা কমিটিৰ সভাপতি দিলীপ মাৰাক আৰু ৰাডুল মাৰাক , উমশ্ৰু বেপ্টিষ্ট গীৰ্জাঘৰ পৰিচালনা কমিটিৰ অধ্যক্ষ জ্যোতিষ মাৰাক , সম্পাদক লংকেশ্বৰ ৰাভা , পেষ্টৰ অনুপ দলৈ আৰু প্ৰচাৰৰ দায়িত্ববাঁহী ধ্ৰুৱজ্যোতি দলৈয়ে জানিবলৈ দিয়া মতে ইতিমধ্যে  ২৪ আৰু ২৫ ডিচেম্বৰত দুইদিনীয়াকৈ পালন কৰিব লগীয়া বৰদিনৰ প্রস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে । ৰাইজে লগে-ভাগে ৰভা দিয়াৰ পৰা আৰম্ভ কৰি যাৱতীয় কাম কাজ সমূহ ভাগে ভাগে কৰি আছে । ২৪ ডিচেম্বৰত সন্ধিয়া সমূহীয়া উপাসনা আৰু মাজনিশা বিশেষ প্ৰাৰ্থনা অনুষ্ঠান হব । ২৫ ডিচেম্বৰত দিনৰ ভাগত পুনৰ প্ৰাৰ্থনা , দুপৰীয়া সমূহীয়া প্ৰীতিভোজ , সন্ধিয়া আৰু নিশা পুনৰ সমূহীয়া প্ৰাৰ্থনা অনুষ্ঠিত হব । অৱশ্যে কভিডৰ বাবে দুয়োদিনত সীমিত পৰিসৰত সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হব ।


No comments