Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বৰপেটাত ঠিকাদাৰ আৰু গড়কাপ্তানী বিভাগৰ বিষয়াই নামানে উপায়ুক্তৰ আদেশ

  গণ বাৰ্তা,  পালহাজী, ২৬ ডিচেম্বৰ:  দক্ষিণ পূব বৰপেটাৰ চেঙা সমষ্টিৰ পিছপৰা গাঁও আৰু চৰগাঁও  যথাক্ৰমে সুহা, ভোগেৰপাৰ, বাৰাদি, বৰবাৰাদি, পাজা...

 


গণ বাৰ্তা, পালহাজী, ২৬ ডিচেম্বৰ: দক্ষিণ পূব বৰপেটাৰ চেঙা সমষ্টিৰ পিছপৰা গাঁও আৰু চৰগাঁও  যথাক্ৰমে সুহা, ভোগেৰপাৰ, বাৰাদি, বৰবাৰাদি, পাজাৰভাঙা, ডক্ৰেশ্বৰ, বেলৰতাৰী, বৰঘোল,হাতেমা, আদিকৰি প্ৰায় বিশখন গাঁৱৰ ৰাইজ, স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰীক পণবন্দী কৰি সুহা আৰু ঔমূৰাৰ মাজৰ একমাত্ৰ যাতায়তৰ ৰাস্তাৰ কাঠৰ দলংখন খুলি পেলাই সকলোকে জলাকলা খুৱাইছে৷ নতুনকৈ হ’বলগীয়া আৰ চি চি দলং নিৰ্মাণৰ নামত বিগত প্ৰায় দেৰমাহৰো অধিক কাল সুহা হাইস্কুল, পাজাৰভাঙা হাইস্কুল, পাজাৰভাঙা আঞ্চলিক কনিষ্ঠ মহাবিদ্যালয়, গোমা উন্নয়নখণ্ড, পাজাৰভাঙা গাঁও পঞ্চায়ত আদি অনুষ্ঠান-প্ৰতিষ্ঠানৰ কৰ্মচাৰী সকলৰ ভীষণ অসুবিধাৰ সৃষ্টি কৰিছে৷পালহাজীৰ পৰা বহৰি গুৱাহাটীলৈ যাবলগীয়া পোন্ধৰ বিশখন টেম্পো, ট্ৰেভেলাৰ আৰু বাছগাড়ী চাৰি পাঁচ কিলোমিটাৰ পথাৰৰ মাজেৰে ঘুৰিগৈ অন্য ৰাস্তাত যাতায়ত কৰে৷ কোনো ধৰণৰ উপ-ৰাস্তা অথবা ফুটব্ৰীজ নবনোৱাকৈ কাঠৰ পুৰণা দলংখন খুলি পেলোৱাত বিষয়টো উৰ্দ্ধতন কতৃপক্ষক অৱগত কৰি হৈছিল ৷ যোৱা ১১ ডিচেম্বৰ,২০২০ তাৰিখত বিষয়টো বৰপেটাৰ মাননীয় উপায়ুক্ত শ্ৰী মুনীন্দ্ৰ শৰ্মাক অৱগত কৰোৱাত সংশ্লিষ্ট দলংখনৰ ঠিকাদাৰ তাছিক ৰহমানে পাঁচ সাতদিনৰ ভিতৰত ফুটব্ৰীজৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল৷ সেইদিনাৰ পৰা আজিলৈকে ষোল্ল সোতৰ দিন উকলি যোৱাৰ পিছতো ৰাইজৰ যন্ত্ৰণা বেদনাদায়ক হৈয়েই থাকিল ৷ বিষয়টোলৈ বিভাগীয় বিষয়া ঠিকাদাৰৰ যেন মূৰৰ বিষ নাই ৷যাৰবাবে বৰপেটাৰ দক্ষিণ অঞ্চলৰ সমূহ চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠান আৰু ৰাইজে পুনৰ জিলাৰ মুৰব্বী আৰু প্ৰয়োজন সাপেক্ষে বিভাগীয় মন্ত্ৰীক অৱগত কৰাৰ সিদ্ধান্ত লৈছে ৷ যদি তাৎক্ষণিক বাবে এই সমস্যাৰ সমাধান নকৰে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী অথবা পথ অৱৰোধ কৰা হ’ব বুলিও স্থানীয় ভুক্তভোগী ৰাইজে জানিবলৈ দিছে৷ তাৰবাবে কিন্তু বিভাগীয় বিষয়া আৰু ঠিকাদাৰ দায়ী হ’ব বুলি ক্ষোভ প্ৰকাশ কৰিছে ৷ আটাইতকৈ তাৎপৰ্যপূৰ্ণ বিষয় হ’ল আহোম সম্ৰাট শিৱ সিংহৰ আমোলত স্থাপন কৰা ডক্ৰেশ্বৰ দেৱালয়লৈ যোৱা একমাত্ৰ ৰাস্তাখন বিচ্ছিন্ন হোৱাৰ উপৰিও জহিখহি যোৱাত ভক্তপ্ৰাণ ৰাইজৰ মাজত ব্যাপক ফিৰিঙতি সৃষ্টি হৈ আছে৷

No comments