Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বিটিআৰ চুক্তিখন জনগোষ্ঠীয় শান্তি, সমন্বয়, অধিকাৰ, উন্নয়নৰ দলিলঃ প্ৰমোদ বড়ো

সঞ্জীৱ দাস, ভৱানীপুৰ, ৪ ডিচেম্বৰ ঃ ককলাবাৰী সমষ্টিৰ ৰাবাং বড়ো বজাৰৰ ৰাজহুৱা খেলপথাৰত আজি অনুষ্ঠিত ইউপিপিএলৰ এখন বিশাল নিৰ্বাচনী জনসভাত ইউপিপ...

সঞ্জীৱ দাস, ভৱানীপুৰ, ৪ ডিচেম্বৰ ঃ ককলাবাৰী সমষ্টিৰ ৰাবাং বড়ো বজাৰৰ ৰাজহুৱা খেলপথাৰত আজি অনুষ্ঠিত ইউপিপিএলৰ এখন বিশাল নিৰ্বাচনী জনসভাত ইউপিপিএলৰ সভাপতি তথা ককলাবাৰী সমষ্টিৰ প্ৰাৰ্থী প্ৰমোদ বড়োক আজি দেখা গ’ল অন্য এক ব্যতিক্ৰমী ৰূপত। উল্লেখ্য যে প্ৰায় দহ হেজাৰৰো অধিক লোক উপস্থিত থকা ইউপিপিএলৰ জনসভাখনত প্ৰমোদ বড়োৱে দলীয় সমৰ্থকসকলক লগত লৈ গণ সমাৱেশথলীত গানৰ তালে তালে নৃত্য কৰি মঞ্চত থিয় হৈ নৃত্য কৰে যদিও ৰাইজৰ অধিক উল্লাসত মতলীয়া হৈ মাটিৰ দূবৰি বনত বহি থকা দৰ্শক ৰাইজৰ স’তে প্ৰথম শাৰীত বহি পৰিল। উল্লেখ্য যে দুঘণ্টা সময় ধৰি মাটিৰ দূবৰি বনত বহি কেইবাগৰাকীও ইউপিপিএল নেতাৰ বক্তৃতা শুনাৰ পিছত তেওঁ মঞ্চত উঠি নিজৰ বক্তব্য প্ৰদান কৰে। প্ৰমোদ বড়োৱে তেওঁৰ উদাত্ত ভাষণত কয়- ‘বিগত সোতৰটা বছৰ ধৰি হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ চৰকাৰে বিটিআৰত দুৰ্নীতি, অপশাসন, বিভিন্ন অত্যাচাৰেৰে হাৰাশাস্তি কৰা ৰাইজে অহা ১৫ ডিচেম্বৰৰ পৰা প্ৰকৃত ন্যায় পাব। 

বিটিআৰত ৰাইজৰ বাবে এক সু-দিনৰ অধ্যায় মুকলি হ’ব। কাৰণ বিটিআৰত সকলো জনগোষ্ঠীৰ যিধৰণৰ ইউপিপিএলৰ প্ৰতি সঁহাৰি আগবঢ়াইছে, তাৰ পৰাই গম পোৱা যায় যে অহা ১৫ ডিচেম্বৰত ইউপিপিএলৰ চৰকাৰ গঠন হ’ব। হাগ্ৰামা মহিলাৰী আৰু বিপিএফ দলে অত্যাচাৰ কৰা বিটিআৰৰ সকলো জনগোষ্ঠীৰ ৰাইজৰ মাজত সমন্বয়, ভাষা-সাহিত্য-সংস্কৃতি-জীৱন-সম্পত্তিৰ নিৰাপত্তা, মাটিৰ অৰ্থনৈতিক-সামাজিক-ৰাজনৈতিক অধিকাৰ সুনিশ্চিত হ’ব অহা ১৫ ডিচেম্বৰত ইউপিপিএলৰ চৰকাৰ গঠনৰ পিছত। কিন্তু এইবাৰৰ বিটিচিৰ নিৰ্বাচনত হাগ্ৰামা মহিলাৰীৰ বিপিএফৰ আটাইবোৰ আসনতেই নিশ্চিত পৰাজয় হোৱাটো দেখি বিপিএফ দলে ৰাইজৰ মাজত হিংসা-সন্ত্ৰাস চলাবলৈ ধৰিছে। পূৰ্বে বিটিচিত ৰক্তাক্ত পৰিৱেশৰ সৃষ্টি কৰা হাগ্ৰামা মহিলাৰীৰ বিপিএফৰ পৃষ্ঠপোষকতাত শান্তিকামী জনতাৰ মাজত সন্ত্ৰাস চলাবলৈ ধৰিছে। কিন্তু ৰাইজে হাগ্ৰামা মহিলাৰী আৰু বিপিএফৰ সন্ত্ৰাস, ভয়, ভাবুকিকো নেওচি, হাজাৰ হাজাৰ কোটি টকাৰ মালিক হাগ্ৰামা মহিলাৰীৰ টকাৰ পিনে নাচাই শূন্য মূলধন থকা ইউপিপিএলৰ স’তে সকলো জাতি-জনগোষ্ঠীয়ে অংশগ্ৰহণ কৰাৰ বাবে ৰাইজক মই সেৱা জনাইছোঁ।

 ইউপিপিএলৰ চৰকাৰ হোৱাৰ পাছতো ৰাইজক কেতিয়াও পাহৰি যাব নোৱাৰোঁ।’ প্ৰমোদ বড়োৱে তেওঁৰ ভাষণত কয়- ‘এগৰাকী সাংসদ ৰূপে নৱ কুমাৰ শৰণীয়াৰ পৰা ৰাইজে বহু আশা কৰিছিল। কিন্তু আজি সাতটা বছৰ ধৰি নৱ কুমাৰ শৰণীয়াই ৰাইজক প্ৰতাৰণাহে কৰিলে। কেৱল জাতি-জনগোষ্ঠীৰ মাজত সংঘাত সৃষ্টি কৰিব বিচৰা নিকৃষ্ট ৰাজনীতিবিদ নৱ কুমাৰ শৰণীয়াই দিল্লীত উন্নয়নৰ বাবে মাত মতা নাই। ৰাইজৰ সমস্যা সমাধানৰ বিষয়ে দিল্লীক কোনোদিনে অৱগত নকৰে। সাংসদ শৰণীয়াই নিজে পথভ্ৰষ্ট হৈছে। নৱ কুমাৰ শৰণীয়াই বিটিচিত বিপিএফ চৰকাৰে কৰা দুৰ্নীতি, হাগ্ৰামা মহিলাৰীৰ অপশাসনৰ বিষয়ে এটা মুহূৰ্তৰ বাবেও দিল্লীত অৱগত কৰা নাই। এটা লোভনীয় সাংসদ পদ আৰু দিল্লীত সুখেৰে থাকিবৰ বাবে এটুকুৰা ঠাইৰ বাবেহে নৱ শৰণীয়া সাংসদ হৈছে। সাংসদ নৱ শৰণীয়াৰ চতুৰালি আৰু ৰাইজে নুবুজাকৈ থকা নাই। ৰাইজে এইবাৰৰ নিৰ্বাচনত নৱ শৰণীয়াৰ গণ সুৰক্ষা পাৰ্টীক বিচৰা নাই। জি এছ পি দলৰ বেয়া দিন আহিছে। জি এছ পি দলে এখন আসনতো জয়ী নহয়।’

 গণ সমাৱেশত ভাষণ দি ইউ পি পি এলৰ প্ৰতিষ্ঠাপক সভাপতি তথা ৰাজ্যসভাৰ সাংসদ উৰ্খাও গৌৰা ব্ৰহ্মই বিপিএফ আৰু বিজেপি দলক চোকা সমালোচনাৰে কয়- ‘বিটিআৰত এতিয়া ৰাইজৰ হেঁচাত হাগ্ৰামাৰ নাঙল ভাগি গ’ল। দ্ৰুতগতিত ট্ৰেক্টৰ চলিবলৈ ধৰিছে। ট্ৰেক্টৰেৰে হালো বাব পাৰি আৰু ট্ৰেক্টৰৰ আগত থকা লাইট টৰ্চ লাইটৰ পোহৰতকৈ অধিক শক্তিশালী। বিপিএফ, জিএছপি আদিৰ দৰে দলে বিটিআৰ চুক্তিৰ বিৰোধিতা কৰাৰ বাবেই সকলো জনগোষ্ঠীৰ ৰাইজ বিপিএফ, জিএছপিৰ লগত নাই। যাৰ বাবে বিটিআৰ চুক্তিখনে সকলো জনগোষ্ঠীৰ মাজত শান্তি, সমন্বয়, উন্নয়ন, অধিকাৰৰ দলিল। বিটিআৰত বসবাস কৰা সকলো জনগোষ্ঠীৰ নিৰাপত্তা সু-নিশ্চিত কৰাহে দলিল। এই দলিলখনৰ স’তে ইউপিপিএল দল জড়িত আছে।’ ব্ৰহ্মই তেওঁৰ ভাষণত কটাক্ষ কৰি কয়- ‘বিটিআৰত কিছুমান ৰাজনৈতিক দলে টেঙা আম, মিঠা আমৰ ৰাজনীতি কৰিছে। কিন্তু এতিয়া আমৰ বতৰ নহয়। মিঠা কমলাৰহে বতৰ।

 ইউপিপিএল দলে মিঠা কমলাহে খুৱাব।’ জনসভাত ভাষণ দি ত্ৰিপুৰা চৰকাৰৰ বিধায়ক ধনঞ্জয় ত্ৰিপুৰাই কয়- ‘বিগত সোতৰ বছৰত হাগ্ৰামা মহিলাৰী আৰু বিপিএফ দলে বিটিচিত চলোৱা দুৰ্নীতি, অপশাসন, অত্যাচাৰ ত্ৰিপুৰা ৰাজ্যতো ৰাইজৰ মাজৰ চৰ্চা হৈছে। কিন্তু এইবাৰ ইউপিপিএলৰ চৰকাৰ পৰিৱৰ্তনৰ চৰকাৰ ধ্বনি ত্ৰিপুৰা ৰাজ্যবাসীৰ কাণতো পৰিছে। বিটিআৰত ইউপিপিএল চৰকাৰ নিশ্চিত।’ ইউপিপিএলৰ কেন্দ্ৰীয় মুখপাত্ৰ ধীৰাজ ডেকা আৰু মুছলপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক দয়াল শৰণীয়াই আঁত ধৰা জনসভাত ইউপিপিএলৰ কেন্দ্ৰীয় মহিলা কোষৰ সভানেত্ৰী বীণা গয়াৰী, শিক্ষাবিদ হোমেশ্বৰ দাস, ভৱেশ শৰ্মাইও ভাষণ দিয়াৰ লগতে প্ৰাক্তন বিধায়ক টিকেন বসুমতাৰী, প্ৰাক্তন এম চি এল এ অনিপ বসুমতাৰী, ইউপিপিএলৰ কেন্দ্ৰীয় নেতৃবৃন্দ দ্বিজেন দাস, বলেন নাথ, পাৰুল ভৰালীকে ধৰি কেইবাগৰাকীও দলীয় নেতৃবৃন্দ উপস্থিত থাকে। আজিৰ নিৰ্বাচনী জনসভাত গণ সুৰক্ষা পাৰ্টীৰ ৯৫৭ গৰাকী আৰু ৮০০ গৰাকী বিপিএফ, কংগ্ৰেছ আদি দলৰ পৰা মুঠ ১,৬৫৭ গৰাকীয়ে ইউপিপিএল দলত আনুষ্ঠানিকভাৱে যোগদান কৰে।

No comments