Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

মিঞা অসমীয়া জনগোষ্ঠীৰ নামকৰণ

খবিৰ আহমেদঃ সম্প্ৰতি সামাজিক মাধ্যমত মিঞা জনগোষ্ঠীৰ নামকৰণ সম্পৰ্কে প্ৰচাৰিত এখন হাতেলিখা গোহাৰি আমাৰ দৃষ্টিগোচৰ হৈছে। গোহাৰিখন প্ৰচাৰ কৰা...



খবিৰ আহমেদঃ

সম্প্ৰতি সামাজিক মাধ্যমত মিঞা জনগোষ্ঠীৰ নামকৰণ সম্পৰ্কে প্ৰচাৰিত এখন হাতেলিখা গোহাৰি আমাৰ দৃষ্টিগোচৰ হৈছে। গোহাৰিখন প্ৰচাৰ কৰা হৈছে ‘চৰ-চাপৰি থলুৱা অসমীয়া সমাজ’ নামৰ  সংগঠন এটাৰ পেডত। অসমৰ বিশিষ্ট সাহিত্যিক ইছমাইল হোছেইনে নিজহাতে লিখা গোহাৰি-পত্ৰখনত তেখেত নিজেও এজন স্বাক্ষৰকাৰী। ইছমাইল হোছেইন গোহাৰি-পত্ৰখনৰ স্বাক্ষৰকাৰী হিচাপে থকাৰ বাবেই এই বিষয়টোৰ ওপৰত আমাৰ কিছু প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ আগবাঢ়িছো। 

গোহাৰি-পত্ৰখনত কোৱা হৈছে যে চৰ-চাপৰিৰ জীৱনধাৰাৰ সৈতে জড়িত জনসমষ্টিৰ সৰ্বসন্মত নামকৰণ সম্পৰ্কীয় এখন অভিৱৰ্তন অহা ৭ ডিচেম্বৰয২০২০, পুৱা ১১ বজাত গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হ’ব। ১০০ টকা প্ৰতিনিধি মাচুল জমা দি অধিৱেশনত অংশগ্ৰহণ কৰিবলৈ আৰু সিদ্ধান্তমূলক পৰামৰ্শ দিবলৈ গোহাৰি-পত্ৰখনৰ জৰিয়তে আহবান জনোৱা হৈছে।

প্ৰসংগক্ৰমে ক’ব লাগিব যে কিছুদিন পূৰ্বে ইছমাইল হোছেইনে মোলৈ ফোন কৰিছিল। তেখেতে মোক কৈছিল যে চৰ-চাপৰিত বসবাস কৰা বংগীয় মূলৰ মুছলমান মানুহখিনিৰ এটা সৰ্বসন্মত নামকৰণ হ’ব লাগে আৰু তাৰ বাবে গুৱাহাটীত এখন অভিৱৰ্তন অনুষ্ঠিত কৰিব লাগে। এই অনুষ্ঠানৰ প্ৰথমজন আহবায়ক হ’বলৈ মোক তেওঁ অনুৰোধ কৰিছিল।

দৰাচলতে দেখা যায় যে এই জনগোষ্ঠীটোৰ এটা নামে ইতিমধ্যে বহুল প্ৰচাৰ, স্বীকৃতি আৰু কিছু পৰিমাণে মান্যতা লাভ কৰিছে। সেইবাবে বিষয়টো এৰাই চলিবলৈ মই তেখেতক কৈছিলো যে যিহেতু এই সময়ত ‘মিঞা পয়েট্ৰী’ আৰু ‘মিঞা মিউজিয়াম’ক লৈ অসমৰ ৰাজনীতি গৰম হৈ আছে, গতিকে এই মুহূৰ্তত তেনেকুৱা এটা অনুষ্ঠান আহবান নকৰাই ভাল হ’ব। কিয়নো, ইয়ে ৰাজনৈতিক আৰু সামাজিক স্তৰত অধিক বিতৰ্কৰ সৃষ্টি কৰিব। মোৰ কথাৰ বাস্তৱ ভিত্তি আছিল। অতীত অভিজ্ঞতাৰ পৰা দেখা যায় যে এনে অভিৱৰ্তনৰ জৰিয়তে এটা ঐকমত্যত উপনীত হ’ব পৰা নাযাব। আৰু শেষলৈ গৈ অভিৱৰ্তনখন এটা বুমেৰাঙত পৰিণত হ’ব। অনেকেই আমাক হাঁহিব আৰু ক’ব ঃ ‘যিহেতু এতিয়ালৈকে তহঁতৰ এটা নামেই নাই, গতিকে তহঁত আৰু কিহৰ অসমীয়া·’ মই আওপকীয়াকৈ আৰু বিনম্ৰভাৱে হোছেইনৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিলো।

(ক) পাৰ হৈ যোৱা প্ৰেক্ষাপট ঃ চৰ-চাপৰিৰ জনসমষ্টিৰ নামকৰণৰ বিতৰ্ক আজিৰ নতুন নহয়। পাম খেতিৰ লগত সাঙুৰি লৈ এই মানুহখিনিক বহুতেই পমুৱা বুলি ক’ব খুজিছিল। কিন্তু এওঁলোক পমুৱা (migrant) নাছিল, আছিল স্থায়ী বাসিন্দা।  সেই হেতু ১৯৭০ চনৰ আগতেই পমুৱা নামটো সকলোৱে অগ্ৰাহ্য কৰিছিল। যাৰ বাবে ১৯৭০ চনৰ ১০ জুন তাৰিখে হোমেন বৰগোহাঞিদেৱে ‘নীলাচল’ কাকতৰ বিশেষ সংখ্যা উলিয়াই এই জনগোষ্ঠীটোক ‘ন-অসমীয়া’ বুলি পৰিচয় কৰাই দিছিল। অৱশ্যে তাৰ বহুত আগতেই জ্যোতিপ্ৰসাদ আগৰৱালাই এই মানুহখিনিক ‘ন-অসমীয়া’ হিচাপে সম্বোধন কৰি থৈ গৈছিল। ‘ন-অসমীয়া’ নামকৰণৰ ক্ষেত্ৰত এই সমাজৰ প্ৰয়াত জননেতা আতাউৰ ৰহমান, এম ইলিম উদ্দিন দেৱান, মঃ ইদ্ৰিছ, অধ্যক্ষ মহঃ আব্দুল হাই, ড০ ৰিয়াজ উদ্দিন আৰু বহুতৰে সমৰ্থন আছিল। তেতিয়া আশা কৰা হৈছিল যে সময় পাৰ হোৱাৰ লগে লগে ‘ন’ শব্দটো নোহোৱা হৈ যাব আৰু এই মানুহখিনি অসমীয়া হিচাপে পৰিচিত হ’ব। কিন্তু কাৰ্যতঃ সেয়া হৈ নুঠিল। বিদেশী খেদা আন্দোলন আৰম্ভ হোৱাৰ পিছৰে পৰা একাংশ অবিবেচকী উগ্ৰ জাতীয়বাদীৰ উদ্ভণ্ডালিত বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়া থানবান হৈ গ’ল। অসমীয়া অভিধা পোৱাৰ বিপৰীতে এওঁলোকক চৰুৱা, পমুৱা, মিঞা, মৈমনচিঙীয়া, ভাটিয়া আৰু বিভিন্ন তুচ্ছাৰ্থক শব্দ ব্যৱহাৰ কৰি সকলো সময়ত অপমান-অপদস্থ কৰা হ’ল। এন আৰ চি, ‘ডি’ ভোটাৰ, ডিটেনচন কেম্পৰ গইনা লৈ এওঁলোকক শাৰীৰিক, মানসিক আৰু আৰ্থিকভাৱে হাৰাশাস্তি চলাই থকা হ’ল, বিদেশী সজোৱাৰ চেষ্টা কৰা হ’ল। ‘ন-অসমীয়া’ অভিধাটো কোনেও মানি নল’লে। একাংশ মানুহৰ মাজত মিঞা জনগোষ্ঠীৰ নামকৰণৰ বিতৰ্ক চলিয়েই থাকিল।

আমাৰ যিমানদূৰ মনত পৰে ১৯৯২ নে ১৯৯৩ চনত এই জনগোষ্ঠীটোৰ এটা সৰ্বসন্মত নামকৰণ কৰাৰ বাবে গুৱাহাটীৰ অসম সাহিত্য সভা ভৱনত কে’বালানিও আলোচনা অনুষ্ঠিত হৈছিল। সেই আলোচনাত এই জনগোষ্ঠীৰ বহুতো শিক্ষিত সমাজ সচেতন ব্যক্তিয়ে যোগদান কৰি তেওঁলোকৰ মতামত আগবঢ়াইছিল। বেছিভাগ যোগদানকাৰীয়ে ‘মিঞা’ বা মিঞা অসমীয়া নামৰ সপক্ষে আছিল যদিও দুই-এজনে ইয়াৰ বিৰোধিতাও কৰিছিল। সেইবাবেই সেই সময়ত ‘মিঞা’ নামটোৰ আনুষ্ঠানিক ঘোষণা কৰা নহ’ল। 

ইয়াৰ পিছত ১৯৯৫ চনত চৰ-চাপৰিৰ মুছলমান জনগোষ্ঠীৰ নামকৰণক লৈ ‘আমাৰ অসম’ আৰু ‘গণ অধিকাৰ’ কাকতত আৰম্ভ হৈছিল এক দীঘলীয়া বিতৰ্ক। ইছমাইল হোছেইনেও এই বিতৰ্কত যোগদান কৰি জনগোষ্ঠীটোক অভিবাসী অসমীয়া মুছলমান বুলি নামকৰণ কৰিব খুজিছিল। আমি যুক্তি দৰ্শাইছিলো মিঞা নামৰ সপক্ষে। বিতৰ্কটো ইমানেই দীঘলীয়া হৈছিল যে অৱশেষত ‘আমাৰ অসম’ কাকতৰ সম্পাদক হোমেন বৰগোহাঞিয়ে এই বিষয়ৰ ওপৰত অধিক কোনো লিখা ছপোৱা নহ’ব বুলি ঘোষণা কৰিছিল। আমাৰ লগত মিঞা নামৰ সপক্ষে ভাগ লৈছিল হাফিজ আহমেদ, ছোহৰাব আহমেদ, এছাহাক আলী দেৱান, কেৰামত আলী সেখ, আবুল হাছান মোল্লা আদিয়ে। এই লেখকসকলে মিঞা নামৰ সপক্ষে আগবঢ়োৱা যুক্তি আৰু তথ্যসমূহ আমাৰ ‘লুইতত এডোঙা তেজ’ (১৯৯৭) নামৰ গ্ৰন্থত সন্নিৱিষ্ট কৰা হৈছে।

আমাৰ মতৰ বিপৰীতে অৱস্থান কৰি ইছমাইল হোছেইনে এই জনসমষ্টিৰ নাম অভিবাসী অসমীয়া মুছলমান কৰিব বিচাৰিছিল। তেওঁ এখন গ্ৰন্থও ৰচনা কৰিছে, যিখনৰ নাম দিয়া হৈছে ‘অসমৰ জাতীয় জীৱন আৰু অভিবাসী অসমীয়া মুছলমান’। এতিয়া সকলোৱে বুজিব পাৰিছে যে ‘অভিবাসী’ শব্দটো আমাৰ বাবে কিমান মাৰাত্মক ভুল আৰু ক্ষতিকাৰক আছিল। সেই কথা আজি ইছমাইল হোছেইনেও স্বীকাৰ কৰে।

১৯৯৭ চনত অসম সাহিত্য সভাৰ চৰ-চাপৰি শাখাৰ অধিৱেশন বাঘবৰত অনুষ্ঠিত হৈছিল। সেই সময়ৰ অসম সাহিত্য সভাৰ সভাপতি ড০ নগেন শইকীয়াই এই জনগোষ্ঠীটোৰ নামকৰণ কৰিছিল ‘লৌহিত্য সম্প্ৰদায়’ বুলি। কিন্তু এই সম্প্ৰদায়ৰ কোনো লোকে নামটো গ্ৰহণ কৰিবলৈ আগবাঢ়ি নাহিল।

চৰুৱা, ভাটিয়া, ‘চৰ-চাপৰিৰ থলুৱা সমাজ’ ‘অভিবাসী অসমীয়া মুছলমান’ বা ‘চৰ-চাপৰিৰ মুছলমান সমাজ’— এনেধৰণৰ কোনো এটা নামেই এই জনসমষ্টিটোক সামগ্ৰিকভাৱে সামৰি নলয়। এই নামবোৰে মিঞাসকলৰ সামগ্ৰিক বৈশিষ্ট্য আৰু গোষ্ঠীগত সত্তাৰ প্ৰকাশ কৰিব নোৱাৰে। মিঞা বুলি ক’লে কোনখিনি জনসমষ্টিক সামৰি লয় সেয়া সকলোৱে বুজি পায়। আৰু সেই মানুহখিনি কেৱল চৰ-চাপৰিত সীমাবদ্ধ হৈ থকা নাই। চৰবোৰত এওঁলোকৰ মাথোঁ এটা অংশহে বাস কৰে। গতিকে স্বাভাৱিকতেই চৰুৱা নাম হ’ব নোৱাৰে। কিছুসংখ্যক মানুহ আছে, যিসকলে নামনি বা ভাটিৰ পৰা প্ৰব্ৰজন কৰি অহা নাই। তেওঁলোকে নামনি অসমৰ স্থায়ী বাসিন্দা অথচ গৰিয়া, মৰিয়া, বা দেশীও নহয়। উদাহৰণ স্বৰূপে জলেশ্বৰৰ পীৰ পৰিয়াল। তেওঁলোক আৰু তেওঁলোকৰ নিচিনা বহুতেই যিহেতু ‘ভাটিয়া’ নহয় গতিকে ভাটিয়া নামটোও গ্ৰহণযোগ্য হ’ব নোৱাৰে। চৰ-চাপৰিৰ থলুৱা সমাজ হ’ব নোৱাৰে, কাৰণ অসমৰ চৰবোৰত মিঞাসকলৰ বাহিৰেও আৰু কে’বাটাও জনগোষ্ঠী বসবাস কৰে। চৰ-চাপৰিৰ মুছলমান বা চৰ-চাপৰিৰ অসমীয়া মুছলমানো হ’ব নোৱাৰে, কাৰণ ‘মিঞা’ বুলিলে আমি যি লোকগোষ্ঠীক বুজি পাওঁ তেওঁলোকে চৰ-চাপৰিৰ পৰিসীমা পাৰ হৈ অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত বিভিন্ন পৰিস্থিতিত বসবাস কৰি আছে। আমাৰ প্ৰশ্ন হ’ল- মিঞা জনগোষ্ঠীৰ যিবিলাক মানুহে মেঘালয়ৰ শ্বিলং, লাড্ৰিমভাই, ফুলবাৰী, তুৰা আদি ঠাইত বসবাস কৰি আছে তেওঁলোকক কি বুলি কোৱা হ’ব· যিবিলাক মানুহ অসম-নাগালেণ্ডৰ ব’ৰ্ডাৰ আৰু গোলাঘাট জিলাৰ মেৰাপানী তথা উৰিয়ামঘাটৰ নিচিনা দুৰ্গম অঞ্চলত বসতি স্থাপন কৰি আছে তেওঁলোকক কি বুলি কোৱা হ’ব ? এই জনগোষ্ঠীৰ যিবিলাক মানুহ বড়োলেণ্ড, নাগালেণ্ড, অৰুণাচলৰ প্ৰত্যন্ত অঞ্চলত, যোৰহাট, শিৱসাগৰত স্থায়ীভাৱে বসবাস কৰি আছে তেওঁলোকক কি বুলি কোৱা হ’ব· এই জনগোষ্ঠীৰ যিবিলাক মানুহ অসমৰ বাহিৰলৈ গৈ দিল্লী, মুম্বাই, লক্ষে®ৗ আদি ঠাইত স্থায়ীভাৱে থাকিবলৈ লৈছে তেওঁলোকক কি বুলি কোৱা হ’ব· আমাৰ বোধেৰে একমাত্ৰ ‘মিঞা’ শব্দৰ বাহিৰে এই সমুদায় মানুহখিনিক সামৰি লোৱা আন কোনো শব্দ নাই। এওঁলোক মিঞা জনগোষ্ঠীৰ মানুহ আৰু অসমৰ ভৌগোলিক পৰিসীমাৰ ভিতৰৰ মানুহখিনি অসমীয়া মিঞা বা ‘মিঞা-অসমীয়া’। এইখিনিতে উল্লেখ কৰিব পাৰি যে নাগালেণ্ড আৰু অৰুণাচলতো এই মানুহখিনিক মিঞা বুলিয়েই জানে।

আমি ক’ব বিচাৰিছো যে সম্প্ৰদায়ৰ নামটো যদি এখন চামিয়ানাৰ লগত তুলনা কৰা যায় তেনেহ’লে মিঞা শব্দটোৱে যিমান ব্যাপকসংখ্যক মানুহক সামৰি ল’ব পাৰে, আন কোনো শব্দই নোৱাৰে। মিঞা শব্দটোৰ যিমান বিশালতা আৰু ব্যাপ্তি আছে, আমি ইতিমধ্যে আলোচনা কৰা কোনো শব্দৰেই তেনেকুৱা বিশালতা আৰু ব্যাপ্তি নাই। এনেকুৱাও হ’ব পাৰে যে এই জনগোষ্ঠীটোৰ নাম যদি মিঞা  জনগোষ্ঠী হয় আৰু যিহেতু সকলো দেশৰেই সকলো ভাষা-ভাষী মুছলমান মানুহে ‘মিঞা’ শব্দটো ব্যৱহাৰ কৰে, গতিকে এনে এটা সময়ো আহিব পাৰে- যেতিয়া অসমত যিবিলাক মুছলমান মানুহক মিঞা জনগোষ্ঠীৰ বাহিৰৰ বুলি গণ্য কৰা হয় তেওঁলোকো মিঞা জনগোষ্ঠীৰ অন্তৰ্ভুক্ত হোৱাৰ স্থল থাকি যায়।

মিঞা নামকৰণৰ বিৰোধিতা কৰা নগণ্যসংখ্যক মানুহৰ যুক্তি হৈছে যে ‘মিঞা’ শব্দটো যিহেতু এটা সম্বোধনসূচক শব্দ গতিকে এই নামেৰে এটা জনগোষ্ঠীৰ নামকৰণ হ’ব নোৱাৰে। এইটো এটা অদ্ভ³ত যুক্তি। এই শব্দটো কেতিয়াবা বিশেষ্য হিচাপে আকৌ কেতিয়াবা বিশেষণ হিচাপে ব্যৱহাৰ কৰা হয়। যেনে— বৰ’ মিঞা, ছুটু মিঞা, মাজু মিঞা, চান্দ মিঞা, আল্লা মিঞা (বিশেষ্য)। আকৌ মিঞা ভাই, মিঞা জান, মিঞা চাহাব, মিঞা ঘৰানা আদি শব্দত মিঞা শব্দটো এটা বিশেষণ হিচাপে ব্যৱহাৰ হৈছে। ‘মিঞা’ শব্দটোৱে জনগোষ্ঠীয় নাম বুজোৱাৰ লগে লগে ই নামবাচক বিশেষ্য হৈ পৰিব। নামবাচক বিশেষ্যৰ ব্যাকৰণ আৰু অভিধানৰ লগত তেনেকুৱা সম্পৰ্ক নাই। নামবাচক বিশেষ্য যেনে মানুহৰ নাম অভিধানত পোৱা নাযায়। অথচ অভিধানৰ পৰা অৰ্থপূৰ্ণ শব্দ বুটলি আনি যিকোনো নাম ৰাখিব পৰা যায়। গতিকে ‘মিঞা’ শব্দটো কিহৰ বাবে এটা জনগোষ্ঠীয় নাম হ’ব নোৱাৰিব আমি বুজি নাপাওঁ। যি শব্দৰ অৰ্থ ডাঙৰীয়া, ভদ্ৰ, সন্মানীয় - তেনেকুৱা শব্দ এটাৰে এটা জনগোষ্ঠীৰ নামকৰণ কৰিব পৰা নাযাব তেনেকুৱা ধাৰণা শুদ্ধ নহয়। কোনো এটা অৰ্থপূৰ্ণ শব্দ আঁজুৰি আনিয়েইতো জনগোষ্ঠী এটাৰ নামকৰণ কৰা উচিত। 

মিঞা নামকৰণৰ বিৰোধিতা কৰাসকলৰ আৰু এটা যুক্তি হৈছে যে যি জনসমষ্টিক মিঞা সমাজ বুলি জনা যায় তাৰ মাত্ৰ এটা অংশইহে মিঞা শব্দটো উপাধি হিচাপে ব্যৱহাৰ কৰে। গতিকে ক্ষুদ্ৰ এটা অংশই উপাধি হিচাপে ব্যৱহাৰ কৰা শব্দ এটা আনি সম্প্ৰদায় এটাৰ নাম ৰখাটো অনুচিত। এইক্ষেত্ৰত আমি ক’ব খোজো যে বড়ো, আহোম, কলিতা আৰু কোচ-ৰাজবংশী এইবিলাকো এটা এটা সম্প্ৰদায়ৰ নাম। কিন্তু এই সম্প্ৰদায়সমূহৰ সকলো মানুহেই নামৰ পিছত বড়ো, আহোম, কলিতা বা কোচ-ৰাজবংশী নিলিখে। কলিতা জনগোষ্ঠীৰ কিমান মানুহে উপাধি কলিতা লিখে, আহোম জনগোষ্ঠীৰ কিমান মানুহে নামৰ শেষত আহোম লিখে· অথবা বড়ো জনগোষ্ঠীৰ খুব নগণ্যসংখ্যকেহে নামৰ শেষত বড়ো লিখে। তেওঁলোকে বংশ-পৰম্পৰা হিচাপে তেওঁলোকৰ নিজ নিজ উপাধিবোৰ ব্যৱহাৰ কৰি আহিছে, কিন্তু সম্প্ৰদায় হিচাপে তেওঁলোক বড়ো, আহোম, কলিতা বা ৰাজবংশী। গতিকে শব্দ এটা একাংশ মানুহে উপাধি হিচাপে ব্যৱহাৰ কৰিলেও সেই উপাধিৰে সম্প্ৰদায় এটাৰ নামকৰণ হ’ব পাৰে। তাত কোনো বাধা নাই।

তেওঁলোকৰ আৰু এটা যুক্তি হ’ল যে মিঞা শব্দটোৰ কোনো ঐতিহাসিক আৰু সাংস্কৃতিক প্ৰেক্ষাপট নাই। আৰু সেইবাবেই মিঞা নামেৰে এটা জনগোষ্ঠীৰ নামকৰণ হ’ব নোৱাৰে। এই সম্পৰ্কে আমি ক’ব খোজো যে যিসকলে ‘মিঞা’ শব্দটোৰ কোনো ঐতিহাসিক আৰু সাংস্কৃতিক প্ৰেক্ষাপট বিচাৰি নাপায় তেওঁলোকে তেনেদৰে কৈ নিজকেই হাঁহিয়াতৰ পাত্ৰ কৰে। ভাষাতত্ত্বৰ এজন ছাত্ৰ হিচাপে আমি জানো যে প্ৰয়োজন সাপেক্ষেহে এটা শব্দৰ উৎপত্তি হয় আৰু প্ৰত্যেকটো শব্দৰ পিছতেই আছে এটা এটা ইতিহাস। অসমৰ আৰ্থ-সামাজিক আৰু ঐতিহাসিক প্ৰেক্ষাপটত এটা জনগোষ্ঠীক নতুনকৈ নামকৰণ কৰিবলগীয়া হৈছে। এয়া সময়ৰ সত্য। সেই সত্যৰ তত্ত্ব উদ্ভাৱন কৰা বুদ্ধিজীৱীসকলে মাটিৰ লগত সম্পৃক্ত বাস্তৱ সত্য অনুধাৱন কৰিব পাৰিব লাগিব। বাস্তৱ সত্য, সৰ্বসন্মত আৰু সৰ্বাধিক গ্ৰহণযোগ্য সত্যটো হৈছে এওঁলোক মিঞা— অসমৰ অসমীয়া মিঞা।

উৎপত্তিৰ পৰা শব্দটোৰ বৰ্তমান অৱস্থালৈকে এই দীঘলীয়া পৰিক্ৰমাত শব্দটোৰ বহু উত্থান-পতনো হয়। দ্বিতীয়তে, কেইটামান আখৰৰ অৰ্থপূৰ্ণ জোঁটনিহে শব্দ। শব্দটোৱে যিটো অৰ্থ বুজায় বা যিটো বস্তুলৈ ইংগিত (Signify) কৰে সেই বুজোৱা বা ইংগিত কৰা (Signified) বস্তুৰ আৰ্থ-সামাজিক অৱস্থাৰ ওপৰতহে শব্দটোৰ মান্যতা নিৰ্ভৰ কৰে। মোগল আমোলত মিঞা শব্দটোৱে যি বুজাইছিল বা আজিও উত্তৰ প্ৰদেশ, দিল্লী, হায়দৰাবাদ আদি ঠাইত ‘মিঞা’ শব্দটোৱে যি বুজায় অসমত বুজায় তাৰ বিপৰীতটো। শিক্ষাৰ অভাৱ, ধৰ্মান্ধতা, অন্ধবিশ্বাস, বাল্যবিবাহ, বহুবিবাহ, বিজ্ঞানমনস্কতাৰ অভাৱৰ লগত অসমত মিঞাসকল আৰ্থিক, ৰাজনৈতিক আৰু বৌদ্ধিক ষড়যন্ত্ৰৰ বলি হৈ আহিছে। সামগ্ৰিকভাৱে মিঞাসকলৰ অৱস্থা আজি দলিত আৰু মহাদলিতৰ লেখীয়া। অসমত ‘মিঞা’ শব্দটোৱে এই লোকসমূহৰ এনেকুৱা প্ৰতিচ্ছবি এটাৰ ইংগিত (Signify) কৰে কাৰণেই ‘মিঞা’ শব্দটো বেয়া বা অৰুচিকৰ হ’ব নোৱাৰে। অসমত মিঞা শব্দৰ অৰ্থৰ অৱনতি (degeneration of meaning) হৈছে। মূল কথা মানুহখিনিৰ আৰ্থ-সামাজিক অৱস্থা আৰু জীৱনশৈলীহে। অসমত মিঞা মানুহৰ আৰ্থ-সামাজিক অৱস্থা ভাল হ’লে, জীৱনশৈলী উন্নত হ’লে ‘মিঞা’ শব্দয়ো মান্যতা পাব। অৰ্থাৎ ‘মিঞা’ শব্দৰ অৰ্থৰ মান্যতাপ্ৰাপ্তি (elevation of meaning) হ’ব।

(খ) নামকৰণৰ ›¶ক্ৰিয়া সমাপ্ত হৈছে ঃ আমি ভাবিছিলো যে চৰ-চাপৰিৰ মুছলমানখিনিৰ নামকৰণৰ বিতৰ্ক ১৯৯৭ চনতেই সমাপ্ত হৈছে। কিয়নো আজিৰ প্ৰেক্ষাপটত দেখা যায় যে এই নামটো এই জনসমষ্টিৰ প্ৰায় ৭০য৮০ শতাংশ মানুহেই মানি লৈছে। ৰাজনৈতিক নেতাৰ পৰা আৰম্ভ কৰি শিল্পী, সাহিত্যিক, বুদ্ধিজীৱী, সাংবাদিক আৰু সকলো স্তৰৰ মানুহৰ মন-মগজুতেই এই নামটোৱে ইতিমধ্যে থিতাপি লৈছে। মিঞাসকলৰ আৰ্থ-সামাজিক আৰু শৈক্ষিক উন্নয়নৰ লগে লগে মিঞা শব্দটোৱে কিছু পৰিমাণে মান্যতাও পাব ধৰিছে। আজিকালি মিঞা বুলি সম্বোধন কৰিলে মানুহে আৰু বেয়া নাপায়। অসমত মিঞাসকল এটা প্ৰতিষ্ঠিত সম্প্ৰদায়। ইতিমধ্যে মিঞা (অসমীয়া) পৰিষদ, মিঞা জনগোষ্ঠীয় মঞ্চ, মিঞা ইতিহাস অনুসন্ধান সমিতি, মিঞা সাংস্কৃতিক মঞ্চ (গোৱালপাৰা) আদি গঠন হৈছে।  কলগাছিয়া, মন্দিয়া, খাৰুপেটীয়া, ৰূপহী, জুৰীয়া আদি বহুতো অঞ্চলত সাংস্কৃতিক কৰ্মীসকলে মিঞা সংস্কৃতিক অসমীয়া সংস্কৃতিৰ এটা অংগ বুলি প্ৰতিষ্ঠা কৰিবলৈ আপ্ৰাণ চেষ্টা কৰি আহিছে। সঠিক নেতৃত্ব পালে এইসমূহ সংগঠনে ভুল-শুদ্ধৰ মাজেদি এটা সময়ত সঠিক পথৰ সন্ধান পাব। গতিকে যিসকলে ‘মিঞা’ শব্দ শুনিলেই বিচ্ছিন্নতাৰ গোন্ধ পায় তেওঁলোকক আমি অনুৰোধ কৰিছো তেনেকুৱা মনোভাব পৰিহাৰ কৰিবলৈ। অসমৰ সকলো জনগোষ্ঠীয়ে যদি নিজা নিজা জনগোষ্ঠীয় পৰিচয় লৈ বৃহৎ অসমীয়া জাতিৰ অংগ হ’ব পাৰে, তেনেহ’লে মিঞাসকলে নোৱাৰিব কিয়·

কিছু কিছু মানুহে অৱশ্যে এতিয়াও নিজকে মিঞা বুলি পৰিচয় দিওঁতে লজ্জাবোধ কৰে। কিন্তু তেওঁলোককো তথাকথিত মূলসুঁতিৰ কিছুমানে ‘খাটি মিঞা’ বুলিয়েই সম্বোধন কৰে। শতিকাজুৰি শোষণ, বঞ্চনা, অপমান, অপবাদ, লাঞ্ছনা, বিদ্বেষ আৰু ভেদভাবেৰে জৰ্জৰিত অথচ অদম্য কৰ্মস্পৃহা আৰু প্ৰাণশক্তিৰে বলীয়ান মিঞা জনগোষ্ঠীৰ বিশাল শোভাযাত্ৰা বাহিৰ হৈছে নতুন অসম আৰু নতুন ভাৰত গঢ়াৰ অভিমুখে। কোনো খবিৰ আহমেদ অথবা কোনো ইছমাইল হোছেইনে হেজাৰ চেষ্টা কৰিও সেই শোভাযাত্ৰাত বাধা দিব নোৱাৰে। সকলো ভ্ৰান্তিৰ কুঁৱলী ফালি মিঞা সমাজৰ নতুন পুৰুষসকল আজি উদ্বুদ্ধ, উদ্ভাসিত আৰু নতুনৰ প্ৰতি উন্মুক্ত। তেওঁলোকে  বিচাৰে এই জনগোষ্ঠীটোৰ এটা নাম হওক আৰু সেয়া হওক মিঞা। এই সত্য কথাটো আমি যিমান সোনকালে মানি ল’ম সিমানেই সকলোৰে বাবে মংগল।

(গ) এটা নাম কিয় লাগে ঃ মই এজন ভাৰতীয়। তাৰ পিছত যদি মোক প্ৰশ্ন কৰা হয়, ‘তুমি ভাৰতবৰ্ষৰ কোনখন প্ৰদেশৰ·’ তেতিয়া মোৰ উত্তৰ হ’ব, ‘মই অসমৰ হয় আৰু মই এজন অসমীয়া’। যিহেতু মোৰ ধৰ্ম ইছলাম আৰু মই এজন মুছলমান গতিকে মই এজন অসমীয়া মুছলমান। মোক যদি কোনোবাই দ্বিধাহীনভাৱে অসমীয়া মুছলমান বুলি মানি লয় আৰু সম্বোধন কৰে তেনেহ’লে মই নথৈ আনন্দিত অনুভৱ কৰো। দৰাচলতে, এজন ভাল অসমীয়া মুছলমান হোৱাৰ বাবেই মই নিৰন্তৰ কৰি আহিছো আপ্ৰাণ চেষ্টা। কিন্তু তাৰ পিছতো কোনোবাই যদি মোক বাদ পেলাই অসমীয়া মুছলমানৰ জৰীপ কৰে অথবা কয় যে ‘মমিনুল আৱাল আৰু ছৈয়দ আব্দুল মালিকহে আচল অসমীয়া মুছলমান। তোমালোকৰ মাজত দেধাৰ পাৰ্থক্য আছে। তেনেহ’লে তোমালোকে কেনেদৰে অসমীয়া মুছলমান হ’লা·’, তেতিয়া মই ক’ম যে যদি মোৰ আৰু মমিনুল আৱালৰ মাজত পাৰ্থক্য দেখুৱাবই লাগে তেনেহ’লে মোক আপোনালোকে কওক মিঞা অসমীয়া, অসমীয়া মিঞা অথবা অসমৰ মিঞা মুছলমান।

(গ) সামৰণি ঃ ইছমাইল হোছেইন মোৰ পুৰণি বন্বুূ। মই তেওঁক বহুতো শ্ৰদ্ধা কৰো। এশৰো অধিক গ্ৰন্থ ৰচনা কৰি অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিলৈ তেওঁ যি অনবদ্য অৱদান আগবঢ়াইছে সেয়া তেওঁৰ সাত-শতৰুৱেও স্বীকাৰ কৰিব। মিঞা জনগোষ্ঠীক অসমীয়াকৰণ আৰু মিঞা জনগোষ্ঠী আৰু মূলসঁুতিৰ অসমীয়া সমাজৰ মাজত সমন্বয় সাধন কৰিবলৈ তেওঁ যিমানখিনি ত্যাগ স্বীকাৰ কৰিছে সেয়া এক বিৰল দৃষ্টান্ত। ইছমাইল হোছেইনৰ আহবানত অহা ৭ ডিচেম্বৰ, ২০২০ তাৰিখে যিবিলাক সচেতন ব্যক্তি প্ৰস্তাৱিত এই সন্মিলনলৈ আহিব, তেওঁলোকৰ প্ৰতিও আমাৰ কোনো বিৰাগ নাই; নাই কোনো বিৰোধ ভাব। মতামতৰ স্বাধীনতা সকলোৰে আছে। মতামত যিমান প্ৰয়োজন, এটা ঐকমত্যত উপনীত হোৱাটোও সিমানেই প্ৰয়োজন। কিন্তু কথা হৈছে— এই জনসমষ্টিৰ পৰা ওলাই অহা আমি শিক্ষিত মানুহচামে আৰু কিমান দিন এওঁলোকৰ এটা নামকৰণ লৈ ল’ৰা-ধেমালি কৰি থাকিম· এনেদৰে বিভাজিত হৈ থাকি আমি শিক্ষিতচামেই এই জনগোষ্ঠীটোক এটা অনিশ্চয়তাৰ মাজলৈ ঠেলি দিয়া নাই জানো· আহকচোন আমি আমাৰ ব্যক্তিগত আৱেগ, আক্ৰোশ আৰু অহং ভাব পৰিহাৰ কৰি এই দুঃস্থ-দুৰ্ভগীয়া মানুহখিনিৰ নামকৰণক লৈ এটা ঐকমত্যত উপনীত হওঁ।

(ঘ) পুনশ্চ ঃ শেষত এটা কথা ক’ব লাগিব যে চৰ-চাপৰিৰ মুছলমান মানুহখিনি আমি মিঞা জনগোষ্ঠী বা মিঞা অসমীয়া হিচাপে নামকৰণ হোৱাটো সমৰ্থন কৰো কিন্তু আমি মিঞা দোৱানত লিখা তথাকথিত ‘মিঞা কবিতা’ক সমৰ্থন নকৰো। আমি মিঞা কবিতাক কিয় সমৰ্থন নকৰো সেই কথা অইন এদিন।

( লেখক এগৰাকী কবি, সাহিত্যিক, শিক্ষাবিদ, বিটিআৰ'ৰ প্ৰাক্তন শিক্ষা  সঞ্চালক | 
ফোন নম্বৰ  : 9954033111  )

No comments