ষ্টাফ ৰিপ'ৰ্টাৰ, নগাঁও, ১৩ ডিচেম্বৰ : নগাঁও জিলা বন সুৰক্ষা বিষয়া চেমিম আখতাৰৰ নেতৃত্বত আজি পুৱা জিলা খনৰ চামগুৰিত এখন কাঠ ভৰ্তি ডি আই ভ...
ষ্টাফ ৰিপ'ৰ্টাৰ, নগাঁও, ১৩ ডিচেম্বৰ : নগাঁও জিলা বন সুৰক্ষা বিষয়া চেমিম আখতাৰৰ নেতৃত্বত আজি পুৱা জিলা খনৰ চামগুৰিত এখন কাঠ ভৰ্তি ডি আই ভান আৰু মোৱামাৰীত এটা অবৈধ কাঠ মিল জব্দ কৰিবলৈ সক্ষম হয়। নগাঁও জিলা বন বিভাগৰ সুত্ৰই জানিবলৈ দিয়া মতে- আজি পুৱা প্ৰায় ৬.৩০ বজাত নম্বৰ প্লেট বিহীন ডি আই গাড়ীত বহু পৰিমাণৰ কাঠ জব্দ কৰে। জব্দকৃত কাঠ খিনিৰ মূল্য অৰ্ধ লক্ষাধিক টকা হ'ব বুলি প্ৰকাশ কৰাৰ লগতে চামগুৰি মোৱামাৰীৰ পৰা এটা অবৈধ কাঠ ফলা মি'লো জব্দ কৰে। অভিযান টোত বন বিভাগৰ কৰ্মী ক্ৰমে ৰঞ্জন কুমাৰ বৰা, গোলাপী দেৱী, দেৱানন্দ বৰাই সহযোগিতা আগবঢ়ায়।
No comments