Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

টেষ্টত নিজৰে সবাতোকৈ কম ৰানৰ ৰেকৰ্ড ভাঙিলে ভাৰতে

  এদিলেড, ১৯ ডিচেম্বৰ: ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত এদিলেডত চলি থকা প্ৰথমখন টেষ্টৰ দ্বিতীয় ইনিংছত সবাতোকৈ কম ৰান সংগ্ৰহ কৰাৰ ৰেকৰ্ড গঢ়িছে ভাৰত...

 


এদিলেড, ১৯ ডিচেম্বৰ: ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত এদিলেডত চলি থকা প্ৰথমখন টেষ্টৰ দ্বিতীয় ইনিংছত সবাতোকৈ কম ৰান সংগ্ৰহ কৰাৰ ৰেকৰ্ড গঢ়িছে ভাৰতে। ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলীসহ ভাৰতৰ ৬জন ক্ৰিকেটাৰে কেৱল ১৯ৰান সংগ্ৰহ কৰিয়ে আউত হয় আৰু ৩১ৰান সংগ্ৰহ কৰালৈ ৯জন ক্ৰিকেটাৰ আউত হয়। আনহাতে মহম্মদ স্বামী মেচৰ মাজতে আঁতৰি আহে। দ্বিতীয় ইনিংছত ভাৰতে কেৱল ৩৬ৰানহে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সংগ্ৰহ কৰে। এদিলেডত গোলাপী বলৰে অনুষ্ঠিত হোৱা মেচখনত অষ্ট্ৰেলিয়া দলৰ বলাৰ সকলে ভাৰতৰ বিৰুদ্ধে দুৰ্দান্ত বলিং প্ৰদৰ্শন দাঙি ধৰে। ভাৰতে টেষ্ট মেচত সংগ্ৰহ কৰা সবাতোকৈ কম স্কুৰৰ ৰেকৰ্ড আছিল ৪২ ৰানৰ। এতিয়া সেই ৰেকৰ্ড নিজেই ভংগ কৰিছে ভাৰতে। ১৯৭৪ত ইংলেণ্ডৰ লৰ্ডছত ভাৰতীয় দলটোৱে ৪২ৰান টেষ্টত সংগ্ৰহ কৰিছিল। আনহাতে টেষ্ট ইতিহাসত সবাতোকৈ কম ৰানৰ সংগ্ৰহ কৰিছে নিউজিলেণ্ডে। ১৯৫৫ত অনুষ্ঠিত হোৱা এখন টেষ্টত নিউজিলেণ্ড দলটোৱে ইংলেণ্ডৰ বিৰুদ্ধে কেৱল ২৬ ৰান সংগ্ৰহ কৰিছিল। নিউজিলেণ্ডৰ পিছত টেষ্টত সবাতোকৈ কম ৰানৰ তালিকাত আছে দক্ষিণ আফ্ৰিকা। দুবাৰকৈ দক্ষিণ আফ্ৰিকাই কেৱল ৩০ ৰানহে সংগ্ৰহ কৰে। ইয়াৰ উপৰিও দলটোৱে ৩৫ আৰু ৩৬ৰানতো অলআউত হৈছে। 

No comments