Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

চৰাইদেউ মৈদামথলী পৰিস্কাৰ পৰিচ্ছন্ন কৰি ৰখাত গুৰুত্ব চৰাইদেউ প্ৰেছ ক্লাৱৰ

  বিপিন হাজৰিকা ,শিমলুগুৰি ৩১ ডিচেম্বৰঃনববৰ্ষৰ শেষৰ দিনটোত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ঐতিহাসিক স্থান সমূহত পৰ্যটকৰ ভিৰ পৰিলক্ষিত হয়৷অন্য প্ৰান্তৰ...

 

বিপিন হাজৰিকা ,শিমলুগুৰি ৩১ ডিচেম্বৰঃনববৰ্ষৰ শেষৰ দিনটোত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ঐতিহাসিক স্থান সমূহত পৰ্যটকৰ ভিৰ পৰিলক্ষিত হয়৷অন্য প্ৰান্তৰ দৰে ঐতিহাসিক চৰাইদেউ মৈদাম স্থলী পৰিদৰ্শনৰ বাবে দূৰ দুৰণিৰ পৰা পৰা অসংখ্য লোকৰ আগমন ঘটে৷ বিশেষকৈ বিদায়ী বছৰটোৰ শেষৰ দিনকেইটাত চৰাইদেউ মৈদাম কাষতে গঢ়ি তোলা বনভোজস্থলীত বনভোজৰ দল সমূহে সম্প্ৰীতিৰ এসাজ খাই আনন্দ উপভোগ কৰে৷সেই বনভোজ স্থলী সমূহ পৰিস্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ মানসেৰে চৰাইদেউ প্ৰেছ ক্লাৱে গ্ৰহণ কৰে এক প্ৰশংসনীয় পদক্ষেপ৷ছশ বছৰীয়া আহোম ৰাজত্বৰ স্বাক্ষৰ বহন কৰি অহা এচিয়াৰ পিৰামিড স্বৰূপ   চৰাইদেউ মৈদামথলীক পৰিস্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ উদ্দেশ্যৰে আজি চৰাইদেউ প্ৰেছ ক্লাৱে এক  ব্যতিক্ৰমী কাৰ্যসূচী গ্ৰহণ কৰে। সেই উপলক্ষে  চৰাইদেউ প্ৰেছ ক্লাৱে মৈদামথলীৰ সংলগ্ন বনভোজথলীত অস্হায়ী ভাৱে বাঁহেৰে নিৰ্মিত ভালে সংখ্যক জাৱৰ দানি স্থাপন কৰি  ঠাইখনৰ  পৰিষ্কাৰ পৰিছন্নতা  কৰি  ৰাখিবলৈ  আহ্বান জনাই  । মৈদাথলীত এই উপলক্ষে অনুষ্ঠিত এক অনুষ্ঠানত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিশিষ্ট সমাজকৰ্মী ধৰ্মেশ্বৰ কোঁৱৰে। প্ৰেছ ক্লাৱৰ যুটীয়া সম্পাদক মিন্টু তাঁতীয়ে আঁত ধৰা অনুষ্ঠানটোত শিক্ষক জুৱেদ আহমেদ, যুৱ নেতা জ্যোতিষ কোঁৱৰ, শিক্ষক  প্ৰণৱজ্যোতি দত্ত, সমাজকৰ্মী জয় বড়াৰ উপৰিও চৰাইদেউ প্ৰেছ ক্লাৱৰ বিষয়ববীয়া ক্ৰমে প্ৰণৱ বৰগোহাঁই, মুহিজুদ্দিন আহমেদ, সুশান্ত কোঁৱৰ, বিতু কোঁৱৰ আদি উপস্থিত থাকে। উল্লেখ যে নবৰ্ষৰ প্ৰাকক্ষণত আৰু জানুৱাৰী মাহ পয্যন্ত চৰাইদেউত বনভোজ খাবলৈ অগণন লোক সমাবেশ ঘটে ৷বনভোজ স্থলী পৰিস্কাৰ কৰি ৰখাৰ আহ্বান জনাই সজাগতমূলক এই ইতিবাচক পদক্ষেপ গ্ৰহণ কৰে বছৰৰ অন্তিম দিনটোত।

No comments