Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

হিন্দুত্ববাদী নেতা সত্য ৰঞ্জন বৰাৰ বিৰুদ্ধে সৰৱ অসম ৰাজ্যিক জমিয়ত উলামাৰ আনফৰ গোট

    গণ বাৰ্তা,হোজাই ৯ ডিচেম্বৰ :  ৰাজনৈতিক আৰু মতাদৰ্শগত বিৰোধ থাকিলেও মৌলানা বদৰুদ্দিন আজমলৰ সামাজিক অনুষ্ঠানৰ সপক্ষে থিয় দিলে অসম ৰাজ্যিক ...

 


 গণ বাৰ্তা,হোজাই ৯ ডিচেম্বৰ :  ৰাজনৈতিক আৰু মতাদৰ্শগত বিৰোধ থাকিলেও মৌলানা বদৰুদ্দিন আজমলৰ সামাজিক অনুষ্ঠানৰ সপক্ষে থিয় দিলে অসম ৰাজ্যিক জমিয়ত উলামাৰ অইনটো পক্ষ ৷ মৌলানা মস্তাক আনফৰ নেতৃত্বাধীন অসম ৰাজ্যিক জমিয়ত উলামাই আজি হোজাইৰ নীলবাগানত এক সংবাদমেল যোগে আজমলৰ সমাজসেৱী সংস্থা আজমল ফাউণ্ডেচন আৰু মৰ্কজুল মাৰিফৰ সামাজিক কাম-কাজক প্ৰশংসা কৰে ৷ উল্লেখ্য যে, অলপতে হিন্দুত্ববাদী নেতা সত্য ৰঞ্জন বৰাই আজমল সন্ত্ৰাসবাদী বা আজমলৰ সংস্থাবোৰে সন্ত্ৰাসবাদক পুঁজি যোগান ধৰা সংস্থাৰ পৰা সাহায্য লোৱা বুলি অভিযোগ কৰিছিল ৷ এনে অভিযোগৰ পিছতে স্বাভাৱিকতে সৰৱ হৈ পৰে অন্যান্য সংঘটনৰ লগতে জমিয়ত উলামা ৷ জমিয়ত উলামাৰ মতে, আজমলৰ সংস্থাই কোনো সন্ত্ৰাসবাদী সংগঠনক সহায় কৰা ব্যক্তি বা সংস্থাৰ পৰা পুঁজি লোৱা নাই ৷ আজমলে ভাৰত চৰকাৰৰ সুনিৰ্দিষ্ট নিয়মৰ মাজেৰে বিদেশৰ পৰা টকা লাভ কৰিছে আৰু সেয়া জনকল্যাণমূলক কামত ব্যয় কৰিছে বুলি সংবাদ মেলত মৌলানা কলিম উদ্দিনে সদৰি কৰে ৷ যদি সঁচাকৈয়ে আজমলৰ সংস্থাই সন্ত্ৰাসবাদক পুঁজি যোগান ধৰা সংগঠনৰ পৰা ধন লৈছে, তেন্তে চৰকাৰে তদন্ত নকৰে কিয় বুলি প্ৰশ্ন কৰে জমিয়ত নেতা গৰাকীয়ে ৷ হিন্দুত্ববাদী নেতা সত্য ৰঞ্জন বৰাৰ বিৰুদ্ধে সৰৱ হৈ পৰা জমিয়ত নেতা গৰাকীয়ে কয়--চৰকাৰ এখনৰ বহু কেইটা সংস্থাৰ কঠোৰ নিৰীক্ষণত অহা ধন কেনেকৈ সন্ত্ৰাসবাদীৰ পৰা আহিল ? চৰকাৰে তদন্ত নকৰে কিয় বুলি প্ৰশ্ন জমিয়তৰ ৷ অপপ্ৰচাৰ সম্ৰাট সত্য ৰঞ্জন বৰাই অসত্য প্ৰচাৰৰ জৰিয়তে মেৰু বিভাজন কৰিবলৈ হিন্দু-মুছলিম সংঘাত সৃষ্টিৰ কাম কৰিছে ৷ শংকৰ-আজানৰ দেশত সত্য ৰঞ্জন বৰাৰ দৰে মানুহ সফল হ'ব নোৱাৰিব বুলিও মৌলানা কলিম উদ্দিনে মন্তব্য কৰে ৷ কলিম উদ্দিনৰ মতে, আজমল ফাউণ্ডেছনে সমাজৰ ভালৰ কাৰণে কাম কৰিছে ৷ জাতি ধৰ্ম নিৰ্বিশেষে সকলোৰে কাৰণে আজমল ফাউণ্ডেচনে কাম কৰিছে ৷ আজমলৰ সংস্থাৰ বিৰুদ্ধে উত্থাপিত প্ৰতিটো অভিযোগৰ তদন্ত হওক ৷ তাৰ পূৰ্বে নেতাৰ মুখো বন্ধ হওক বুলি জমিয়তে দাবী কৰে ৷ জমিয়তৰ দাবী-- সুস্থ তদন্তই বিষয়টো স্পষ্ট কৰিব ৷ তদন্তৰ পূৰ্বে কোনো নেতাই সিদ্ধান্ত দিয়া প্ৰৱনতাই দেশৰ ন্যায়িক পৰিকাঠামো দুৰ্বল কৰিব বুলিও কলিম উদ্দিনে কয় ৷ একাংশ নেতাই নিজৰ প্ৰচাৰৰ বাবে দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ বিষয়ক লৈও তৰল ৰাজনীতিৰ আশ্ৰয় লোৱা বিষয়টোত আক্ষেপ প্ৰকাশ কৰে ৷ সংবাদ মেলত জিলা জমিয়তৰ সম্পাদক মৌলানা আব্দুল কাদিৰ, মুফতী নুৰ আহমেদ সহ কেবা গৰাকী জমিয়ত নেতা উপস্থিত আছিল ৷

No comments