Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

২০৩০ৰ এছিয়ান গেমছৰ আয়োজক হ'ব দোহা, ২০৩৪ৰ ৰিয়াধ

নতুন দিল্লী, ১৭ ডিচেম্বৰ:২০৩০ত অনুষ্ঠিত হ'বলগীয়া এছিয়ান গেমছৰ আয়োজক দোহা হ'ব। আনহাতে ২০৩৪ৰ এছিয়ান গেমছৰ আয়োজক চৌদি আৰৱৰ ৰিয়াধ হ'...



নতুন দিল্লী, ১৭ ডিচেম্বৰ:২০৩০ত অনুষ্ঠিত হ'বলগীয়া এছিয়ান গেমছৰ আয়োজক দোহা হ'ব। আনহাতে ২০৩৪ৰ এছিয়ান গেমছৰ আয়োজক চৌদি আৰৱৰ ৰিয়াধ হ'ব। এই কথা ঘোষণা কৰিছে অলিম্পিক কাউন্সিল অব এছিয়াই। উল্লেখ্য যে এছিয়া অলিম্পিক কাউন্সিল এছিয়া ক্ৰীড়াৰ সৰ্বশ্ৰেষ্ঠ সংস্থা আৰু এই সংস্থাৰ লগত সদস্যৰূপে আছে ৪৫খন দেশ। বৰ্তমান এই সংস্থাৰ অধ্যক্ষ হৈ শেখ ফহদ আল-ছবা। ভাৰতত দুবাৰকৈ এছিয়ান গেমছ আয়োজন হৈ গৈছে। সৰ্বপ্ৰথমে এছিয়ান গেমছৰ আয়োজন দিল্লীত হৈছিল আৰু ১৯৮২ত পুনৰ এবাৰ দিল্লীত এই গেমছৰ আয়োজন হৈছিল। ২০২২ত হ'বলগীয়া এছিয়ান গেমছৰ আয়োজক হ'ব চীনৰ হাংগঝুউ চহৰ। ইয়াৰ পূৰ্বে অৰ্থাৎ ২০১৮ত এছিয়ান গেমছৰ আয়োজক আছিল ইণ্ডোনেছিয়াৰ জাকাৰ্তা চহৰ।

No comments