গণবাৰ্তা বিশেষ,মুকালমুৱা,১২ ডিচেম্বৰ:--নলবাৰী জিলা কৰ্মচাৰী পৰিষদৰ ২৫ সংখ্যক দ্বি বাৰ্ষিক অধিবেশনখন আজি বৰক্ষেত্ৰীৰ মুকালমুৱাত অনুষ্ঠিত হয়।...
গণবাৰ্তা বিশেষ,মুকালমুৱা,১২ ডিচেম্বৰ:--নলবাৰী জিলা কৰ্মচাৰী পৰিষদৰ ২৫ সংখ্যক দ্বি বাৰ্ষিক অধিবেশনখন আজি বৰক্ষেত্ৰীৰ মুকালমুৱাত অনুষ্ঠিত হয়।মুকালমুৱাৰ ৰঘুনাথ চৌধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত সেই উদ্দেশ্যে নলবাৰী জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি তপন কুমাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত নিৰ্দিষ্ট বক্তাৰ আসন গ্ৰহণ কৰি পৰিষদৰ কৰ্মৰাজী,পদক্ষেপ তথা পৰিষদৰ কল্যানৰ অৰ্থে কৰা চিন্তা-চৰ্চা সন্দৰ্ভত বক্তব্য প্ৰদান কৰে সদৌ অসম কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰধান মৃনাল দাসে।সভাখন উদ্বোধন কৰে নলবাৰী জিলা কৰ্মচাৰী পৰিষদৰ উপদেষ্টা হৰমোহন তহবিলদাৰে।একেদৰে উদ্দেশ্য বাখ্যা কৰে জিলা কৰ্মচাৰী পৰিষদৰ সম্পাদক হেমেন চৌধাৰীয়ে আৰু আদৰণি ভাষন ৰাখে অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি ৰাইনুৰ আহমেদে।
আজিৰ সভাত সদৌ অসম কৰ্মচাৰী পৰিষদৰ উপ সভাপতি দ্বীপেন শৰ্মা, সাংগঠনিক সম্পাদকদ্বয় উৎপল দাস,পংকজ বৰ্মন, ভিন্ন স্তৰৰ সদস্য উমেশ দাস,উৎপল চক্ৰবৰ্তী,কুশল মজুমদাৰ, দীনবন্ধু ডেকা,সহ কেবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে।উল্লেখ্য যে-এই সভাৰ পূৰ্বে পতাকা উত্তোলন,বন্তি প্ৰজ্বলন,ছহিদ তৰ্পন, বিহগী কবি ৰঘুনাথ চৌধাৰীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন, আদিকে ধৰি কেতবোৰ কাৰ্যসূচী ৰূপায়ণ কৰে উদ্যোক্তা সকলে।
No comments