Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

কাজলগাঁও জে এছ বি অসামৰিক চিকিৎসালয়ত আকস্মিক পৰিদৰ্শন বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ

 সঞ্জয় সৰকাৰ , কাজলগাঁও , ২০ ডিচেম্বৰঃ কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা বি টি আৰৰ নৱনিযুক্ত মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই স্বাস্থ্য বিভাগক...


 সঞ্জয় সৰকাৰ , কাজলগাঁও , ২০ ডিচেম্বৰঃ কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা বি টি আৰৰ নৱনিযুক্ত মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই স্বাস্থ্য বিভাগক অগ্ৰাধিকাৰ দি অঞ্চলটোৰ চৰকাৰী চিকিৎসালয় সমূহৰ আন্তঃগাথঁনি, অভাৱ-অভিযোগ, পৰিৱেশ, চিকিৎসক তথা স্বাস্থ্য কৰ্মীসকলৰ গাফিলতি আদি বিভিন্ন দিশ পৰ্যবেক্ষণ কৰাত মনোনিৱেশ কৰা দেখা গৈছে । দুদিন পূৰ্বে কোকৰাঝাৰৰ আৰ এন বি হাস্পতালত আকস্মিক পৰিদৰ্শন কৰাৰ পিছত আজি প্ৰমোদ বড়োই চিৰাং জিলাৰ কাজলগাঁওস্থিত জে এছ বি অসামৰিক চিকিৎসালয়খনত দুপৰীয়া হঠাতে আহি উপস্থিত হয়হি । তাৰপিছত তেওঁ হচপিটেল খনৰ প্ৰতিটো চুক-কোণ, কোঠা, ৱাৰ্ড আদি পৰিদৰ্শন কৰি সামগ্ৰিক অৱস্থাৰ বুজ লয়। চিকিৎসাধীন হৈ থকা কেবাগৰাকীও ৰোগীৰ লগত কথা পাতি বড়োৱে তেওঁলোকে লাভ কৰা সুবিধা-অসুবিধাৰো বুজ লয় । উল্লেখ্য যে, চিকিৎসালয়খনত বিগত কেইবাবছৰ ধৰি ভালেমান অত্যাধুনিক ব্যয়বহুল যন্ত্ৰ -পাতি অব্যৱহৃত হৈ পৰি থকা দেখি প্ৰমোদ বড়োৱে আশ্বৰ্য প্ৰকাশ কৰে। চিকিতৎসাৰ সহায়ক হোৱা কোটি কোটি টকাৰ বিভিন্ন অত্যাধুনিক যন্ত্ৰপাতি বিগত ১২ বছৰ ধৰি ব্যৱহাৰযোগ্য কৰি তোলাৰ বিপৰীতে বন্ধ কুঠৰিত পেলাই থোৱা হৈছে । আনকি বাৰ বছৰ ধৰি বন্ধ বাকচৰ ভিতৰত অনাদৃত হৈ পৰি আছে এটি বৃহদাকাৰ যন্ত্ৰ, অথচ যন্ত্ৰটো কি তাকে নাজানে বুলি জিলা স্থাস্থ বিভাগৰ যুটীয়া সঞ্চালক গৰাকীয়ে কোৱাত ' ইয়াত কি যন্ত্ৰ আছে এবাৰো খুলি চাবলৈ মন যোৱা নাই নে আপোনাৰ' বুলি প্ৰশ্ন কৰে আৰু আজিয়েই খুলিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ পিছতে তেওঁ হচপিটেলখনত থকা ব্যৱহৃত-  অব্যৱহৃত যন্ত্ৰ -পাতি সমুহৰ লগতে   অন্যান্য সা - সুবিধা সন্দৰ্ভত আজিৰ ভিতৰত এখন তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে।এই তালিকাখনৰ লগতে উক্ত হচপিটেলখনৰ উপৰিও জিলাখনত থকা সকলো চৰকাৰী চিকিৎসালয়ৰ আন্তঃগাথঁনি, অভাৱ-অভিযোগ, সমস্যাৰ সম্পূৰ্ণ তথ্য লৈ কাইলৈ কোকৰাঝাৰস্থিত মুখ্য কাৰ্যবাহী সদস্যজনৰ কাৰ্যালয়লৈ যাবলৈ নিৰ্দেশ দিয়ে। পৰিদৰ্শনৰ অন্তত প্ৰমোদ বড়োৱে সাংবাদিকক সম্বোধন কৰি কয় যে হচপিটেলখনৰ আন্তঃগাথঁনিৰ সমস্যা নাই। কৰ্তৃপক্ষ আৰু চৰকাৰৰ সুস্থ পৰিচালনা তথা দায়বদ্ধতাৰহে অভাৱ। ৰাইজৰ ধনেৰে ক্ৰয় কৰা কোটি কোটি টকাৰ যন্ত্ৰ-পাতিবোৰ অনাদৃত হৈ পৰি থকাটো লজ্জাজনক বুলি উল্লেখ কৰি তেওঁ এইবোৰ কাৰ্যক্ষম কৰিলে অঞ্চলটোৰ ৰাইজ সকাহ পালেহেতেন তথা দূৰ-দূৰণিলৈ চিকিৎসাৰ বাবে যাবলগীয়া নহ'লহেঁতেন বুলি মন্তব্য কৰে। প্ৰমোদ বড়োৱে আৰু কয়- বি টি আৰৰ সকলো চিকিৎসালয় এমাহৰ ভিতৰত ভালকৈ চলিব লাগিব যাতে অঞ্চলটোৰ ৰাইজে সুচিকিৎসা লাভ কৰে। ডাক্তৰেও সুবিধা পাব লাগিব আৰু বেমাৰীও ভাল চিকিৎসা সেৱা লাভ কৰিব লাগিব। চিকিৎসালয়খনত দৰিদ্ৰ ৰোগীসকলে কেতবোৰ সাধাৰণ বেমাৰৰ চিকিৎসাৰ বাবে আহে যদিও বিভিন্ন অযুহাতত ৰোগীসকলক ৰেফাৰ কৰা হয় । ই অতি দুৰ্ভাগ্যজনক । খণ্ডক প্ৰথম অগ্ৰাধিকাৰ দি পৰিষদৰ প্ৰথম অধিবেশনতে এই সম্পৰ্কে আঁচনি যুগুত কৰি বাজেট ধাৰ্য কৰা হ'ব বুলিও নৱ নিযুক্ত কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে সাংবাদিকক জানিবলৈ দিয়ে।


No comments