গণবাৰ্তা,হাউলী,১৩ ডিচেম্বৰঃ নামনি অসমৰ বৰপেটা জিলাৰ হাউলী হাইস্কুলৰ সহকাৰী শিক্ষক প্ৰদীপ কুমাৰ দাসে লিখা পাঁচখনকৈ গ্ৰন্থ উন্মোচন কৰাৰ উদ্...
গণবাৰ্তা,হাউলী,১৩ ডিচেম্বৰঃ নামনি অসমৰ বৰপেটা জিলাৰ হাউলী হাইস্কুলৰ সহকাৰী শিক্ষক প্ৰদীপ কুমাৰ দাসে লিখা পাঁচখনকৈ গ্ৰন্থ উন্মোচন কৰাৰ উদ্দেশ্যে আগত ৰাখি ৰবিবাৰে ৰাতিপুৱা ১০ বজাত হাউলী সাহিত্য সভা ভৱন প্ৰাঙ্গণত এখন উন্মোচনী সভা অনুষ্ঠিত হয় | স্থানীয় শিক্ষক চম্পক কুমাৰ দাসে আঁতধৰা উক্ত অনুষ্ঠানটিত সৃষ্টি প্ৰকাশনৰ প্ৰকাশক মিনাক্ষী দাসে প্ৰকাশ কৰি উলিওৱা প্ৰদীপ কুমাৰ দাসৰ "আদৰ্শ অসমীয়া ব্যাকৰণ," " ডাকৰ বচন," "মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ", "ধ্বনি" আৰু "শুধৰণি" নামৰ পাঁচখনকৈ গ্ৰন্থ আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় | উক্ত অনুষ্ঠানত সাহিত্যিক বিবেকানন্দ চৌধুৰী,গোবিন্দ তালুকদাৰ, হাউলী আদৰ্শ বিদ্যাপীঠ হাইস্কুলৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক নৃপেন্দ্ৰ পূজাৰী, ড০ দেৱান নজৰুল কাদিৰ, ভৱানীপুৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া লীলাধৰ দাস, হাউলী বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ অধীৰ কুমাৰ চক্ৰৱৰ্তী, প্ৰবীন সাংবাদিক কুমাৰ মীন দাস, ড০ হেমন্ত ডেকা,ৰঞ্জিত কলিতা, ঘামোৰাম বৰ্মণ আদি কৰি ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে | ইয়াৰ পূৰ্বে আন এক ই-আলোচনী "ঐশানু" উন্মোচন কৰে কুমাৰ মীন দাসে |
No comments