গণবাৰ্তা, ৰামপুৰ, ২৭ ডিচেম্বৰ : অসমৰ চৰ-চাপৰিবাসী মিঞাসকলেহে জীয়াই ৰাখিছে অসমীয়া ভাষা, অসমীয়া সাহিত্য, অসমৰ কৃষি শিল্প ইত্যাদি!-এই মন্তব্...
গণবাৰ্তা, ৰামপুৰ, ২৭ ডিচেম্বৰ : অসমৰ চৰ-চাপৰিবাসী মিঞাসকলেহে জীয়াই ৰাখিছে অসমীয়া ভাষা, অসমীয়া সাহিত্য, অসমৰ কৃষি শিল্প ইত্যাদি!-এই মন্তব্য বিশিষ্ট লেখক দ্বিজেন বৰ্মনৰ। মিঞা ইতিহাস অনুসন্ধান সমিতি, অসমৰ এখন গাম্ভীৰ্যপূৰ্ণ সভাত শনিবাৰে এই মন্তব্য কৰে বামপন্থী লেখকগৰাকীয়ে। মিঞা ইতিহাস অনুসন্ধান সমিতিৰ সভাপতি ড° আব্দুল হালিম আহমেদৰ সভাপতিত্বত মহানগৰীৰ হেদায়েৎপুৰত অনুষ্ঠিত সভাত এই মন্তব্য কৰি লেখকগৰাকীয়ে আৰু কয় যে ৰাজ্যখনৰ প্ৰায় সৰ্বদিশতে অনস্বীকাৰ্য অবদান আগবঢ়াই অহা এই মিঞা জনগোষ্ঠীটো অসমীয়া জাতিৰ এটা অবিচ্ছেদ্য অংগ। মিঞা জনগোষ্ঠীক বাদ ৰাখি অসমীয়া জাতি সম্পূৰ্ণ হ'ব নোৱাৰে। সেয়ে অসমৰ মিঞাসকলৰ অতীত-ঐতিহ্য-ইতিহাস অনুসন্ধান কৰি সেইবোৰ সংৰক্ষণ, সংবৰ্দ্ধন আৰু সম্প্ৰচাৰ কৰাৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰে লেখকগৰাকীয়ে। অনুষ্ঠুপীয়াকৈ আয়োজিত সভাত মিঞা ইতিহাস অনুসন্ধান সমিতিৰ দ্বাৰা অচিৰেই প্ৰকাশ পাব'লগীয়া "অসমৰ মিঞা জনগোষ্ঠীৰ ঐতিহাসিক দস্তাবেজ"ৰ প্ৰস্তাৱনা সংখ্যাটো প্ৰকাশৰ আগতেই ইয়াৰ পাণ্ডুলিপিখন ৰাজ্যখনৰ তিনিগৰাকীকৈ বিশিষ্ট লেখক-বুদ্ধিজীৱীৰ হতুৱাই অধ্যয়ন কৰাই ইয়াৰ ভুল-ত্ৰুটিবোৰ (যদিহে আছে) শুধৰাই ল'ব লাগে বুলি প্ৰস্তাৱ গ্ৰহণ কৰা হয়। ৰাজ্যখনৰ বিভিন্ন জিলাৰ পৰা অহা কেইবাগৰাকী বিশিষ্ট প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত সভাত বিশিষ্ট লেখক দ্বিজেন বৰ্মনে কৰা মন্তব্যই বিশেষ তাৎপৰ্য হবন কৰিছে বুলি সভাত উপস্থিত সকলোৱে অনুভৱ কৰে।
No comments