Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

শিৱসাগৰত নাট্য পীঠৰ ৰূপালী জয়ন্তী

 বাৰ্তা বিশেষ, শিৱসাগৰ ২০ ডিচেম্বৰঃ অগ্ৰণী নাট্যানুষ্ঠান নাট্য পীঠৰ ৰূপালী জয়ন্তীৰ লগত সংগতি ৰাখি শনিবাৰে শিৱসাগৰ নগৰৰ হিন্দু ধৰ্ম সভা নামঘৰ...


 বাৰ্তা বিশেষ, শিৱসাগৰ ২০ ডিচেম্বৰঃ অগ্ৰণী নাট্যানুষ্ঠান নাট্য পীঠৰ ৰূপালী জয়ন্তীৰ লগত সংগতি ৰাখি শনিবাৰে শিৱসাগৰ নগৰৰ হিন্দু ধৰ্ম সভা নামঘৰ পেক্ষাগৃহত নাট্য পীঠ আৰু শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ সহযোগত নাট্যাকাৰৰ মেজমেল নামেৰে এটি গাম্ভৰ্যপূৰ্ণ আলাপ অনুষ্ঠানত “নাটকৰ সৃজন,মনন আৰু চিন্তন“ শীৰ্ষক এখনি আলোচনা চক্ৰ অনুষ্ঠিত হৈ যায় ৷ আলোচনা চক্ৰখনিত চিন্তাশীল নাট্যকাৰ ড° ৰূপজ্যোতি বৰঠাকুৰ, সপোনজ্যোতি ঠাকুৰ, নৱজ্যোতি বৰা, দেৱব্ৰত বৰঠাকুৰ, পংকজজ্যোতি ভূঞা, দেৱব্ৰত মহন্ত আদি উপস্থিত থাকি বিষয়-বস্তুৰ ওপৰত আলোকপাত কৰে ৷ ৰূপালী জয়ন্তীৰ অনুষ্ঠানটোত সন্ধিয়ালৈ গুণাকৰদেৱ গোস্বামী আৰু সেউজপ্ৰীয়া গোস্বামী লগতে গকুল মিপুং, উটপল পাঠক, বিশাল বৰুৱাৰ অভিনীত আৰু হেমন্ত ৰাজকোঁৱৰ, অভিজিৎ চুতীয়া, বনদীপ শৰ্মাৰ সংগীত আৰু কাৰিকৰী সহযোগত গুণাকৰদেৱ গোস্বামীৰ পৰিচালনাৰে গুৱাহাটী পূৰ্বৰংগ নাট্যদলে “ ঘটোৎকচ পুত্ৰ মোৰ“ নামৰে মহাভাৰতীয় চিন্তাৰ নতুন দৃষ্টি আধাৰত এখনি নাট মঞ্চস্থ কৰা হয় ৷

No comments