Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

জানুৱাৰীৰ পৰা ‘কা’ৰ জৰিয়তে বিদেশীক দিয়া হ’ব নাগৰিকত্ব ঃ পশ্চিমবংগত বিজেপি নেতা বিজয়বৰ্গীয়াৰ ঘোষণা

কলকাতা, ৭ ডিচেম্বৰ ঃ নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে বিদেশীক নাগৰিকত্ব দিয়াৰ যো-জা চলাইছে কেন্দ্ৰীয় চৰকাৰে। ২০২১ৰ জানুৱাৰীৰ পৰাই নাগৰিকত্ব সংশ...

কলকাতা, ৭ ডিচেম্বৰ ঃ নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে বিদেশীক নাগৰিকত্ব দিয়াৰ যো-জা চলাইছে কেন্দ্ৰীয় চৰকাৰে। ২০২১ৰ জানুৱাৰীৰ পৰাই নাগৰিকত্ব সংশোধনী আইন, চমুকৈ ‘কা’ৰ জৰিয়তে বিদেশীক নাগৰিকত্ব দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব পাৰে বুলি ঘোষণা কৰিছে বিজেপিৰ নেতা কৈলাশ বিজয়বৰ্গীয়ই। আগন্তুক পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ দায়িত্বত থকা কৈলাশ বিজয়বৰ্গীয়ই কয় যে চৰকাৰে ‘কা’ৰ জৰিয়তে শৰণাৰ্থীসকলক নাগৰিকত্ব দিয়াৰ প্ৰক্ৰিয়া জানুৱাৰীৰ পৰা আৰম্ভ কৰিব। উল্লেখ্য যে ‘কা’ৰ জৰিয়তে আফগানিস্তান-পাকিস্তান, বাংলাদেশৰ অমুছলমান শৰণাৰ্থীসকলক নাগৰিকত্ব দিয়াৰ কথা উল্লেখ আছে। সেই অনুসৰিয়ে ‘কা’ৰ জৰিয়তে এই দেশকেইখনৰ অমুছলমান লোকসকলক নাগৰিকত্ব দিয়াৰ যো-জা চলাইছে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে। তেওঁ তৃণমূল কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি কয় যে শাসনাধিষ্ঠিত দলটো শৰণাৰ্থীসকলৰ প্ৰতি দায়িত্বশীল নহয়। 

তেওঁলোকক সহানুভূতিৰ দৃষ্টিৰে নাচায় শাসনাধিষ্ঠিত দলটোৱে। পশ্চিমবংগৰ ৰাজ্য চৰকাৰখনে কেৱল ৩০ শতাংশ লোকৰ প্ৰতিহে  দায়িত্বশীল হৈ আছে। বাকী ৭০ শতাংশ লোকৰ ওপৰত দায়িত্বশীল নহয় তৃণমূল কংগ্ৰেছ। তেওঁলোকে ৭০ শতাংশ লোকক সমদৃষ্টিৰে নাচায়। আমাৰ চৰকাৰ আহিলে ১০০ শতাংশ লোকৰ ওপৰত সমদৃষ্টিৰে চোৱা হ’ব। সবকা সাথ সবকা বিকাশেৰে আগুৱাই নিয়া হ’ব পশ্চিমবংগক। উল্লেখ্য যে নাগৰিকত্ব সংশোধনী আইন বিগত বৰ্ষৰ ডিচেম্বৰত গৃহীত কৰা হৈছিল। এই আইনৰ জৰিয়তে আফগানিস্তান-পাকিস্তান-বাংলাদেশৰ হিন্দু, শিখ, জৈন, পাৰ্চী, বৌদ্ধ, খ্ৰীষ্টান ধৰ্মাৱলম্বী শৰণাৰ্থী লোকসকলক নাগৰিকত্ব প্ৰদান কৰিব। এই আইনৰ জৰিয়তে মুছলমান শৰণাৰ্থীসকলক নাগৰিকত্ব দিয়াৰ কথা উল্লেখ নাই। সেইবাবে এই আইনখন বিতৰ্কিত আইন বুলিও পৰিচিত। এতিয়া এই আইনক আধাৰ হিচাপে লৈ বিজেপিয়ে পশ্চিমবংগৰ নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ বিচাৰিছে। ইয়াৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰিছে বিজেপি নেতা কৈলাশ বিজয়বৰ্গীয়ই।

No comments