Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

মাজুলীত আছুৰ শ্বহীদ দিৱস পালন

পৰাণজ্যোতি বৰা, মাজুলী,১০ ডিচেম্বৰ:  সদৌ মাজুলী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত পূব মাজুলী আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত পূব মাজুলী মহাবিদ্যালয়ৰ শ্ব...


পৰাণজ্যোতি বৰা, মাজুলী,১০ ডিচেম্বৰ: সদৌ মাজুলী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত পূব মাজুলী আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত পূব মাজুলী মহাবিদ্যালয়ৰ শ্বহীদ বেদী প্ৰাঙ্গণত শ্বহীদ দিৱস পালন কৰে৷ পুৱা পতাকা উত্তোলন কৰে জিলা ছাত্ৰ সন্থাৰ সভাপতি অজিত হাজৰিকাই৷ শ্বহীদ তৰ্পণ কৰে জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বিতোপন শৰ্মাই৷ শ্বহীদ তৰ্পন কৰি বক্তব্য প্ৰসংগত ১৯৭৯ চনৰ ১০ ডিচেম্বৰত অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ লগতে জাতীয় জীৱনৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনত প্ৰাণ আহুতি দিয়া ৮৫৫ জন শ্বহীদৰ লগতে কা’ আন্দোলনৰ শ্বহীদ সকলকো সোৱৰণ কৰে৷ শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ প্ৰতিচ্ছবিত মাল্য অৰ্পন কৰি বক্তব্য প্ৰদান কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক সূৰ্য কুমাৰ ভূঞাই৷ ভূঞাই অসম আন্দোলনৰ শ্বহীদ সকলক সোঁৱৰণ কৰাৰ লগতে যি সকল আজি পৰ্যন্ত পংগু হৈ আছে সেই সকলৰ আশু আৰোগ্য কামনা কৰে৷ শ্বহীদ দিৱসত উপস্থিত থাকে মাজুলী শ্বহীদ দণ্ডিৰাম ভৰালীৰ পৰিয়ালৰ হৈ মনোজ ভৰালী , পবিত্ৰ ভৰালী৷ জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক কাকুমনি কলিতা আৰু পূব মাজুলী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি যদুমনি হাজৰিকা  সাধাৰণ সম্পাদক দীপাংকৰ ৰাজখোৱাৰ লগতে আঞ্চলিক ছাত্ৰ সন্থা পূব মাজুলী মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকল৷

No comments