Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

মেলবৰ্ণ টেষ্টত অভিলেখ ৰবিচন্দ্ৰন আশ্বিনৰ

মেলবৰ্ণ, ২৯ ডিচেম্বৰ: ক্ৰিকেট বিশ্বত এজনৰ পিছত আন এজনৰ দুৰ্দান্ত বেটছমেনৰ লগতে বলাৰ আছে। যিয়ে প্ৰতিখন মেচত নতুন নতুন কৃতিত্ব অর্জন কৰি আহিছে...


মেলবৰ্ণ, ২৯ ডিচেম্বৰ: ক্ৰিকেট বিশ্বত এজনৰ পিছত আন এজনৰ দুৰ্দান্ত বেটছমেনৰ লগতে বলাৰ আছে। যিয়ে প্ৰতিখন মেচত নতুন নতুন কৃতিত্ব অর্জন কৰি আহিছে। উইকেট দখলৰ তালিকাত সবাতোকৈ শীৰ্ষত যদি কাৰোবাক ৰাখিব লগা হয় তেন্তে শ্ৰীলংকাৰ মহান স্পিনাৰ মুথৈয়া মুৰলীধৰনক ৰাখিব লাগিব। তেওঁ টেষ্ট ক্ৰিকেটত ৮০০টা উইকেট দখল কৰিছে। আনহাতে অষ্ট্ৰেলিয়াৰ ছেন ৱাৰ্নে ৭০৮টা উইকেট দখল কৰিছে। ভাৰতে অনিল কুম্বলেয়ে ৬১৯টা উইকেট দখল কৰিছে। এইসকল মহান বলাৰে যি কাৰ্য কৰি দেখুৱাব নোৱাৰিলে সেয়া কৰি দেখুৱালে ভাৰতৰ ৰবিচন্দ্ৰন আশ্বিনে। আশ্বিনে মেলবৰ্ণ টেষ্টৰ চতুৰ্থ দিনা এক বিশ্ব অভিলেখ গঢ়ে। যি অভিলেখ ভঙাটো অন্যৰ বাবে সহজ নহ'ব। তেওঁ বেলবৰ্ণ টেষ্টৰ চতুৰ্থ দিনা আয়োজক দেশ অষ্ট্ৰেলিয়াৰ দ্বিতীয় ইনিংছত দুটা উইকেট দখল কৰে। তেওঁ জোশ হেজলবুডক বল্ড কৰি কেৱল আশ্বিনে দ্বিতীয়টো উইকেট নিজৰ নাম কৰাই নহয়, এক বিশ্ব অভিলেখ গঢ়ে। হেজলবুডৰ উইকেটৰে আশ্বিনে সবাতোকৈ অধিক বাওঁ হাতৰ বেটছমেনৰ উইকেট দখলৰ অভিলেখ গঢ়িছে। তেওঁ এতিয়ালৈ টেষ্ট ক্ৰিকেটত মুঠ ৩৭৫টা উইকেট দখল কৰিছে। ইয়াৰ তেওঁ সৰ্বাধিক ১৯২টা বাওঁ হাতৰ বেটছমেনৰ উইকেট আছে। উল্লেখ্য যে ৮০০খন টেষ্টত মুৰলীধৰনে নিজৰ কেৰিয়াৰত ১৯১টা বাওঁ হাতৰ উইকেট দখল কৰিছে। এই তালিকাত তৃতীয় স্থানত থকা ইংলেণ্ডৰ জেমছ এণ্ডাৰছনে ৬০০খন টেষ্টত ১৮৬টা বাওঁ হাতৰ উইকেট দখল কৰিছে।

No comments