ষ্টাফ ৰিপ'ৰ্টাৰ, নগাঁও, ১২ ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা' বাতিলৰ দাবীত যোৱা দুদিন ধৰি নগাঁৱৰ আকাশ বতাহ উত্তাল হৈ পৰিছে...
ষ্টাফ ৰিপ'ৰ্টাৰ, নগাঁও, ১২ ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা' বাতিলৰ দাবীত যোৱা দুদিন ধৰি নগাঁৱৰ আকাশ বতাহ উত্তাল হৈ পৰিছে। কালি জিলা খনৰ বহুকেইটা দল সংগঠনে 'কা' আন্দোলনৰ পাঁচ শ্বহীদৰ স্মৰণ কৰি চৰকাৰ বিৰোধী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰাৰ পাছত আজিও সমান্তৰাল ভাৱে সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ 'কা' বাতিলৰ দাবীত "গণ হুংকাৰ" কাৰ্যসূচী ৰূপায়ন কৰে। চহৰখনৰ নগাঁও কলেজৰ সমীপত আয়োজন কৰা গণ হুংকাৰ কাৰ্যসূচীত ডবা, কাঁহ,শংখ বজাই ৰজাঘৰীয়াক সকীয়নী প্ৰদান কৰাৰ লগতে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক বাতিল কৰিবলৈ সজোৰে দাবী উত্থাপন কৰে। জিলা আছুৰ সভাপতি গৌৰী শংকৰ শইকীয়া আৰু সাধাৰণ সম্পাদক অমৰজ্যোতি ফুকনৰ নেতৃত্বত শতাধিক লোকে অংশগ্ৰহণ কৰা প্ৰতিবাদস্থলীতে চৰকাৰক নাগৰিকত্ব সংশোধনী আইন খন বাতিল কৰিবলৈ চৰম সকীয়নী দিয়াৰ লগতে আগন্তুক দিনত প্ৰবল গণ আন্দোলন গঢ়ি তোলা হ'ব বুলি প্ৰকাশ কৰে। আছুৰ গণ হুংকাৰ কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সহকাৰী সম্পাদক তথা অগপ নেতা গিৰীন্দ্ৰ কুমাৰ বৰুৱাকে ধৰি বহু কেইগৰাকী গণ্য মান্য ব্যক্তি উপস্থিত থাকে।
No comments