পুলেন্দ্ৰ দাস, বৰপেটা, ৫ ডিচেম্বৰ ঃ ‘মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে তদন্ত কৰা উচিত । বিটিচিত যদি দুৰ্নীতি হৈছে...
পুলেন্দ্ৰ দাস, বৰপেটা, ৫ ডিচেম্বৰ ঃ ‘মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে তদন্ত কৰা উচিত । বিটিচিত যদি দুৰ্নীতি হৈছে তেন্তে হিমন্ত বিশ্ব শৰ্মাও দায়ী। হাগ্ৰামা মহিলাৰীক জে’লত পঠালে হিমন্ত বিশ্ব শৰ্মাকো পঠাব লাগিব জে’লত।’ —এই মন্তব্য বৰপেটাৰ সাংসদ আব্দুল খালেকৰ। শালবাৰী পৰিষদীয় নিৰ্বাচনৰ প্ৰচাৰ চলাই আহি আজি সন্ধিয়া বৰপেটাত সাংবাদিকৰ আগত এই মন্তব্য আগবঢ়ায় বৰপেটাৰ সাংসদগৰাকীয়ে। সাংসদ আব্দুল খালেকে কয় যে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৈছে বিটিচিত দুৰ্নীতি হৈছে। খালেকে লগতে কয় যে বিত্ত বিভাগৰ অনুমোদন নাপালে বিটিচিত ধন লাভ নকৰে।
বিটিচিত যদি সঁচাকৈ দুৰ্নীতি হৈছে তেন্তে হিমন্ত-হাগ্ৰামাই ভগাই লৈ দুৰ্নীতি কৰা বুলিও মন্তব্য কৰে সাংসদগৰাকীয়ে। বিটিচিৰ দুৰ্নীতিৰ বাবে যদি হাগ্ৰামা মহিলাৰী দায়ী, তেন্তে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাও সমানে দায়ী বুলিও তেওঁ কয়। বিটিচি নিৰ্বাচনৰ ফলাফলত পূৰ্বতকৈ এইবাৰ কংগ্ৰেছ দলে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ’ব বুলি কয় সাংসদ খালেকে। বিটিচিত নতুন চৰকাৰ গঠনত কংগ্ৰেছে বিশেষ ভূমিকা ল’ব বুলিও সাংবাদিকৰ আগত মন্তব্য কৰে সাংসদ আব্দুল খালেকে।
No comments