পংকজ কুমাৰ দাস, পশ্চিম যোৰহাট,১৩ ডিচেম্বৰ:যোৰহাটৰ পুলিবৰ থানাৰ অন্তৰ্গত ওপৰ চকলাটিং প্ৰাথমিক বিদ্যালয়ত ১৩ ডিচেম্বৰত গাঁওৰক্ষী বাহিনীৰ এখন সজ...
পংকজ কুমাৰ দাস, পশ্চিম যোৰহাট,১৩ ডিচেম্বৰ:যোৰহাটৰ পুলিবৰ থানাৰ অন্তৰ্গত ওপৰ চকলাটিং প্ৰাথমিক বিদ্যালয়ত ১৩ ডিচেম্বৰত গাঁওৰক্ষী বাহিনীৰ এখন সজাগতা সভা অনুষ্ঠিত হয়।চকলাটিং,কৰাইখোৱা চাহবাগিচা,চকলানী পথাৰ আৰু পাবনা গাঁওৰক্ষী বাহিনীৰ উদ্যোগত আয়োজিত সভাখনত সভাপতিত্ব কৰে পুলিবৰ থানাৰ এলেকভূক্ত গাঁওৰক্ষী বাহিনীসমূহৰ সমন্বয়ৰক্ষীৰ সভাপতি অৰুণ শৰ্মাই।পুলিবৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰুবুল আলী আৰু চক্ৰ সংগঠক ৰাজেন দাসে গাঁওৰক্ষী বাহিনী একোখন সুপৰিকল্পিতভাবে পৰিচালনাৰ ক্ষেত্ৰত ৰাইজৰ কৰণীয় সম্পৰ্কত ব্যাখ্যা কৰে।সবল শক্তিশালী আৰু ৰাইজে সহযোগিতা কৰি থকা গাঁওৰক্ষী বাহিনী একোখনৰ এলেকভূক্তত বাস কৰি থকা লোকসকলে শান্তিপ্ৰিয় ভাৱে বসবাস কৰি থাকিব পাৰে বুলি তেওঁলোকে ভাষণ প্ৰসংগত উল্লেখ কৰে।ৰাইজৰ সহযোগিতাত পৰিচালিত হৈ থকা গাঁওৰক্ষী বাহিনীক জিলা আৰু ৰাজ্যিক পৰ্যায়ত পুৰষ্কৃত-সন্মানিত কৰা হয় বুলিও তেওঁলোকে কয়। এনে পুৰষ্কাৰ আৰু সন্মান পুলিবৰ থানাৰ এলেকভূক্ত কেইবাখনো গাঁওৰক্ষী বাহিনীয়ে ইতিমধ্যে লাভ কৰিছে বুলি উল্লেখ কৰি সজাগতা সভাখনৰ উদ্যোক্তা গাঁওৰক্ষী বাহিনীকেইখনকো ৰাইজে সহায়-সহযোগিতা কৰিলে জিলা-ৰাজ্যিক পৰ্যায়ৰ সন্মান-পুৰষ্কাৰ লাভেৰে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ'ব বুলি বক্তাদ্বয়ে কয়। উল্লেখ্য, পুলিবৰ থানা এলেকভূক্ত গাঁওসমূহত ১৬১ খন গাঁওৰক্ষী বাহিনী পৰিচালিত হৈ আছে আৰু প্ৰতিখন গাঁওৰক্ষী বাহিনীয়ে এলেকভূক্ত ৰাইজক সমবেত কৰাই সজাগতা সভা অনুষ্ঠিত কৰিছে।সভাসমূহত পুলিবৰ থানাৰ গাঁওৰক্ষী বাহিনীৰ সৈতে জড়িত সকলৰ উপৰি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু চক্ৰ সংগঠকে অংশগ্ৰহণ কৰি ৰাইজক উদ্দেশি বক্তব্য আগবঢ়াই। যোৰহাট জিলা প্ৰশাসনে আৱণ্টন দিয়া ভূমিত দহোটীয়াস্থিত পুলিবৰ থানাৰ সন্মুখত গাঁওৰক্ষী বাহিনীসমূহৰ সমণ্বয় ৰক্ষাৰ উদ্দেশ্যে মঞ্চ আৰু প্ৰেক্ষাগৃহৰ সৈতে স্থায়ীকৈ কাৰ্যালয় গৃহ নিৰ্মাণ কৰি থকা হৈছে। তদুপৰি অসম চৰকাৰে মৈত্ৰী আঁচনিৰ অধীনত পুলিবৰ থানাখন সকলো সুবিধা যুক্তকৈ নিৰ্মাণ কৰাই আছে।
No comments