Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

অখিল গগৈৰ নাম বিক্ৰী কৰি ৰাজনীতি কৰিছে ৰাইজৰ দলে- বিধায়ক নুৰুল হুদা

গণবাৰ্তা বিশেষ, ৰূপহীহাট, , ১২ ডিচেম্বৰঃ- নিৰ্বাচনৰ আগমূহুৰ্তত প্ৰতিটো দলেই প্ৰচাৰ অভিযান তুংগত তোলাৰ সময়তে ৰূপহীহাটৰ বিভিন্ন দলত খহনীয়াৰ সৃ...



গণবাৰ্তা বিশেষ, ৰূপহীহাট, , ১২ ডিচেম্বৰঃ- নিৰ্বাচনৰ আগমূহুৰ্তত প্ৰতিটো দলেই প্ৰচাৰ অভিযান তুংগত তোলাৰ সময়তে ৰূপহীহাটৰ বিভিন্ন দলত খহনীয়াৰ সৃষ্টি কৰি কেইবা শতাধিক লোকে আজি কংগ্ৰেছত যোগদান কৰে ।  সমষ্টিখনৰ ফাকলি প্ৰাথমিক বিদ্যালয় খেলপথাৰত স্থানীয় মণ্ডল কংগ্ৰেছৰ সভাপতিৰ সভাপতিত্বত এখনি বিশাল যোগদান সভা অনুষ্ঠিত কৰে । উক্ত সভাত ৰূপহীহাট সমষ্টিৰ অগপৰ নেতা কোৰবান আলীয়ে কেইবা শতাধিক নেতা-কৰ্মীসহ কংগ্ৰেছ দলত যোগদান কৰে । সমষ্টিখনৰ বিধায়ক নুৰুল হুদাৰ উপস্থিতি অনুষ্ঠিত যোগদান সভাত অগপ-বিজেপি আৰু এ আই ইউ ডিএফৰ কেইবা শতাধিক কৰ্মীয়ে যোগদান কৰে । সভাত উপস্থিত থাকি বিধায়ক নুৰুল হুদাই নৱাগত নেতা- কৰ্মীক সম্ভাষণ জনাই নিজৰ ভাষণত কয় যে নতুন দলৰ ভিতৰত ৰাইজৰ দল নামেৰে যিটো ৰাজনৈতিক দল গঠন হৈছে সেই দলটোৱে সংখ্যালঘু মানুহৰ মাজত বিভাজন কৰি বিজেপিক সহায় কৰিব । ঘৰ বিভীষণ সদৃশ একাংশই এই দললৈ বিজেপিক সহায় কৰি মূলত সংখ্যালঘু লোকসকলক ক্ষতিগ্ৰস্থ কৰিব । অকল এয়াই নহয় এতিয়ালৈ কোনো সংবিধান তথা কৰ্ম আৰু নীতি নিৰ্দ্ধাৰক কমিটি নথকা ৰাইজৰ দলৰ নামত অখিল গগৈৰ নাম বিক্ৰী কৰি একাংশই ৰাজনীতি কৰি আছে বুলি অভিযোগ কৰে বিধায়ক হুদাই । ইফালে বিজেপি চৰকাৰ নীতি আৰু সাম্প্ৰতিক দেশৰ জনসাধাৰণৰ সমস্যাৰ ওপৰত আলোকপাত চৰকাৰক সমালোচনাৰে থকা সৰকা কৰে বিধায়ক নুৰুল হুদাই । উল্লেখ্য যে সমষ্টিখনৰ বিভিন্ন নেতা-কৰ্মী উপস্থিত থকা এই সভাখনত বিভিন্ন দলৰ পৰা অহা নেতা-কৰ্মীৰ যোগদানত কংগ্ৰেছীসকল উত্ফুল্লিত হৈ পৰা পৰিলক্ষিত হয় ।

No comments