যোৰহাটত তীব্ৰ প্ৰতিবাদ : ২৪ ঘণ্টাৰ ভিতৰত হিতেন গোস্বামীক স্থিতি স্পষ্ট কৰিবলৈ দাবী ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট, ২ ডিচেম্বৰ : নগৰৰ কোনো উন্নয়ন সাধ...
যোৰহাটত তীব্ৰ প্ৰতিবাদ : ২৪ ঘণ্টাৰ ভিতৰত হিতেন গোস্বামীক স্থিতি স্পষ্ট কৰিবলৈ দাবী
ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট, ২ ডিচেম্বৰ : নগৰৰ কোনো উন্নয়ন সাধন কৰিব নোৱাৰা বগাহাতী স্বৰূপ যোৰহাট উন্নয়ন প্ৰাধিকৰণে (জে ডি এ) শেহতীয়াকৈ যোৰহাট নগৰৰ গাতে লাগি থকা বহু কোটি টকীয়া এটুকুৰা মূল্যবান মাটি অতি গোপনে পুঁজিপতি বনিয়াৰ হাতত গতাই দিয়াৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। প্ৰাপ্ত তথ্য অনুসৰি, পশ্চিম যোৰহাটৰ কটকীপুখুৰীত অসম ৰাজ্যিক পৰিবহন নিগমৰ সন্মুখত থকা জে ডি এ' ৰাজহুৱা বাছ আস্থান সহ ১৪ বিঘা এক কঠা ৫১ লোচা মাটি যোৰহাট উন্নয়ন প্ৰাধিকৰণে যোৰহাটবাসীৰ অজ্ঞাতে পুঁজিপতি বনিয়াৰ হাতত গতাই দিবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। যোৰহাটত মাটি মাফিয়া ৰূপে পৰিচিত জৈনকো' মেকানিকেল কনষ্ট্ৰাকচন কোম্পানী লিমিটেডক উক্ত ৰাজহুৱা বাছ আস্থান আৰু এটা বৃহৎ মাৰ্কেট কম্পলেক্স সহ ভূমিখিনি চমজাই দিবলৈ জনৈক নীতিশ জৈনৰ লগত ইতিমধ্যে চুক্তিবদ্ধও হৈছে। কালি এক ডিচেম্বৰত যোৰহাট উপ পঞ্জীয়কৰ কাৰ্যালয়ত হোৱা চুক্তিনামাত উল্লেখ থকা অনুসৰি উক্ত ভূমিত ব্যৱসায়িক চৌহদ, আৱাসগৃহ ( ফ্লেট), চিনেমা হল আদি নিৰ্মাণ কৰিব।
ইয়াৰ মাত্ৰ ২০ শতাংশৰ গৰাকীহে জে ডি এ'। বাকী ৮০ শতাংশৰে মালিক হব জৈনক'। এনে এক অদ্ভুত চুক্তিৰে জে ডি এৰ অধ্যক্ষ প্ৰশান্ত কুমাৰ গোস্বামীয়ে জৈনকো' মেকানিকেল কনষ্ট্ৰাকচন কোম্পানী লিমিটেডৰ মালিক নীতিশ জৈনক উক্ত ভৱন আৰু বৃহৎ পৰিমাণৰ ভূমিৰ বাবে 'পাৱাৰ অব এটৰণী' প্ৰদান কৰিছে। উল্লেখযোগ্য যে নগৰৰ গাতে লাগি থকা সৰুচৰাই মৌজাৰ অন্তৰ্গত বহতিয়া গাঁওৰ পত্তা নং ৪২৪ ৰ দাগ নম্বৰ ১১৯৫, ১১৯৬, ১১৯৭, ১২০২০, ১২৫৫, ১৩৫৬, ১৪৫৮, ১৪৬০, ১৪৬৪, ১৪৬৫, ১৪৬৮ আৰু পত্তা নম্বৰ ৩০৭ ৰ ১০৫০ ১০৯৫ দাগত থকা মাটিখিনি পূৰ্বে অসম ৰাজ্যিক পৰিবহন নিগমৰ আছিল। কিন্তু ২০০১ চনত তেতিয়াৰ জে ডি এ'ৰ সভাপতি পদ্ম নাথ শৰ্মাই এটা ৰাজহুৱা বাছ আস্থান নিৰ্মান কৰিবলৈ চৰকাৰক উক্ত মাটিখিনি বিচৰাত মাটিখিনি জে দি এ'লৈ হস্তান্তৰ কৰে আৰু জে ডি এ'ই হাৰ্ডক'ৰ পৰা লোন লৈ তাত বাছ আস্থানৰ লগতে এখন মাৰ্কেট কমপ্লেক্সও স্থাপন কৰে। বাকী অংশ বহু দিন ধৰি এনেয়ে পৰি আছে। ইয়াতে পুঁজি পতি বনিয়াৰ লোলপ দৃষ্টি পৰে আৰু বৰ্তমানৰ জে ডি এ 'ৰ অধ্যক্ষ প্ৰশান্ত কুমাৰ গোস্বামীক হাত কৰি বহু কোটি টকীয়া মাটি খিনি হস্তগত কৰে।
উল্লেখযোগ্য যে এই মাটি আৰু তাত থকা বৃহৎ ভৱনৰ মূল্য আজিৰ তাৰিখত ৮০-৯০ কোটি টকাৰ কম নহ'ব। পাৱাৰ অব এটৰণিত উল্লেখ থকা অনুসৰি এতিয়া প্ৰশ্ন উঠিছে বগা হাতী স্বৰূপ জে ডি এ'ক এই মূল্যবান ৰাজহুৱা সম্পত্তি পুঁজিপতি বণিয়াক চমজাবলৈ অধ্যক্ষ প্ৰশান্ত কুমাৰ গোস্বামীক কোনে অধিকাৰ দিলে। অভিযোগ উঠিছে অধ্যক্ষ প্ৰশান্ত কুমাৰ গোস্বামীয়ে বহু কোটি টকাৰ উপঢৌকণ লৈ যোৰহটীয়া ৰাইজৰ অজ্ঞাতে এই বৃহৎ ৰাজহুৱা সম্পত্তি পুঁজিপতি বণিয়াক গতাই দিবলৈ ওলাইছে। আজি বিশিষ্ট ৰাজহুৱা কৰ্মী তথা জ্যেষ্ঠ অধিবক্তা ৰিনতু গোস্বামীয়ে এই তথ্য ফাদিল কৰি কয় যে এই কথা কোনো কাৰণতে মানি লোৱা নহ'ব।
এই সংক্ৰান্তত যোৰহাটৰ বিধায়ক তথা অসম বিধান সভাৰ অধ্যক্ষ হিতেন গোস্বামীক ২৪ ঘণ্টাৰ ভিতৰত স্থিতি স্পষ্ট কৰিবলৈ দাবী জনাই কয়, জে ডি এ'ৰ ষড়যন্ত্ৰত অধ্যক্ষ গোস্বামীৰ সন্মতি আছে নেকি ? তেওঁৰ জ্ঞাত সাৰে এই কাণ্ড সংঘটিত হৈছে নেকি ? এই প্ৰশ্নৰ উত্তৰ গোস্বামীক ২৪ ঘণ্টাৰ ভিতৰত দিবলৈ আহ্বান জনাইছে আৰু শীঘ্ৰে এই জন বিৰোধী সিদ্ধান্ত অতি শীঘ্ৰে বাতিল কৰিবলৈ দাবী জনাইছে। অন্যথা যোৰহাটত তীব্র প্ৰতিবাদ হব আৰু প্ৰয়োজন হলে আদালতৰ কাষ চাপিব বুলিও তেওঁ হুংকাৰ দিয়ে। আনহাতে, যোৰহাটৰ বিভিন্ন দল সংগঠনেও জে ডি এৰ এই কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰি সোচ্চাৰ হৈ পৰিছে
No comments