গণ বাৰ্তা বিশেষ , লখিমপুৰ ২৩ ডিচেম্বৰ : ৯০ দশকৰ পৰা আলফাই স্বাধীন অসমৰ সপোন দেখুৱাই , কেনেদৰে অসমীয়া মানুহৰ ওপৰত অমানুষিক অত্যাচাৰ চলাইছ...
গণ বাৰ্তা বিশেষ , লখিমপুৰ ২৩ ডিচেম্বৰ : ৯০ দশকৰ পৰা আলফাই স্বাধীন অসমৰ সপোন দেখুৱাই , কেনেদৰে অসমীয়া মানুহৰ ওপৰত অমানুষিক অত্যাচাৰ চলাইছিল , তেজাল ডেকা সকলক জীয়াই জীয়াই মাটিত পুতি থৈছিল ,অমানুষিক অত্যাচাৰ চলাই কেনেদৰে হত্যা কৰিছিল এনেবোৰ বিভিন্ন জীয়া কাহিনী সম্বলিত গ্ৰন্থ খনি আজি উন্মোচন কৰে আলফাৰ দ্বাৰা নিৰ্যাতিত হোৱা মুক্তিযোদ্ধা ৰাধানন্দ বৰা, শ্বহীদ কুমুদ হাজৰিকাৰ মাতৃ নিৰ্মলা হাজৰিকা, ৰামেশ্বৰ নেওগ আৰু মাধৱ হাজৰিকাই ।উল্লেখ যে আলফাৰ সংঘটিত কলংকিত অধ্যায় বোৰ প্ৰথমে সামাজিক মাধ্যমত প্ৰকাশিত হৈ অহাৰ পাছত আজি গ্ৰন্থ আকাৰে প্ৰকাশ কৰি উলিয়াই আলফাৰ দ্বাৰা নিয্যাতিত হোৱা পৰিয়ালৰ এগৰাকী সৎ সাহসী লখিমপুৰৰ মহিলা ৰঞ্জু নেওগ হাজৰিকা,আৰু মঙ্গলদৈৰ যুৱক অমৰ দ্বীপ বৰুৱাই ।আজি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত আলফাৰ দ্বাৰা নিৰ্যাতিত পৰিয়াল মঞ্চৰ সাধাৰণ সম্পাদক ব্ৰজেন হাজৰিকাই সভাৰ উদ্দেশ্য বাখ্যাত আলফাৰ নৃশংসতাৰ লগতে সেই সময়ত নিৰীহৰ ওপৰত চলোৱা শাৰীৰিক মানসিক অত্যাচাৰকে ধৰি ধন দাবী ,প্ৰতিটোশিহৰণকাৰী বৰ্ণনা দিয়ে আৰু নিজ ভাতৃক আলফাই চকু জিভা কান কাটি পেটত নিমখ ভৰাই হত্যা কৰাৰ হৃদয়বিদাৰক জীয়া সঁচা কাহিনীৰ বৰ্ণনা কৰে । নিৰ্যাতিত পৰিয়াল ন্যায় মঞ্চ অসমৰ সম্পাদক গৰাকীয়ে অসম চৰকাৰ তথা ভাৰত চৰকাৰৰে যিদৰে নিৰীহক হত্যা কৰা উগ্ৰবাদীক ৰাজ আতিথ্যৰ লগতে ৰাজনৈতিক ভাবে সংস্থাপন দিছে তেনেদৰে আলফাৰ নৃশংসতাৰ বলি হোৱা পৰিয়াল সমূহকো সংস্থাপন দিয়াৰ দাবী জনায় । অনুষ্ঠানত শতায়ু গৰকা আলফাৰ দ্বাৰা নিৰ্যাতিত প্ৰবীণ মুক্তিযোদ্ধা ৰাধানন্দ বৰাই গ্ৰন্থ খনি উন্মোচন কৰি তেওঁৰ ওপৰত হোৱা নিৰ্যাতন হৃদয় বিদাৰক বৰ্ণনা দি কয় আলফাই তেওঁক ৪১ কোব বেতেৰে আঘাত কৰি অমানুসিক নিৰ্যাতন চলাই এৰি দিছিল । ইফালে আশীৰউদ্ধৰ বৃদ্ধা শ্বহীদ কুমুদ হাজৰিকাৰ মাতৃ নিৰ্মলা হাজৰিকাই শোক বিহ্বল ভাবে নিজ পুত্ৰৰ কাহিনী বৰ্ণনা কৰি কয় আলফাই প্ৰথমে মোৰ পুত্ৰক অপহৰণ কৰি হাত ভৰি বাদ্ধি আন্ধাৰ কোঠাত কেইবাদিনো আৱদ্ধ কৰি ৰাখি জীয়াই জীয়াই কাটি পেলাইছিল জিভা, কাঢ়ি নিছিল চকু , পেট কাটি ভৰাই দিছিল নিমখ আৰু জীয়াই জীয়াই মাটিত পুতি পেলাইছিল ।এনেদৰে সভাত উপস্থিত থকা নিৰ্যাতিত লোকে আলফাৰ নৃশংসতাৰ কলা অধ্যায়ৰ ছবি দাঙি ধৰে । উল্লেখ যে আজি আলফাৰ হাতত মৃত্যু বৰণ কৰা কুমুদ হাজৰিকাৰ মৃত্যুৰ দিনটোত নৰ্থ লখিমপুৰ প্ৰেছ ক্লাৱত আয়োজন কৰা গ্ৰন্থ উন্মোচনী সভাৰ পূৰ্বে কুমুদ হাজৰিকাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰাৰ লগতে এক মিনিট মৌন প্ৰাৰ্থনা কৰা হয় । গ্ৰন্থ লেখকৰ মতে অনাগত দিনত ধেমাজি লখিমপুৰৰ দৰে অসমৰ বিভিন্ন ঠাইত আলফাই চলোৱা নৃশংসতাৰ অলেখ জীয়া কাহিনী এনে গ্ৰন্থত প্ৰকাশিত হব।যত মনেসজা কাহিনী বা মিছা শব্দ নাথাকিব ।
No comments