গণবাৰ্তা, য'তিগাওঁ ১১ ডিচেম্বৰঃ কলগাছিয়া আৰক্ষী থানাৰ এলেকাধীন বিভিন্ন ঠাইত দীৰ্ঘ দিনৰ পৰাই ড্ৰাগচ্ মদ, তিৰ-জুৱা আদিৰ দৰে অসামাজিক কাৰ্য...
গণবাৰ্তা, য'তিগাওঁ ১১ ডিচেম্বৰঃ কলগাছিয়া আৰক্ষী থানাৰ এলেকাধীন বিভিন্ন ঠাইত দীৰ্ঘ দিনৰ পৰাই ড্ৰাগচ্ মদ, তিৰ-জুৱা আদিৰ দৰে অসামাজিক কাৰ্য চলি থকাৰ অভিযোগ উত্থাপিত হৈ আহিছে। তেনে সময়তে আজি গোপন সুত্ৰৰ পম খেদি কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত শওঁপুৰ বেঁকী নদীৰ দলঙৰ সমীপত এজন সন্দেহ জনক ব্ৰাউন চুগাৰ সৰবৰাহকাৰীক কলগাছিয়া আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হয়। ব্ৰাউন চুগাৰ সৰবৰাহকাৰী জন কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত ভেৰাগাঁৱৰ জালাল উদ্দিনৰ পুত্ৰ মতিয়াৰ ৰহমান (৩৫) বুলি জানিব পৰা গৈছে। ধৃত ৰহমানৰ পৰা ৫৪.৫ গ্ৰাম সন্দেহ মূলক ব্ৰাউন চুগাৰ পোৱা গৈছে। মতিয়াৰ ৰহমানৰ বিৰুদ্ধে কলগাছিয়া আৰক্ষীয়ে ৬৭৬ নম্বৰত ভাৰতীয় দণ্ডবিধিৰ ২১ এবি/ ২২ এবি এন ডি পি এছ ধাৰাত গোচৰ ৰুজু কৰি জেল-হাজোতলৈ প্ৰেৰণ কৰিছে। বৰপেটা সদৰ থানাৰ এলেকাধীন জনীয়াৰ কোনোবা নিষিদ্ধ ড্ৰাগচ্ ব্যাবসায়ীক উক্ত ব্ৰাউন চুগাৰ খিনি হস্তান্তৰ কৰিবলৈ আহিছিল। কিন্তু জনীয়াৰ ড্ৰাগচ্ ব্যাবসায়ী জনক লগ নাপাই ব্ৰাউন চুগাৰ খিনি ঘূৰাই লৈ গৈ থকাৰ পথত কলগাছিয়া আৰক্ষীয়ে ব্ৰাউন চুগাৰ সহ এজনক আটক কৰে আৰু লগত থকা আন দুজন ব্ৰাউন চুগাৰ সৰবৰাহকাৰী পলাই যাবলৈ সক্ষম হয়। উল্লেখ্য যে, জনীয়াত নিচা জাতীয় টেবলট, ব্ৰাউন চুগাৰ, ড্ৰাগচ্, মদ, জুৱা, তীৰ খেলৰ দৰে অসামাজিক কাম দিনক দিনে বৃদ্ধি পাই আহিছে। ধৃত ব্ৰাউন চুগাৰ সৰবৰাহকাৰীৰ জৰিয়তে এনে অসামাজিক কামৰ লগত জড়িত বহুতো ৰৌ-বৰালী উলিয়াব পৰা যাব বুলি ৰাইজৰ মাজত চৰ্চা চলিছে।
No comments