গণ বাৰ্তা, ৰাজীৱ গগৈ, দুলীয়াজান ১৩ ডিচেম্বৰ :- আজি আছুৰ দুলীয়াজান আঞ্চলিক সমিতিয়ে আছুৰ বিদায়ী সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈক ছলাকটকী ৰাজহ...
গণ বাৰ্তা, ৰাজীৱ গগৈ, দুলীয়াজান ১৩ ডিচেম্বৰ :- আজি আছুৰ দুলীয়াজান আঞ্চলিক সমিতিয়ে আছুৰ বিদায়ী সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈক ছলাকটকী ৰাজহুৱা খেলপথাৰত ৰাজহুৱা বিদায় সম্ভাষণ জনায় ৷ দুলীয়াজানৰ পিপলতলত অৱস্থিত ছহিদ বেদীত লুৰীণজ্যোতি গগৈয়ে শ্ৰৰ্দ্ধাঘ্য তৰ্পণ কৰা পিচত দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা সকলে বাইক ৰেলিয়ে ছলাকটকী ৰাজহুৱা খেলপথাৰৰ সভাৰ মঞ্চৰ লৈকে আগুৱাই নিয়ে।সম্বৰ্ধনা সভাৰ পূৰ্বে নেতাগৰাকীক দুলীয়াজানৰ গায়ন-বায়নেৰে আদৰি অনা হয় ৷ "প্ৰতিষ্ঠান বিৰোধী ঢৌত উটি যোৱাটো এটা কঠিন কাম ৷ সেই কঠিন কামটো কৰিবলৈ যাওঁতে নেতা নহয় বৰঞ্চ জাতিটোৰ ক্ষুদ্ৰাতিক্ষুদ্ৰ স্বাভিমানী সৈনিক হে হ’ব বিচাৰো ৷" স্বভাৱজাত বক্তব্যৰে এনেদৰেই সম্বৰ্ধনা গ্ৰহণ কৰি লুৰীণজ্যোতি গগৈয়ে আৰু কয় যে সংগ্ৰামৰ পথত তেওঁ নিজৰ স্থিতিৰ পৰা চুলিডালমানো বিচ্যুত হ’লে তাৰ কঠোৰতম সমালোচনা ৰাইজেই কৰিব লাগিব। অসমৰ জাতীয় সত্তাক পুনঃ প্ৰতিষ্ঠাৰ বাবে শোষণকাৰী বিভাজনকামী শক্তিসমূহক উৎখাত কৰিবই লাগিব আৰু তাৰবাবে ঐক্যৱদ্ধ অবিচল সংগ্ৰামৰ বাবে ৰাইজ সাজু হ’ব লাগিব বুলিও তেওঁ আহ্বান জনায় ৷ অহা ১৬ ডিচেম্বৰ তাৰিখে ৰাজনৈতিক জীৱন কি ধৰণৰ ব্যবস্থা গ্ৰহণ কৰিব সকলো স্পষ্ট হ'ব বুলি মন্তব্য কৰে লুৰীণজ্যোতি গগৈয়ে ।
No comments