Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ভাৰত বন্ধলৈ সমৰ্থন বিৰোধী ৰাজনৈতিক দলৰ : আজি পুৱা ১১ বজাৰ দিনৰ ৩ বজালৈ সৰ্বাত্মক বন্ধ

উপদ্ৰপক নিয়ন্ত্ৰণ কৰিবলৈ ৰাজ্য চৰকাৰ সমূহলৈ নিৰ্দেশনা কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নতুন দিল্লী, ৮ ডিচেম্বৰ ঃ তিনি কৃষি আইন বাতিলৰ দাবীৰে দেশৰ কৃ...

উপদ্ৰপক নিয়ন্ত্ৰণ কৰিবলৈ ৰাজ্য চৰকাৰ সমূহলৈ নিৰ্দেশনা কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ

নতুন দিল্লী, ৮ ডিচেম্বৰ ঃ তিনি কৃষি আইন বাতিলৰ দাবীৰে দেশৰ কৃষক সংগঠনসমূহে আজি ঘোষণা কৰা ভাৰত বন্ধ দেশৰ বিৰোধী ৰাজনৈতিক দলসমূহে পূৰ্ণ সমৰ্থন আগবঢ়াইছে। কেৱল বিৰোধী দলসমূহেই নহয়, আন দল-সংগঠনসমূহেও ভাৰত বন্ধৰ ঘোষণা পূৰ্ণ সমৰ্থন আগবঢ়াইছে। আজি দিনৰ ১১ বজাৰ পৰা তিনি বজালৈ থাকিব ভাৰত বন্ধ। কালি এই কথা প্ৰকাশ কৰিছিল ভাৰতীয় কৃষক ইউনিয়নৰ প্ৰবক্তা ৰাকেশ টিকৈটে। তেওঁ প্ৰকাশ কৰা অনুসৰি ভাৰত বন্ধৰ সময়ছোৱাত এম্বুলেন্স সেৱাকে ধৰি জৰুৰীকালীন সেৱাসমূহৰ চলাচল অব্যাহত থাকিব। আনহাতে বিবাহ সমাৰোহৰ আয়োজনত কোনো বাধা নাথাকিব। লগতে তেওঁ দেশবাসীক ভাৰত বন্ধ সফল কৰিবলৈ আহবান জনাইছে। 

উল্লেখ্য যে তিনি কৃষি আইন বাতিলৰ দাবীৰে ২৬ নৱেম্বৰৰ পৰা দিল্লীৰ সীমান্তত প্ৰতিবাদ কৰি আছে দেশৰ কৃষকসকলে। পাঁচবাৰকৈ কেন্দ্ৰীয় চৰকাৰৰ সৈতে বৈঠকত মিলিত হোৱাৰ পিছতো কোনো সুফল নোপোৱাৰ বাবে কৃষক সংগঠনসমূহ আন্দোলনৰ পৰা পিছুৱাই অহা নাই আৰু আন্দোলন অব্যাহত ৰাখিছে। তিনি কৃষি আইন বাতিলৰ দাবীৰে কৃষক সংগঠনসমূহে কাইলৈ ভাৰত বন্ধৰ ঘোষণা কৰিছে। দেওবাৰে কংগ্ৰেছৰ অন্তৰ্ৱৰ্তীকালীন অধ্যক্ষা ছোনিয়া গান্ধী, ৰাষ্ট্ৰবাদী কংগ্ৰেছ পাৰ্টীৰ প্ৰমুখ শাৰদ পাৱাৰ, মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টীৰ মহাসচিব সীতাৰাম য়েচুৰীকে ধৰি বিৰোধী ৰাজনৈতিক দলৰ নেতাসকলে যৌথভাৱে ভাৰত বন্ধলৈ সমৰ্থন আগবঢ়োৱাৰ কথা ঘোষণা কৰিছিল। যাৰ ফলত এই ভাৰত বন্ধ সফল হোৱাৰ দিশে অগ্ৰসৰ হৈছে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখিয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহলৈ নিৰ্দেশনা জাৰি কৰি কৈছে  উপদ্ৰৱৰ বিৰুদ্ধে সষ্টম থাকিবলৈ।

 দিল্লীৰ সীমান্তত দ্বাদশ দিন ধৰি দেশৰ কৃষকসকলে তিনি কৃষি আইন বাতিলৰ দাবীৰে প্ৰতিবাদ অব্যাহত ৰাখিছে। আজি কৃষকসকলে দিল্লীক সংযুক্ত কৰা আটাইকেইটা ৰাজপথ বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। ইয়াৰ উপৰি আজি কৃষক সংগঠনসমূহে প্ৰকাশ কৰিছে যে তেওঁলোকৰ মঞ্চ কোনো ৰাজনৈতিক নেতাক ব্যৱহাৰ কৰিবলৈ দিয়া নহ’ব। এই কথা পূৰ্বেও দোহাৰিছিল যদিও আজি পুনৰ এবাৰ দোহাৰি কৃষক সংগঠনসমূহে তেওঁলোকে যি কথা দোহাৰিছিল সেই কথাতে অটল আছে। অনাগত দিনতো তেওঁলোকৰ মঞ্চ ৰাজনৈতিক দলৰ নেতাক ব্যৱহাৰ কৰিবলৈ দিয়া নহ’ব বুলি কৃষক সংগঠনসমূহে প্ৰকাশ কৰিছে। লগতে আজি ঘোষণা কৰা ভাৰত বন্ধ শান্তিপূৰ্ণভাৱে পালন কৰা হ’ব বুলিও ঘোষণা কৰে। ইয়াৰ উপৰি এই বুলিও প্ৰকাশ কৰিছে যে কৃষক আন্দোলন কেৱল এতিয়া পঞ্জাব-হাৰিয়াণাতে সীমাবদ্ধ হৈ থকা নাই। দেশৰ চৌদিশে বিয়পি পৰিছে কৃষক আন্দোলন। 

কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধীয়ে আজি প্ৰকাশ কৰিছে যে কৃষক ক্ৰান্তিৰ সমৰ্থনত শান্তিপূৰ্ণ হ’ব ভাৰত বন্ধ। কৃষক সংগঠনে আহবান জনোৱা ভাৰত বন্ধৰ ওপৰত তেওঁৰ পূৰ্ণ সমৰ্থন থকাৰ কথা উল্লেখ কৰি ৰাহুল গান্ধীয়ে কয় যে দেশৰ অন্নদাতাৰ ওপৰত চলোৱা অত্যাচাৰ আৰু অন্যায় অসহনীয়। তেওঁ লগতে আদানী-আম্বানী কৃষি আইন উঠাই লোৱাৰো দাবী জনায়। কংগ্ৰেছে আজি প্ৰকাশ কৰিছে যে ভাৰত বন্ধৰ সময়ছোৱাত সাধাৰণ লোকে যি অসুবিধাৰ সন্মুখীন হ’ব ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰ জগৰীয়া হ’ব। ভাৰত বন্ধৰ প্ৰাক্‌ক্ষণত দিল্লী আৰক্ষীয়ে ৰাজধানীত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে। ইয়াৰ উপৰি সাধাৰণ লোকৰ যাতায়াত আৰু বলপূৰ্বকভাৱে দোকান বন্ধ কৰিবলৈ বিচৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

No comments