গণবাৰ্তা বিশেষ,মুকালমুৱা,১৯ ডিচেম্বৰ: অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বৰক্ষেত্ৰী চৰ আঞ্চলিক সমিতি আৰু চৰ আঞ্চলিক যুৱক সংঘই আজি ভাংনামাৰীত ...
গণবাৰ্তা বিশেষ,মুকালমুৱা,১৯ ডিচেম্বৰ: অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বৰক্ষেত্ৰী চৰ আঞ্চলিক সমিতি আৰু চৰ আঞ্চলিক যুৱক সংঘই আজি ভাংনামাৰীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ধৰ্ষণৰ বলি হৈ অকাল মৃত্যুক সাৱটি লোৱা হাউলীৰ ছাত্ৰীগৰাকীৰ ঘটনাটোত জড়িত থকা দোষীক শাস্তি প্ৰদানৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা সংগঠনটোৰ নেতা-কৰ্মী সকলে হাতে হাতে প্লেকাৰ্দ লৈ ধৰ্ষণ কাণ্ডত জড়িত অপৰাধীক ফাচীঁ দিয়ক,আমাৰ দাবী ন্যয্য দাবী, জেছমিনৰ পৰিয়ালক ন্যায় দিয়ক,আদি শ্লোগানেৰে অঞ্চল কঁপাই তোলে।উল্লেখ্য যে- অধ্যয়নসূত্ৰে বাংগালোৰত থকা বৰপেটা জিলাৰ জেছমিন আখটাৰা নামৰ ছাত্ৰী গৰাকীক তিনিদিন পূৰ্বে কোনো পাষণ্ডই ধৰ্ষণ কৰাতেই ক্ষান্ত নাথাকি হত্যাও কৰিছিল ।সেয়ে, উক্ত কাণ্ডত জড়িত থকা দোষীক উচিত শাস্তি প্ৰদানৰ দাবীত আজি দুয়োটা সংগঠনে এই কাৰ্যসূচী ৰূপায়ণ কৰে।আজিৰ এই কাৰ্যসূচীত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তথা চৰ আঞ্চলিক যুৱক সংঘৰ বিষয় ববীয়া,সদস্যসকলৰ উপৰি ৰাইজেও সহযোগিতা আগবঢ়োৱা দেখা যায়।প্ৰায় দুশতাধিক প্ৰতিবাদকাৰীয়ে আজিৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
No comments