Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বৰনৈ সনাতন ভাগৱত চক্ৰৰ অধিবেশন

গণ বাৰ্তা ,দুমুনিচকী ১৩ডিচেম্বৰ :শাস্ত্ৰৰ উত্তম গীতা ভাগৱত।ভাগৱত অধ্যয়নে মানুহক প্ৰকৃত জ্ঞানী আৰু ধাৰ্মিক কৰি তোলে।ধৰ্মই জগত দৰ্শনৰ সুবিধা দ...



গণ বাৰ্তা ,দুমুনিচকী ১৩ডিচেম্বৰ :শাস্ত্ৰৰ উত্তম গীতা ভাগৱত।ভাগৱত অধ্যয়নে মানুহক প্ৰকৃত জ্ঞানী আৰু ধাৰ্মিক কৰি তোলে।ধৰ্মই জগত দৰ্শনৰ সুবিধা দিয়ে । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেনে ভাৱনাৰে জগত বাসীক একত্ৰিত আৰু প্ৰকৃত জ্ঞানী কৰাৰ লক্ষ্যৰে ভাগৱত শাস্ত্ৰ ৰচনা কৰিছিল ।বৰনৈ সনাতন ভাগৱত চক্ৰৰ ভাগৱত পাঠ উদ্ধোধন কৰি এই মন্তব্য আগবঢ়াই বিশিষ্ট মানৱ দৰদী চিকিৎসক ডাঃ মুনীন্দ্ৰ নাথ চমুৱাই।দুমুনিচকীৰ শৰাইঘাট গাঁৱৰ বাসুদেৱ নামঘৰ প্ৰাংগনত আজি অনুষ্ঠিত হোৱা বৰনৈ সনাতন ভাগৱত চক্ৰৰ সপ্তম দ্বি বাৰ্ষিক অধিবেশন বিভিন্ন ধৰ্মীয় কাৰ্যক্ৰমনিকাৰে সম্পন্ন হয়।কাৰ্যসূচী অনুসৰি ৰাতিপুৱা প্ৰথম ধৰ্মধ্বজা উত্তোলন কৰে বৰনৈ সনাতন ভাগৱত চক্ৰৰ সভাপতি কৃষ্ণ কান্ত কাকতিয়ে।তাৰ পিছত মাধৱ চন্দ্ৰ নাথ আৰু দিনেশ্বৰ চৌধুৰীয়ে গছ পুলি ৰোপণ কৰে বাসুদেৱ নামঘৰ চৌহদত ।বৰনৈ সনাতন ভাগৱত চক্ৰৰ প্ৰয়াত লোক সকলৰ পবিত্ৰ স্মৃতি তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰে অৱসৰপ্ৰাপ্ত শিক্ষক বিপিন চন্দ্ৰ শৰ্মাই।উল্লেখ্য যে আজিৰ স্মৃতি চাৰণ অনুষ্ঠানত ৩৩ গৰাকী প্ৰয়াত লোকক স্মৰণ কৰা হয়।আনহাতে মূল ভাগৱত স্থাপন কৰে হলিৰাম দেৱ নাথে।তদুপৰি ভাগৱত পাঠত আচাৰ্য্য হিচাপে উপস্থিত থাকি অনুষ্ঠান অতি গাম্ভীৰ্য কৰি তোলে দুমুনিচকী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক বৰপলহাৰ আচাৰ্য্য ৰজনীকান্ত নাথে।উত্তৰ গুৱাহাটীৰ মহকুমা স্বাস্থ্য বিষয়া ডাঃ মুনীন্দ্ৰ নাথ চমুৱাই ভাগৱত পাঠ উদ্ধোধন কৰাৰ পিছত আৰম্ভ হয় পবিত্ৰ ভাগৱত পাঠ ।ইয়াত ভাগ লয় ভৈৰৱ চৌধুৰী, যাদৱ চন্দ্ৰ দাস, ডিগাম্বৰ চমুৱা,মহিধৰ চমুৱা আদি পাঠক সকলে ।অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে জ্যেষ্ঠ উপদেষ্টা নগেন কলিতা আৰু ভুবনেশ্বৰ নাথে।বিয়লি বৰনৈ সনাতন ভাগৱত চক্ৰৰ বিষয় বাচনি সভা অনুষ্ঠিত হয় ।ইয়াত সভাপতিত্ব কৰে দুমুনিচকী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক প্ৰভাত চন্দ্ৰ নাথে।আজিৰ বিষয় বাচনি সভাত বৰনৈ সনাতন ভাগৱত চক্ৰৰ দুবছৰীয়া কাৰ্যনিৰ্বাহক

No comments