গণ বাৰ্তা খাৰুপেটীয়া ১৯ ডিচেম্বৰ: দৰঙৰ খাৰুপেটীয়াত বিদ্যুৎ কৰ্মীৰ ওপৰত আক্ৰমণ । অবৈধভাৱে বিদ্যূৎ সংযোগ দি খাৰুপেটীয়াৰ ঘনশিমুলী এলেকাৰ ম...
গণ বাৰ্তা খাৰুপেটীয়া ১৯ ডিচেম্বৰ: দৰঙৰ খাৰুপেটীয়াত বিদ্যুৎ কৰ্মীৰ ওপৰত আক্ৰমণ । অবৈধভাৱে বিদ্যূৎ সংযোগ দি খাৰুপেটীয়াৰ ঘনশিমুলী এলেকাৰ মোজাম্মিল হক নামৰ লোকজনে বিদ্যুৎৰ কাম কৰি থকাৰ ঘটনা জানিবলৈ পাই খাৰুপেটীয়া বিদ্যুৎ উপ সংমণ্ডল বিষয়া সুমন দাসৰ নেতৃত্বত বিদ্যুৎ কৰ্মচাৰীৰ এটি দলে অঞ্চলটোত অভিযান চলাই মোজাম্মিলৰ ঘৰত উপস্হিত হৈ বিদ্যুৎ সংযোগ কৰ্তন কৰি থকা অৱস্হাত ঘৰখনৰ মালিক মোজাম্মিলৰ লগতে মহিলা সকলেও বিদ্যুৎ কৰ্মীৰ ওপৰত দা লাঠিৰে আক্ৰমণ কৰে বুলি অভিযোগ উঠিছে । ফলত ঘটনাস্হলীত তীব্ৰ হলস্হূলৰ সৃষ্টি হয় । ঘটনা সংক্ৰান্তত থানাত এটি গোচৰ ৰুজূ কৰে বিদ্যুৎ বিভাগে । এজাহাৰত উল্লেখ কৰা মতে হুলস্হূলৰ সূযোগতে এজন কৰ্মচাৰীৰ পকেটত থকা বিদ্যুৎ মাচুলৰ ৬১০০০// টকা কাঢ়ি নিয়ে কোনোবাই । ঘটনা সংক্ৰান্তত আৰক্ষীয়ে তদন্ত মৰ্মে অবৈধ বিদ্যুৎ সংযোগকাৰী মোজাম্মিল হক , মুৰ্শিদা বেগম আৰু ছইফুল বেগম নামৰ তিনিজনক লোকক আটক কৰে । ইফালে মোজাম্মিলৰ পৰিয়ালে জানিবলৈ দিয়া মতে বিদ্যুৎ বিভাগৰ অনুমতি লৈ তেওলোকে বিদ্যুৎ যোগান দিছিল ।
No comments