Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যমুনামুখত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ দীঘলীয়া শাৰী; জ্যেষ্ঠ কংগ্ৰেছী বচিৰ উদ্দিন লস্কৰৰ পক্ষত শক্তিশালী দাবী

ডবকা২৩ ডিচেম্বৰঃ ২০২১ চনৰ বিধানসভা নিৰ্বাচনলৈ এতিয়াও চাৰি মাহ সময় বাকী ৷ হোজাই জিলাৰ অন্যান্য সমষ্টিৰ তুলনাত যমুনামুখত তীব্ৰ হৈ উঠিছে নিৰ্বা...


ডবকা২৩ ডিচেম্বৰঃ ২০২১ চনৰ বিধানসভা নিৰ্বাচনলৈ এতিয়াও চাৰি মাহ সময় বাকী ৷ হোজাই জিলাৰ অন্যান্য সমষ্টিৰ তুলনাত যমুনামুখত তীব্ৰ হৈ উঠিছে নিৰ্বাচনী গতিবিধি ৷ প্ৰায় আটাইকেইটা দলে ৯০ নং যমুনামুখ সমষ্টিত তীব্ৰ কৰি তুলিছে নিজ নিজ দলৰ নিৰ্বাচনী কুচকাৱাজ ৷ শাসকীয় বিজেপিৰ লগতে বিজেপিৰ মিত্ৰদল অগপই আৰম্ভ কৰিছে সমষ্টিটোত ব্যাপক সাংগঠনিক তৎপৰতা ৷ তাৰ সমান্তৰালকৈ বিৰোধী দল কংগ্ৰেছে আৰম্ভ কৰিছে নিৰ্বাচনী আখৰা ৷ সমানে দলটোৰ টিকট প্ৰত্যাশীসকলেও আৰম্ভ কৰিছে নিজৰ অনুকুলে প্ৰচাৰ ৷ যমুনামুখত কংগ্ৰেছৰ কেবা গৰাকী টিকটৰ দাবীদাৰ ৷ তাৰ মাজতে অন্যতম হল প্ৰাক্তন ব্লক কংগ্ৰেছৰ সভাপতি তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা বচিৰ উদ্দিন লস্কৰ৷ লস্কৰে পূৰ্বতে দুবাৰকৈ যমুনামুখ সমষ্টিৰ পৰা প্ৰৰ্থীত্ব আগবঢ়াই পৰাজয় বৰন কৰিছিল।আগন্তক বিধান সভা নিৰ্বাচনত এ আই ইউ ডিএফৰ সতে কংগ্ৰেছৰ মিত্ৰতাক লৈ চৰ্চা অব্যাহত থকাৰ সময়তেএই জন জ্যেষ্ঠ কংগ্ৰেছী নেতাই কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰে মিএতা হোৱাটো বিচাৰে ।কংগ্ৰেছ নেতা জনে আজি সংবাদ মাধ্যমক জানিব দিয়া মতে কংগ্ৰেছ আৰু এ আই ইউ ডি এফ  মিত্ৰজোঁট নহলে পুনৰ দিছপুৰ দখল কৰিব বিজেপি দলে ।অকল সেয়াই নহয় জ্যেষ্ঠ কংগ্ৰেছ নেতাজনে যমুনামুখ সমষ্টিৰ কংগ্ৰেছৰ যুৱ নেতা ৰেহান উদ্দিনৰ বিৰুদ্ধে সৰব হোৱা পৰিলক্ষিত হয়। কংগ্ৰেছৰ যুৱ নেতা ৰেহান উদ্দিনে সমষ্টিৰ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কৰ্মীক একাষৰীয়াকৈ থৈ তেওঁৰ ইচ্ছা অনুসৰি  আৰম্ভ কৰিছে দলীয় কাম-কাজ।যাৰ ফলত জেষ্ঠ কংগ্ৰেছ নেতা  লস্কৰ ক্ষোভিত হৈ পৰিছে কংগ্ৰেছৰ যুৱ নেতা ৰেহানৰ বিৰুদ্ধে।এই জন যুৱ নেতাৰ বাবে যমুনামুখ সমষ্টিৰ মণ্ডল কংগ্ৰেছ কমিটী সমুহত ব্যাপক বিশৃংখলতাৰ সৃষ্টি হোৱাৰ অভিযোগ কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতা লস্কৰে । যমুনামুখ সমষ্টিত কংগ্ৰেছৰ ভাল দিন, বেয়া দিনত লস্কৰে কংগ্ৰেছৰ হৈ বহু কষ্ট কৰিছে ।গতিকে সমাগত বিধান সভা নিৰ্বাচনত যমুনামুখ সমষ্টিৰ পৰা কংগ্ৰেছৰ শক্তিশালী প্ৰাৰ্থিত্ব প্ৰত্যাশী লস্কৰ ৷ সমাগত ২১'ৰ বিধান সভা নিৰ্বাচনত যদি যমুনামুখ সমষ্টিত দলে টিকট প্ৰদান কৰে তেন্তে তেওঁৰ জয়  নিশ্চিত বুলি লস্কৰে দাবীকৰে। ইতিমধ্যে জেষ্ঠ নেতা লস্কৰে বিধান সভা নিৰ্বাচনৰ প্ৰতিলক্ষ্য ৰাখি পুৰণি দলীয় কৰ্মীক একগোট কৰি যমুনামুখ সমষ্টিত আৰম্ভ কৰিব নিৰ্বাচনী প্ৰচাৰ।

No comments