Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

সকলো বিবাদ মান পৰিস্থিতিক পাহৰি অসম-নাগালেণ্ডৰ সীমান্তৰ উৰিয়ামঘাটৰ নেফানীত চলিছে বনভোজৰ আনন্দ

জিতুৰঞ্জন গোঁহাই, ধনশিৰি ,৩১ডিচেম্বৰঃ বহু দিনৰ বিৰতিৰ পিছত যেন ঘুৰি আহিছে পুৰণি দিনবোৰ।ঘুৰি আহিছে মানুহৰ মনলৈ আনন্দ।শীতৰ আগমণৰ লগে-লগে যেন আ...


জিতুৰঞ্জন গোঁহাই,ধনশিৰি,৩১ডিচেম্বৰঃ বহু দিনৰ বিৰতিৰ পিছত যেন ঘুৰি আহিছে পুৰণি দিনবোৰ।ঘুৰি আহিছে মানুহৰ মনলৈ আনন্দ।শীতৰ আগমণৰ লগে-লগে যেন আৰম্ভ হৈছে পৰিয়ালৰ সৈতে প্ৰকৃতিৰ বিনন্দীয়া পৰিৱেশৰ মাজত এসাৃজ একেলগে খোৱাৰ মদকতা।অৰ্থাৎ বনভোজ খোৱাৰ আনন্দ।পুৰণি বছৰক বিদায় দি নতুন বছৰক আদৰিবলৈ উল্লাস-উদ্দীপনাৰে সাজু হৈছে নানান লোক।গোলাঘাট জিলাৰ অসম-নাগালেণ্ডৰ উৰিয়ামঘাটৰ সীমান্তত লাগি থকা এটি বিশেষ বিবাদমান তথা স্পৰ্শকাতৰ অঞ্চল নেফানী বা ন-পানী অঞ্চল।নগা পাহাৰৰ পৰা বৈ অহা দৈয়াং নৈৰ বুকুৱেদি শিলে-শিলে থেকা খাই নিগৰি অহা পানীৰ মনোমোহা দৃষ্টি-নান্দনিক পৰিৱেশৰ মাজত স-পৰিয়ালৰ সৈতে এসাঁজ খাবলৈ এতিয়া ভিৰ কৰিছেহি অগনন লোকে।ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা উক্ত অঞ্চলটিলৈ বনভোজৰ আনন্দ ল'বলৈ এই স্থানত উপস্থিত হয় ভিন্ন জন।আনহাতে অসম আৰু নগাৰাজ্যৰ লগত সংযুক্ত হোৱা ওলমা দলংৰ দৃশ্যই হয়তো মন মোহিব আপোনাৰো।ডিচেম্বৰ মাহৰ শেষৰটি সপ্তাহত পাহাৰ-ভৈয়ামৰ লোক সকলে একতাৰ এনাজৰীৰে এনেদৰেই ভিৰ কৰিছেহি এই বিশেষ স্পৰ্শ কাতৰ তথা বিবাদমান অঞ্চলটিত।

No comments