Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাটত , প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন : নিমাতি ঘাটৰ ব্ৰহ্মপুত্ৰত বিসৰ্জন দিয়া হব তৰুণ গগৈৰ অস্থি

ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,৭ ডিচেম্বৰ :  অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ  অষ্ঠী বিসৰ্জন দিয়াৰ উদ্দেশ্যে ৯ ডিচেম্বৰত  যোৰহাটৰ কাছাৰী ময়দানত...


ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,৭ ডিচেম্বৰ :  অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ  অষ্ঠী বিসৰ্জন দিয়াৰ উদ্দেশ্যে ৯ ডিচেম্বৰত  যোৰহাটৰ কাছাৰী ময়দানত  এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু সৰ্বধৰ্মীয়ৰ প্ৰাৰ্থনা অনুষ্ঠানৰ আয়োজন কৰিছে যোৰহাট জিলা কংগ্ৰেছ সমিতিয়ে । এই সন্দৰ্ভত যোৰহাটৰ  প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীয়ে কাছাৰী ময়দানৰ অস্থায়ী মণ্ডপত আজি  সংবাদমেল অনুষ্ঠিত কৰি কয় যে  মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈ সহ এটা দলে ৮ ডিচেম্বৰ দিনা গুৱাহাটীৰ পৰা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অস্থি লৈ উজনি অসমৰ অভিমুখে আহিব । আৰু ৯ ডিচেম্বৰত অনুষ্ঠিত হব লগা যোৰহাটৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰিব । সেইদিনা পুৱা প্ৰায় ৯:৩০ মান  বজাৰ পৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰম্ভ হব । উক্ত অনুষ্ঠানত  শ্ৰদ্ধাঞ্জলি চলি থকাৰ লগতে সৰ্বধৰ্মীয় প্ৰাৰ্থনা আৰু ভক্তিমূলক গীত পৰিৱেশনৰ অনুষ্ঠানো চলি থাকিব বুলি প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীয়ে উল্লেখ কৰে । আৰু তেওঁ কয় যে পৰৱৰ্তী সময়ত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভস্ম তথা অস্থি উজনিৰ সাত খন জিলালৈ যাবলগা অস্থি একেলগে সেইদিনা যোৰহাটৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ বেদীত স্থাপন কৰা হব ।  আৰু যোৰহাটৰ পৰা উজনিৰ জিলা সমূহে নি নিজৰ নিজৰ জিলাত বিসৰ্জন দিবলৈ নিব পাৰিব । সাংসদ গৌৰৱ গগৈ  সহ যোৰহাটৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলোৱে একেলগে  যোৰহাটৰ নিমাতি ঘাটলৈ  গৈ মহাবাহু ব্ৰহ্মপুত্ৰত অস্থি বিসৰ্জন দিয়া হব । ইয়াৰ পূৰ্বে যোৰহাটৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আৰম্ভণিতে প্ৰাক্তন মুখ্যমন্ত্ৰী জনৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন , গায়ন বায়নৰ  আদৰণিয়ে শ্ৰদ্ধাঞ্জলি অনুষ্ঠাণ কৰা আৰম্ভণি হব । আৰু ক্ৰমান্বয়ে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান চলি থাকিব । লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বন্ধুসকলক সম্বৰ্ধনা জনোৱা হব । উক্ত অনুষ্ঠানত দলীয় শীৰ্ষ নেতৃত্বৰ লগতে তেখেতৰ পৰিয়ালৰ  সদস্যসকলো উপস্থিত থাকিব বুলি সংবাদমেলত প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীয়ে উল্লেখ কৰে । সংবাদমেলত তৰুণ গগৈৰ ভাতৃ তথা প্ৰাক্তন সাংসদ দ্বীপ গগৈসহ জিলা কংগ্ৰেছৰ কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে ।

No comments