মুছলপুৰ,১৯ ডিচেম্বৰঃ বাক্সা জিলাৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান বৰমা মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱ উদযাপন অহা ৫ ফেব্ৰুৱাৰী ২০২১ ইং তাৰিখে আ...
মুছলপুৰ,১৯ ডিচেম্বৰঃ বাক্সা জিলাৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান বৰমা মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱ উদযাপন অহা ৫ ফেব্ৰুৱাৰী ২০২১ ইং তাৰিখে আয়োজন কৰা হৈছে বুলি আয়োজক সমিতিয়ে জানিব দিছে ৷ এই উপলক্ষে অসমীয়া, বড়ো আৰু ইংৰাজী আদি তিনিটা ভাষাত প্ৰকাশ পাবলগীয়া স্মৃতি গ্ৰন্থখনৰ বাবে ভিন্নজনৰ পৰা মহাবিদ্যালয়ৰ স্মৃতি বিজড়িত লেখা, অঞ্চলটোৰ ইতিহাস সম্বলিত নতুবা অন্যান্য বিদ্যায়তনিক শিক্ষা বিষয়ক মূল্যৱান লেখা বিচাৰিছে সম্পাদনা সমিতিয়ে। উক্ত লেখাসমূহ অহা ৩১ ডিচেম্বৰ তাৰিখৰ ভিতৰত পোৱাকৈ "বৰমা মহাবিদ্যালয়, ডাক-বৰমা, জিলা- বাক্সা(অসম), পিন-৭৮১৩৪৬, ফোন-৯৮৬৪৪৫৬৪৬৫, ৮৪৮৬৭৮৭৭৭৭৯" অথবা ই-মেইল যোগে dwipenmazumdar463@gmail. com- এই ঠিকনাত প্ৰেৰণ কৰিবলৈ আহ্বান জনাইছে ৷
No comments