ষ্টাফ ৰিপ'ৰ্টাৰ, নলবাৰী, ১২ ডিচেম্বৰঃ নলবাৰী জিলাৰ বৰবৰী ভলীবল প্ৰশিক্ষণ কেন্দ্ৰৰ উদ্যোগত আৰু অসম ভলীবল মিছন ১০০ ৰ সৌজন্যত বৰবৰী হাইস্...
ষ্টাফ ৰিপ'ৰ্টাৰ, নলবাৰী, ১২ ডিচেম্বৰঃ নলবাৰী জিলাৰ বৰবৰী ভলীবল প্ৰশিক্ষণ কেন্দ্ৰৰ উদ্যোগত আৰু অসম ভলীবল মিছন ১০০ ৰ সৌজন্যত বৰবৰী হাইস্কুল খেলপথাৰত আজি অনুষ্ঠিত হয় ব্ৰহ্মপুত্ৰ ভলীবল লীগ উদ্বোধনী অনুষ্ঠান। দিনৰ এঘাৰ বজাত ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ শুভ উদ্বোধন অনুষ্ঠান অনুষ্ঠিত হয়৷ উদ্বোধনী অনুষ্ঠানত নলবাৰী বিধান সভা সমষ্টিৰ বিধায়ক অশোক শৰ্মাই ক্ৰীড়াই মানুহক চৰিত্ৰবান কৰে আৰু তেতিয়া সুস্থ সমাজ গঢ়ি উঠে বুলি মন্তব্য কৰে৷ বিশিষ্ট সমাজকৰ্মী ,ক্ৰীড়া সংগঠক গণেশ তামূলীয়ে খেলৰ জৰিয়তে একতাৰ সৃষ্টি হয় আৰু একতাই শান্তি আনে বুলি মন্তব্য কৰে৷ ক্ৰীড়াৰ মাধ্যমেৰে মানুহ নিৰোগী হৈ থাকে বুলিও তেওঁ উল্লেখ কৰে৷ উদ্যোক্তা চন্দন চক্ৰৱৰ্তীয়ে আঁত ধৰা উদ্বোধনী অনুষ্ঠানটোত জিলা উপায়ুক্ত পূৰৱী কোঁৱৰ, ভলীবল দলৰ ভাৰতীয় দলৰ অধিনায়ক বিনীত চৌধুৰী, অসম ভলীবল মিচন ১০০ ৰ প্ৰধান উদ্যোক্তা তথা ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক অভিজিত ভট্টাচাৰ্য,নলবাৰী ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক মনোজ কুমাৰ চৌধুৰী, ক্ৰীড়া সংগঠক বলেন্দ্ৰ মোহন শৰ্মা, মহকুমা ক্ৰীড়া বিষয়া বিষ্ণু কলিতা,বৰক্ষেত্ৰী বিধান সভা সমষ্টিৰ বিধায়ক নাৰায়ন ডেকাৰ উপৰি ৰাষ্ট্ৰীয় খেলুৱৈ অবিনাশ যাদৱ, সৌৰভ টেমৰ, ৰাজীৱ টেমৰ, প্ৰাক্তন ৰাষ্ট্ৰীয় ভলীবল খেলুৱৈ ইউছুফ আলী, আয়োজক সমিতিৰ সভাপতি জ্যোতিমোহন কলিতা,সম্পাদক প্ৰভাত কাকতি,মুখ্য সমন্বয়ক দেৱজিৎ ডেকা,বিষয়ববীয়া দিবাকৰ ডেকা আদি উপস্থিত থাকে৷
No comments