Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ৰূপহীহাটৰ বৰঘাটত কংগ্ৰেছ-বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ; বি জে পি নেতা সহ আহত চাৰি জন

ফটো- ইন্টাৰনেট গণ বাৰ্তা, ৰূপহীহাট, ১৭ ডিচেম্বৰ: বিধান সভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তে ৰাজনৈতিক দলৰ নেতা-কৰ্মী সকলে নিজ নিজ দলৰ প্ৰচাৰ...

ফটো- ইন্টাৰনেট

গণ বাৰ্তা, ৰূপহীহাট, ১৭ ডিচেম্বৰ: বিধান সভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তে ৰাজনৈতিক দলৰ নেতা-কৰ্মী সকলে নিজ নিজ দলৰ প্ৰচাৰ তীব্ৰতৰ কৰি তোলাৰ লগতে ক্ৰমে হিংসাত্মক ৰূপ লোৱা দেখা গৈছে ।২০২১ ৰ বিধান সভা নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত ৰূপহীহাট সমষ্টিত দলীয় সংঘৰ্ষই উত্তপ্ত ৰূপ ধাৰণ কৰিছে। আজি ৰূপহীহাট উন্নয়ন খণ্ডৰ বৰঘাট গাওঁ পঞ্চায়তৰ সন্মূখত বি জে পিৰ  একাংশ কৰ্মীৰ ওপৰত কংগ্ৰেছী  বাহিনীয়ে আক্ৰমণ চলোৱাত সমষ্টিজুৰি উত্তপ্ত ৰূপ ধাৰণ কৰিছে।বিজেপি সংখ্যালঘু মৰ্চাৰ ৰূপহী মন্ডলৰ সভাপতি ছাজিবুল ইছলাম, আৰু তেওঁৰ তিনি জন সহযোগী ক্ৰমে মফিদুল ইছলাম, আৰিফুল ইছলাম, আজমলক পথ আগচি ধৰি কংগ্ৰেছী  বাহিনীয়ে দলবদ্ধ ভাৱে আক্ৰমণ চলায়।  পঞ্চায়ত সভানেত্ৰীৰ স্বামী আবুল কাচেম, শহুৰেক আবুল কালাম, প্ৰাক্তন সভাপতি আব্দুল তালেব ভূঞাৰ  অনুগত এক গুন্ডা বাহিনীয়ে চলায় আক্ৰমণ বুলি এজাহাৰ দাখিল কৰে । ৬-৭ জনীয়া কংগ্ৰেছী বাহিনীয়ে হাতে হাতে লাঠী চোকা অস্ত্ৰলৈ বি জে পি নেতা সহ তিনি  জন যুৱকৰ ওপৰত জপিয়াই পৰাত  যুৱক কেইজন গুৰুতৰ ভাৱে আহত হয়। ঘটনা সন্দৰ্ভত আৰক্ষীৰ ওপৰত এখনি এজাহাৰ দাখিল কৰিছে।ইপিনে কংগ্ৰেছৰ এখন দলীয় সভা সামৰি ঘৰমূৱা হোৱা সময়তে একাংশ বিজেপি কৰ্মীয়ে কংগ্ৰেছী দলটোক লক্ষ্যকৰি শিলগুটি দলিওৱাক কেন্দ্ৰকৰিহে ঘটনাটোৰ সুত্ৰপাত হয় বুলি কংগ্ৰেছী দলটোৱে জানিবলৈ দিয়ে ।

No comments