Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

৭৯.৮১ শতাংশ ভোটদানৰে গোসাঁইগাঁওত দ্বিতীয় পৰ্যায়ৰ বিটিচি নিৰ্বাচনৰ সমাপ্তি

গণ বাৰ্তা, গোসাঁইগাঁও, ১১ ডিচেম্বৰ: বিগত এপ্ৰিল মাহত সমাপ্ত হ'বলগীয়া বিটিচি পৰিষদীয় নিৰ্বাচনত কৰোনা মহামাৰীয়ে বিধি পথালি দিয়াৰ পিছত ...



গণ বাৰ্তা, গোসাঁইগাঁও, ১১ ডিচেম্বৰ: বিগত এপ্ৰিল মাহত সমাপ্ত হ'বলগীয়া বিটিচি পৰিষদীয় নিৰ্বাচনত কৰোনা মহামাৰীয়ে বিধি পথালি দিয়াৰ পিছত অৱশেষত বৃহস্পতিবাৰে সমাপ্ত হ'ল বিটিচি পৰিষদীয় নিৰ্বাচন। কৰোনা মহামাৰীৰ উপদ্ৰৱ শিথিল হোৱাৰ পিছত বিগত ন মাহৰ অন্তত সাত আৰু দহ ডিচেম্বৰ তাৰিখে দুটা পৰ্যায়ত অনুষ্ঠিত কৰা হয় এই নিৰ্বাচন। দ্বিতীয় পৰ্যায়ত বৃহস্পতিবাৰে গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত ছয়খনকৈ পৰিষদীয় সমষ্টিত নিৰ্বাচন অনুষ্ঠিত কৰা হয়। গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত ২ নং গুমা (মুকলি) সমষ্টি, ৩ নং শ্ৰীৰামপুৰ অজনজাতীয় সমষ্টি, ৪ নং জমদুৱাৰ জনজাতীয় সমষ্টি, ৫ নং সৰাইবিল জনজাতীয় সমষ্টি, ৬ নং কচুগাওঁ জনজাতীয় সমষ্টি আৰু ৮ নং দতমা জনজাতীয় সমষ্টি ৰ সৰ্বমুঠ ৪২৮ টা ভোট কেন্দ্ৰত নিৰ্বাচন অনুষ্ঠিত কৰা হয়। 

 গোসাঁইগাঁও জিলা নিৰ্বাচনী বিষয়াৰ তথ্য অনুসৰি ২ নং গুমা (মুকলি) সমষ্টিত ৮০.৬৫ শতাংশ, ৩ নং শ্ৰীৰামপুৰ অজনজাতীয় সমষ্টিত ৮০.১১ শতাংশ, ৪ নং জমদুৱাৰ জনজাতীয় সমষ্টিত ৮০.০৩ শতাংশ, ৫ নং সৰাইবিল জনজাতীয় সমষ্টিত ৭৮.৩৩, ৬ নং কচুগাওঁ জনজাতীয় সমষ্টিত ৮৯.৫০ আৰু ৮ নং দতমা জনজাতীয় সমষ্টিত ৮০.২২ শতাংশ ভোটাৰে তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰে। উল্লেখ্য যে বিভিন্ন সমষ্টিত সৰু সুৰা ঘটনাৰ বাহিৰে সকলো সমষ্টিত শান্তিপূৰ্ণ ভাৱে নিৰ্বাচন সমাপ্ত হয়। ৰাতি মহকুমা কাৰ্যালয়ত এটা ভোট কেন্দ্ৰৰ বেলট বাকচক কেন্দ্ৰ কৰি পৰিস্থিতি উত্তপ্ত হয়। তথ্য অনুসৰি ৩ নং শ্ৰীৰামপুৰ অজনজাতীয় সমষ্টিৰ ভোট কেন্দ্ৰ নং ৩৬, শ্ৰীৰামপুৰ হাইস্কুল (সোফাল)ৰ অধিষ্ঠাতা বিষয়াই ভোট গ্ৰহণ সমাপ্ত কৰি গোসাঁইগাঁও মহকুমাধিপতিৰ কাৰ্যালয় অভিমুখে ৰাওনা হয়। মহকুমাধিপতিৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ পিছত বিভিন্ন দলৰ সমৰ্থকে বেলট বাকচ খোলা বুলি প্ৰতক্ষ কৰে। ইয়াক লৈ পৰিস্থিতি উত্তপ্ত হয়। বিভিন্ন ৰাজনৈতিক দল-সংগঠনৰ নেতৃবৃন্দ, সমৰ্থকসকলে অধিষ্ঠাতা বিষয়াৰ আৰু তেওঁৰ সহকৰ্মীক প্ৰহাৰ কৰাৰ লগতে বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ লগে লগে উতপ্ত প্ৰতিবাদ কাৰীয়ে উক্ত ভোট কেন্দ্ৰটোৰ বেলট বাকচ ভাঙি বেলট পেপাৰসমুহ চিঙি পেলায়।  ইয়াক লৈ পৰিস্থিতি আৰু বিষম হয়। অৱশেষত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে শূন্যলৈ কেইবা জাই গুলি বৰ্ষণ কৰে। তাৰ পিছতহে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে। পৰৱৰ্তী সময়ত জিলা নিৰ্বাচনী বিষয়াৰ নিৰ্দেশ মৰ্মে শুক্ৰবাৰে উক্ত ভোট গ্ৰহণ কেন্দ্ৰটোত পুণঃ ভোটগ্ৰহণ কৰা কৰা হয়। উল্লেখ্য যে বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোটগণনা শনিবাৰে অনুষ্ঠিত কৰা হ'ব।

No comments