গণ বাৰ্তা বোকাজান, ১৬ ডিচেম্বৰঃ "সাহসী" শীৰ্ষক এক বেচৰকাৰী সংস্থাৰ তৰফৰ পৰা আজি কাৰ্বি আংলং জিলাৰ বোকাজান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত ...
গণ বাৰ্তা বোকাজান, ১৬ ডিচেম্বৰঃ "সাহসী" শীৰ্ষক এক বেচৰকাৰী সংস্থাৰ তৰফৰ পৰা আজি কাৰ্বি আংলং জিলাৰ বোকাজান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ডিম্বেশ্বৰ ঠাকুৰীয়াক কৰ'না যোদ্ধা বঁটা প্ৰদান কৰা হয়। আজি বোকাজান প্ৰেছ ক্লাৱত আয়োজিত এক বিশেষ সভাত সংস্থাটোৰ কেন্দ্ৰীয় সভানেত্ৰী তৃষ্ণা নাথে আনুষ্ঠানিকভাৱে আৰক্ষী বিষয়াগৰাকীক এই বঁটা প্ৰদান কৰে। উক্ত বঁটাত আছে গামোচা, চেলেং, সঁফুৰা, স্মাৰক আৰু সম্বৰ্ধনা পত্ৰ। আনহাতে, বোকাজান ৰন্ধন গেছ এজেঞ্চীৰ স্বত্বাধিকাৰী মংবাইচু থৌমুংক মৰণোত্তৰভাৱে আজি "সাহসী বঁটা" প্ৰদান কৰা হয়। উল্লেখ্য যে উক্ত বঁটাৰ বাবে পূৰ্বেই থৌমুংৰ নাম বাছনি কৰা হৈছিল যদিও ৫ ডিচেম্বৰত থৌমুঙৰ আকস্মিকভাৱে মৃত্যু হয়। বঁটা প্ৰদান অনুষ্ঠান আৰম্ভ হোৱাৰ প্ৰাকক্ষণত প্ৰয়াত মংবাইচু থৌমুং আৰু কালি অকালতে মৃত্যু হোৱা বোকাজানৰ কাৰ্যবাহী দণ্ডাধীশ আহংবাম বেমথৈ চানুৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনোৱা হয়। আনহাতে আজিৰ অনুষ্ঠানত বোকাজানৰ জেষ্ঠ সাংবাদিক থানেশ্বৰ নেওগ, বোকাজান প্ৰেছ ক্লাৱৰ সভাপতি-সম্পাদক ক্ৰমে ৰঞ্জিত বৰা আৰু সৰুজ মহন্তৰ লগতে প্ৰেছ ক্লাৱৰ সমূহ সদস্য উপস্থিত আছিল।
No comments