গণ বাৰ্তা, চাবুৱা, ২১ ডিচেম্বৰঃ অসম জাতীয়তাবাদী যুৱ পৰিষদ ডিমৰুগুৰি আঞ্চলিক সমিতিৰ উদ্যোগত আৰু লাইপুলি ডিমৰুগুৰি ৰাইজৰ সহযোগত আমন্ত্ৰণ মূলক...
গণ বাৰ্তা, চাবুৱা, ২১ ডিচেম্বৰঃ অসম জাতীয়তাবাদী যুৱ পৰিষদ ডিমৰুগুৰি আঞ্চলিক সমিতিৰ উদ্যোগত আৰু লাইপুলি ডিমৰুগুৰি ৰাইজৰ সহযোগত আমন্ত্ৰণ মূলক দিবা নৈশ প্ৰাইজমণি ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। ১৯ ডিচেম্বৰ তাৰিখে পুৱা ৯ বজাত পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি গিৰিণ বৰপাত্ৰগোঁহাইয়ে আৰু স্মৃতি তৰ্পণ কৰে যুটীয়া সম্পাদক নিৰঞ্জন ফুকনে। ইয়াৰ পাছতে লাইপুলি কাপ্তানচুক বৰ নামঘৰৰ বৰ গাঁও বুঢ়া তথা সমাজকৰ্মী সদ্যপ্ৰয়াত দূৰ্গা নেওগ দেৱলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে ইন্দিৰা গান্ধী হাইস্কুলৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক তৰুণ ৰাজখোৱাদেৱে । উক্ত অনুষ্ঠানত উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ তিনিচুকীয়া জিলাৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল নেওগ, শিক্ষক, কবি অমৃত ৰাজখোৱা, পৰিৱেশ সুৰক্ষা সমিতি অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ঋতুৰাজ বৰুৱাৰ লগতে ভকতবৃন্দ আৰু সমাজ জীৱনলৈ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা গণ্যমান্য ব্যক্তিসকল । ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা দেৱৰ সোৱঁৰণিত বৃক্ষৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰে পৰিৱেশ কৰ্মী ঋতুৰাজ বৰুৱাই। দিনৰ ১ বজাত ভলীবল প্ৰতিযোগিতা শুভাৰম্ভ আৰু উদ্বোধক হিচাপে উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক উদয়ন কুমাৰ গগৈ। উক্ত উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে বৰগুৰি আঞ্চলিক ক্ৰীড়া সংস্থাৰ সভাপতি জিতেন গগৈ, কাৰ্যকৰী সভাপতি কপিধৰ হাজৰিকা, জিলা ক্ৰীড়া সংস্থাৰ ভলীবল সম্পাদক ৰাজেন মৰাণ, খেল পৰিচালক কেশব চেতিয়া, দিব্যজ্যোতি বৰুৱা, যুৱ পৰিষদৰ জিলা সমিতিৰ বিষয়ববীয়া সকলৰ লগতে তিনিচুকীয়া আঞ্চলিক বিষয়ববীয়াসকল। ১২ টা দলে অংশগ্ৰহণ কৰা খেলখনত বিজয়ী দল পূণ্য আই টি আইক মানপত্ৰ ও বঁটা সহ নগদ ১০,০০১ টকা, বিজিত দল পানীতোলা নৱজ্যেতি সংঘক মানপত্ৰ বঁটাসহ নগদ ৫,০০১ টকা প্ৰদান কৰে উক্ত খেল খনত উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল কুমাৰ চুতীয়া, সাধাৰণ সম্পাদক উদয়ন কুমাৰ গগৈ, তিনিচুকীয়া জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক বিতুল চেতিয়া, সদৌ মৰাণ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মুনিন দুৱৰা, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ সাংগঠনিক সম্পাদক দিব্যজ্যোতি বৰুৱা, পানীতোলা আৰক্ষী চকীৰ আৰক্ষী বিষয়া বিষ্ণু পৰচাই, কবি , শিক্ষক অমৃত ৰাজখোৱা, মটক জনগোষ্ঠীৰ প্ৰবন্ধকাৰ ফটিক চন্দ্ৰ নেওগ, প্ৰাক্তন ৰাজ্যিক খেলুৱৈ চুচেন বৰুৱা, সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক উজ্জ্বল বৰুৱা, খেলুৱৈ টিংকু বৰুৱা, পূণ্য আই টি আই পৰিচালক গৌতম টাহু, ইন্দিৰা গান্ধী হাইস্কুলৰ অৱসৰ প্ৰাপ্ত শিক্ষক যাদৱ ৰাজখোৱা, মুলেন চেতিয়া, সমাজ সেৱক শৈলেন বৰুৱা, পানীতোলা স্পট একাডেমীৰ মৃদুপৱন চেতিয়া, আৰু বহু দল সংগঠনৰ বিষয়ববীয়া আৰু গণ্য মান্য ব্যাক্তি সকল উপস্থিত থাকে।
No comments